নামচাইত বিজেপি নেতাৰ পেট্ৰল ডিপোৰ কেচিয়াৰক অপহৰণ

গুলীত আহত গাড়ীচালক

0 14
শতাব্দ প্ৰিতিনিধ, তিনিচুকীয়া, ২৭ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মমং গাঁৱৰ এটা পেট্ৰল ডিপোৰ পৰা বুধবাৰে নিশা মাৰণাস্ত্ৰধাৰী যুৱকৰ দলে এজন কৰ্মচাৰীক অপহৰণ কৰাৰ লগতে আন এজনক গুলীয়াই গুৰুতৰভাৱে আহত কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উক্ত পেট্ৰল ডিপোটোৰ স্বত্বাধিকাৰ নামচাই জিলাৰ চংখামৰ বিজেপি দলৰ জিলা পৰিষদ সদস্য চাও জেনিয়া নামচুম বুলি প্ৰকাশ ৷ বুধবাৰে নিশা প্ৰায় ৭.৫০ বজাত পেট্ৰল ডিপোটোত প্ৰৱেশ কৰা অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত তিনিজনীয়া যুৱকৰ দলটোৱে ডিপোটোত কেচিয়াৰ হিচাপে কৰ্মৰত বিহাৰৰ মুজাফৰপুৰৰ দিনেশ কুমাৰ শৰ্মাক অপহৰণ কৰি নিয়ে ৷ ইফালে কেচিয়াৰজনক লগত লৈ যুৱকৰ দলটো ডিপোৰ পৰা ৰাওনা হোৱাৰ সময়ত আততায়ীৰ ওপৰত ফ্লাচ লাইটেৰে পোহৰ নিক্ষেপ কৰাৰ বাবে অপহৰণকাৰী দলে তিনি জাঁই গুলীচালনা কৰাত জিলা পৰিষদ সদস্য নামচুমৰ গাড়ীচালক মিঠাই মাৰাণ্ডী (২৮) গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান তেওঁ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ জানিব পৰা মতে অপহৰণকাৰীয়ে দিনেশ কুমাৰ শৰ্মাক পদব্ৰজে অসমৰ দিশে লৈ যায় ৷ এই ঘটনাৰ পাছতে অৰুণাচল আৰক্ষীয়ে সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সহযোগত অপহৃত দিনেশ কুমাৰ শৰ্মাৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰখাৰ উপৰি ঠায়েঠায়ে তালাচী চকী স্থাপন কৰিছে যদিও বাতৰি প্ৰেৰণৰ সময়লৈকে কোনো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীকো সষ্টম কৰি দিয়াৰ লগতে অসম-অৰুণাচল সীমান্তত নিৰাপত্তা বাহিনী অধিক মোতায়েন কৰা হৈছে ৷ ইফালে অপহৰণ কাণ্ডৰ লগত কোন উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও ৰূপম অসমৰ নেতৃত্বত আলফাৰ (স্বাধীন) দ্বাৰা এই অপহৰণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More