নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন

মূল বান্ধত বাঢ়নি পানীৰ প্ৰবল হেঁচা

0 28
শতাব্দ প্ৰতনিধি‍ লখিমপুৰ, ৩ এপ্ৰিলঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে চলিত বৰ্ষৰ জুন মাহৰ পৰা প্ৰকল্পটোৱে ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা সময়তে পুনৰ প্ৰকল্প স্থলীৰ সমীপত ভয়ংকৰ ভূমি…লনৰ ঘটনা সংঘটিত হৈছে৷ যাৰবাবে এন এইচ পি চি কতৃৰ্পক্ষই বাৰে বাবে প্ৰকল্পস্থলীত চাইৰেন বজাই সকলোকে সতৰ্ক কৰিবলৈ বাধ্য হৈছে৷ দেওবাৰে নিশাৰ পৰা আজি পুৱাৰ ভাগলৈ প্ৰকল্পটোৰ মূল বান্ধৰ কাষত সোঁপাৰৰ পাহাৰত ভয়ংকৰ ৰূপত  ভূমি…খলন হোৱাৰ লগতে সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মূল বান্ধত প্ৰবল হেঁচাৰ সৃষ্টি কৰিছে৷ বিগত বৰ্ষৰ বাৰিষাত প্ৰবল বৰষুণ, ভূমি…খলন আৰু সোৱণশিৰি নদীৰ খহনীয়াত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ব্যাপক ক্ষতি হৈছিল৷ এইবাৰ বাৰিষাৰ আৰম্ভণিতে বৰষুণ, ভূমি…খলন আৰু সোৱণশিৰি নদীৰ ৰুদ্ৰৰূপে প্ৰকল্পটোৰ নিৰ্মাণত প্ৰবল বাধাৰ সৃষ্টি কৰাত এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তা সকলো আতংকিত হৈ পৰিছে৷ সম্প্ৰতি সমগ্ৰ উত্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ আদি পাহাৰত হৈ থকা বৰষুণৰ লগতে  মাজে মাজে শিলাবৃষ্টিও ঘটিছে৷ ফলত সোৱণশিৰি নদীৰ বক্ষ ওফন্দি উঠিছে৷ পূৰ্বৰ তুলনাত দেওবাৰে বৰষুণৰ পৰিমাণ  অত্যাধিক বৃদ্ধি পোৱাৰ বাবেই পুনৰ প্ৰকল্পটোত অথন্তৰৰ সৃষ্টি হৈছে৷ প্ৰবল বৰষুণৰ ফলত দেওবাৰে মাজনিশাৰ পৰা প্ৰকল্পটোৰ মূল বান্ধৰ সোঁপাৰে ব্যাপক হাৰত ভূমি…খলন ঘটিছে৷ আজি দুপৰীয়া পৰ্যন্ত গেৰুকামুখত থুনুকা পাহাৰতো হুৰাহুৰে খহিয়ে আছে৷ পাহাৰ খহাৰ বিকট শব্দই শ্ৰমিক সকলক আতংকিত কৰি তোলাৰ লগতে বহু শ্ৰমিকে আজি  প্ৰকল্পটোত কাম নকৰি উভতি আহে৷ পাহাৰৰ ওপৰৰ পৰা খহি অহা বোকা আৰু বালিয়ে সোৱণশিৰি নদীৰ পানীত খুন্দা খাই বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি সমগ্ৰ মূল বান্ধৰ নিৰ্মাণস্থলী ধোঁৱলি-কোঁৱলি হৈ পৰিছে৷ বাতৰি লিখাৰ পৰলৈকে ভূমি…খলন হৈয়ে আছে৷বিগত বৰ্ষৰ বাৰিষা ভূমি…খলন তথা সোৱণশিৰি নদীৰ প্ৰবল খহনীয়াৰ ফলত প্ৰকল্পটোৰ ব্যাপক ক্ষতি হোৱাৰ সমান্তৰালভাৱে এখন পাহাৰৰ এফাল চূড়া সোৱণশিৰিৰ বুকুত চিৰকালৰ বাবে বিলীন হৈ যায় ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More