নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যা কৰিলে চোৰাংচিকাৰীয়েঃ গ্ৰেপ্তাৰ তিনি

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে ঢেকীয়াপতীয়া বাঘ এটা নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমী সংগঠনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, যোৱা আঠ জুলাইত কেন্দ্ৰীয় শুল্ক বিভাগে এক অভিযান চলাই ইটাখোলাৰ পৰা জব্দ কৰিছিল এটা ঢেঁকীয়পতীয়া বাঘৰ ছালসহ কংকালৰ বিভিন্ন অৱশিষ্ট৷ ইয়াৰ পাছতে এই গোচৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চমজি লয় আৰু যোৱা চাৰিদিন ধৰি তদন্ত অব্যাহত ৰাখে৷ আনহাতে ঘটনা সন্দৰ্ভত তিনিজনক আটক কৰাৰ লগতে এখন বলেৰ গাড়ীও জব্দ কৰা হৈছে৷ বাঘ হত্যাৰ ঘটনাটোৰে জড়িত মূল অভিযুক্ত বৰ্তমান পলাতক হৈ থকাৰ বিপৰীতে অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে ক্ষীপ্ৰ তদন্ত অব্যাহত আছে৷ এই অভিযুক্তক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, মূল অভিযুক্তৰ ঘৰৰ পৰা এটা হস্ত নিৰ্মিত বন্দুকো উদ্ধাৰ কৰিছে বন বিভাগে৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাফাৰ এলেকাত বিগত পাঁচ ছমাহ পূৰ্ৱে ঢেকীয়পতীয়াটোক গুলীয়াই হত্যা কৰা বুলি প্ৰকাশ কৰিছে বন বিভাগে৷ উল্লেখ্য যে হত্যা কৰা এই ঢেকীয়াপতীয়া বাঘটো যোৱা বৰ্ষত উমানন্দত আতংকৰ সৃষ্টি কৰা বাঘটো বুলি বন বিভাগৰ তথ্যত প্ৰকাশ পাইছে৷ যোৱা ডিচেম্বৰত এই বাঘটো উমানন্দত বন বিভাগে বন্দী কৰাৰ পাছত ইয়াৰ পৰা আনি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More