নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ এটা পৰিয়ালক

চূড়ান্ত হতাশাত ভূগিছে দুৰ্ভগীয়া পৰিয়ালটোৱে 

0 72

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৩ জুনঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ নাৰায়ণপুৰত ব্ৰয়লাৰ পোহাৰ বাবেই এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে৷ বিগত তিনিমাহ ধৰি অকলশৰে থকা পৰিয়ালটো এতিয়া চূড়ান্ত হতাশাত ভূগিছে৷ আজি এই কথা ভূক্তভোগী পৰিয়ালটোৰ একমাত্ৰ বোৱাৰী পম্পি হাজৰিকাই অতি দুখেৰে ব্যক্ত কৰে৷ নাৰায়ণপুৰ দুলীয়াপথাৰৰ প্ৰয়াত পূৰ্ণেশ্বৰ নেওগৰ পুত্ৰ সমীৰণ নেওগৰ পত্নী পম্পি হাজৰিকাই দুখেৰে কয় যে আজি তিনিমাহৰ পূৰ্বে পৰিয়ালটোৰ উপাৰ্জনৰ বাবে নিজৰ পুখুৰীৰ পাৰত এখন ব্ৰয়লাৰ ফাৰ্ম স্থাপন কৰে৷ সংস্থাপনৰ কোনো পথ নথকা পৰিয়ালটোৱে এই ফাৰ্মখন স্থাপন কৰাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুলীয়াপথাৰ প্ৰাথমিকে সমীৰণ নেওগৰ পৰিয়াললৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰখনত শংকৰ সংঘই পৰিয়ালটোক শংকৰ সংঘৰ অসাংবিধানিক [ব্ৰয়লাৰ পোহা] কাম কাজৰ বাবে অনিৰ্দিষ্ট কাললৈ সংঘৰ পৰা সংগ বিৰতি কৰা হ’ল বুলি উল্লেখ কৰে৷ এনেতে সমীৰণ নেওগৰ পৰিয়ালৰ এজন আত্মীয়ৰ মৃত্যু ঘটে৷ ফলত পৰিয়ালটোৱে উপায়ন্তৰ হৈ দুলীয়া পথাৰৰে বৈদিক পন্থাৰ কাষ চাপে৷ বৈদিক পন্থাই পৰিয়ালটোক শংকৰ সংঘৰ পৰা এখন দায়মুক্ত প্ৰমাণ পত্ৰ আনিলে বৈদিক পন্থাত অন্তৰ্ভুক্ত কৰা হ’ব বুলি অৱগত কৰে৷ কিন্তু যোৱা জেঠ মাহ ১০ তাৰিখেই সেই প্ৰমাণ পত্ৰ আনি দিয়াৰ পিছতো বৈদিক পন্থাই আহাৰৰ ১ তাৰিখ পৰ্যন্ত পৰিয়ালটোক অন্তৰ্ভুক্তি কৰা নকৰা সন্দৰ্ভত কোনো সদূত্তৰ নিদিলে৷ যাৰবাবে আজিও এই পৰিয়ালটো শুচি হ’ব পৰা নাই বুলি পম্পী হাজৰিকাই ব্যক্ত কৰি দুখ প্ৰকাশ কৰে৷ তেওঁৰ স্বামী সমীৰণ নেওগেও তেতিয়াৰে পৰা হতাশাত ভূগি অহা বুলি আজি খেদ প্ৰকাশ কৰে৷ ব্ৰয়লাৰ খোৱাৰ ক্ষেত্ৰত শংকৰ সংঘৰ বাধা নাই যদিও ব্ৰয়লাৰ পুহি আত্ম নিৰ্ভৰশীল হ’বলৈ যত্ন কৰা পৰিয়ালটোক কিয় এনেদৰে মানসিক আঘাত দিছে বুলি পম্পী হাজৰিকাই প্ৰশ্ন উত্থাপন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More