মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ প্ৰাকমুহূৰ্তত ভিতৰচ’ৰা

৫৭.৫৬ কোটি টকাৰ ব্যয়েৰে ১৩ বছৰত সম্পূৰ্ণ মাধৱদেৱ কলাক্ষেত্ৰ

0 353

WhatsApp Image 2023 05 09 at 7.08.53 PM 1শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৯ মে ঃ ২০০৮ চনতে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰখন কাইলৈ বুধবাৰে ৰাইজলৈ আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷WhatsApp Image 2023 05 09 at 6.55.01 PM 1 বাৰ বৈষ্ণৱৰ জন্মস্থান তথা মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত সুদীৰ্ঘ ১৩ বছৰৰ পাছত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ কাইলৈ পুৱা ১০ বজাত মুখ্যমন্ত্ৰীয়ে এই কলাক্ষেত্ৰ শুভ উদ্বোধন কৰিব৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ৫৭.৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে বদলা পদ্ম আতা সত্ৰৰ ৪৪.৮৬ বিঘা ভূমিত কেবাজনো ঠিকাদাৰে গড়কাপ্তানি গৃহ বিভাগৰ জৰিয়তে এই কলা ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াইছে৷WhatsApp Image 2023 05 09 at 7.08.53 PM কলাক্ষেত্ৰত মুঠ ১৪ টা ভৱন নিৰ্মাণ কৰা হৈছে৷ ইয়াৰে অডিটৰিয়ামৰ বাদে প্ৰায় ভৱন সমূহৰ কাম সম্পূৰ্ণ হৈ উঠিছে৷ বুধবাৰে মুখ্যমন্ত্ৰীয়ে মাধৱদেৱ কলাক্ষেত্ৰত পাণ্ডুলিপি ভৱন পৰিদৰ্শন কৰাৰ লগতে সংগ্ৰাহালয়, কলা-শিল্প কেন্দ্ৰ গৃহ, কীৰ্তন ঘৰ, নামঘৰ আদিত প্ৰৱেশ কৰিব৷WhatsApp Image 2023 05 09 at 7.08.56 PM মুখ্যমন্ত্ৰীয়ে পুৱা ৯-৩০ বজাত বদলা পদ্ম আতা সত্ৰত আনুষ্ঠানিক ভাৱে মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰাৰ পাছতে দুপৰীয়া ১২ বজাত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷

সবিশেষ জানিবৰ বাবে মাধৱদেৱ কলাক্ষেত্ৰ : আধাৰশিলাৰ পৰা উদ্বোধনলৈ…চাওক, ৭ মে শতাব্দত

WhatsApp Image 2023 05 09 at 7.08.52 PM

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More