মাধৱদেৱ কলাক্ষেত্ৰ : আধাৰশিলাৰ পৰা উদ্বোধনলৈ…

0 554

দাদুল দেৱকৃষ্ণ বৰুৱা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ ইজন সিজনৰ পৰিপূৰক। শংকৰ-মাধৱ যুটি উজ্জ্বল ৰত্ন দুটি— মণি আৰু কাঞ্চন; মণিকাঞ্চন। মহাপুৰুষ শংকৰদেৱৰ নামত গুৱাহাটীত প্ৰতিষ্ঠা হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ। অনুৰূপ ধৰণে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰতো মহাপুৰুষজনাৰ নামেৰে এখন কলাক্ষেত্ৰ নিৰ্মাণৰ দাবী উঠিল। ৰাইজৰ দাবী আৰু চৰকাৰৰ সঁহাৰিৰ পিছতে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ‘শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ’। অহা ১০ মে’ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব কলাক্ষেত্ৰখন। ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষত মুকলি কৰিবলৈ লোৱা এই কলাক্ষেত্ৰখনৰ সবিশেষ সামৰি ‘শতাব্দ’ৰ পাঠকৰ বাবে এই বিশেষ প্ৰতিবেদন।

inbound5996807945024971655উকমুকনি :

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ নামেৰে এখন কলাক্ষেত্ৰ হ’ব লাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত— নাৰায়পুৰীয়া ৰাইজৰ এই দাবী আছিল দীৰ্ঘদিনীয়া। ৰজাঘৰৰ সঁহাৰি অৱশ্যে পোৱা নাছিল। হঠাৎ দৃশ্যপটত আবিৰ্ভাৱ হ’ল এটা স্বেচ্ছাসেৱী অনুষ্ঠান— ‘সদিচ্ছা’। সদিচ্ছাই আৰম্ভ কৰিলে ‘মাধৱদেৱ বঁটা’ প্ৰদানৰ প্ৰশংসনীয় পদক্ষেপ। নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰথম বৰ্ষত কবি, গীতিকাৰ, শিক্ষাবিদ কেশৱ মহন্ত আৰু সকলোৰে পৰিচিত ড° বীৰেন্দ্ৰনাথ দত্তক প্ৰদান কৰা হ’ল এই বঁটা। সদিচ্ছাৰ গুৰি ধৰোঁতা আছিল ভূপেন কুমাৰ বৰা। পৰৱৰ্তী সময়ত ভূপেন কুমাৰ বৰা বিহপুৰীয়া সমষ্টিৰ বিধায়ক হ’ল। বৰাৰ নিৰ্বাচনী ইস্তাহাৰত আছিল মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি। সেই প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ মানসেৰে ২০০৭ চনৰ ২৩ মাৰ্চত উৎসৱমুখৰ পৰিৱেশত কৰা হ’ল কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

inbound1268145034034665240স্থান নিৰ্বাচন :

‘বঢ়াৰ পো’ নামে খ্যাত মাধৱ পুৰুষৰ জন্মস্থান লেটেকুপুখুৰীত এই কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে স্থানীয় ৰাইজে দাবী তুলিলে। তাঁতীবাহৰৰ দৈশিঙিয়া, খেৰাজখাত আদি এলেকাতো কলাক্ষেত্ৰ স্থাপনৰ দাবী উঠিল। ইফালে মাধৱদেৱে ঢেঁকীয়া শাকেৰে অমৃতোপম এসাঁজ অন্ন গ্ৰহণ কৰা থান ঢেঁকীয়াখোৱাত এই কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে স্থানীয় ৰাইজে দাবী জনালে। এই স্থানসমূহৰ পৰিৱৰ্তে সকলোতকৈ সুচল ঠাই হিচাপে নিৰ্বাচন কৰা হ’ল নাৰায়ণপুৰ পৌৰসভাৰ এক নম্বৰ ৱাৰ্ড। ইয়াতেই আছে মহাপুৰুষ মাধৱদেৱৰ গাৰ বদলেৰে উজনিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ধৰ্মাচাৰ্যৰ দায়িত্ব লাভ কৰা পদ্ম আতা প্ৰতিষ্ঠাপিত প্ৰথমখন সত্ৰ— বদলা সত্ৰ। এতোলা সোণৰ বিনিময়ত জমদগ্নি বামুনৰ পৰা আতাপুৰুষজনে লাভ কৰিছিল ৪৪ বিঘা মাটি। এই ‘কিনাভেটি’তে ১৬৩৬ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল বদলা বা বদুলা সত্ৰ। বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে (বৰ্তমান মৃত) সত্ৰৰ সমুদায় মাটি কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে দান হিচাপে আগবঢ়ালে। সত্ৰৰ আতাপুখুৰীৰ পাৰতে থকা পদ্ম আতাই নিজহাতে ৰোপণ কৰা বকুলজোপাৰ তলতে কৰা হ’ল কলাক্ষেত্ৰ নিৰ্মাণৰ শিলান্যাস। শিলান্যাস কৰি সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ঘোষণা কৰিলে— কলাক্ষেত্ৰৰ নিৰ্মাণ আগুৱাই নিবলৈ প্ৰথম পৰ্যায়ত মুকলি কৰি দিয়া হ’ব পাঁচ কোটি টকা।

inbound4749358411957995932নিৰ্মাণৰ গতি-প্ৰকৃতি :

‘সদিচ্ছা’ই আৰম্ভ কৰা মাধৱদেৱ বঁটা চৰকাৰীকৰণ হ’ল। মাধৱদেৱ কলাক্ষেত্ৰৰো নিৰ্মাণ আৰম্ভ হ’ল। কিন্তু এই নিৰ্মাণকাৰ্য আছিল অতি লেহেমীয়া। আতাগৃহ, আৰ্ট এণ্ড ক্ৰাফ্ট চেণ্টাৰ, পাণ্ডুলিপি ভৱন, অপেন থিয়েটাৰ, ফুড ক’ৰ্ট, প্ৰদৰ্শনী ষ্টল, চৌহদৰ বেৰা আদিৰ কামত হাত দিয়া হ’ল। কিন্তু নিৰ্মাণ আশানুৰূপ নহ’ল। স্বপ্নৰ কলাক্ষেত্ৰখন হৈ নুঠাত নাৰায়ণপুৰৰ ৰাইজ আশাহত হ’ল। ২০০৭ চনৰ পৰা ২০১৯ চন পালেহি। মাধৱদেৱ কলাক্ষেত্ৰ উকমুকৰ কণী হৈয়ে ৰ’ল। ২০১৯ চনৰ ১৬ আগষ্টত সেই সময়ৰ অসমৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা কলাক্ষেত্ৰখনৰ নিৰ্মাণ সম্পৰ্কে বুজ ল’বলৈ নাৰায়ণপুৰলৈ আহিল। তেওঁ পৰিদৰ্শন কৰিলে নিৰ্মাণকাৰ্য। পৰিদৰ্শনকালতে তেওঁ ঘোষণা কৰিলে— কলাক্ষেত্ৰৰ ক্ষিপ্ৰ নিৰ্মাণৰ বাবে চৰকাৰে শীঘ্ৰেই মোকলাই দিব ৩৫ কোটি টকা। সেই অনুসৰি ২০২০ চনৰ ১৪ অক্টোবৰৰ পৰা গুৱাহাটীৰ ‘ৰাজশেখৰ কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড’ নামৰ নিৰ্মাণ সংস্থাটোৱে চৰকাৰে অনুমোদন দিয়া কলাক্ষেত্ৰৰ নতুন আৰ্হিমতে দ্ৰুতগতিত নিৰ্মাণৰ কাম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হোৱা ড° হিমন্ত বিশ্বশৰ্মা নিৰ্মীয়মান কলাক্ষেত্ৰখনলৈ আহি নিৰ্মাণকাৰ্যৰ বুজ লয়হি।

inbound4829441479682007805
নিৰ্মীয়মান অৱস্থাত কলাক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ

নিৰ্মাণ ব্যয় :

কলাক্ষেত্ৰখন নিৰ্মাণৰ বাবে প্ৰথম পৰ্যায়ত মুকলি কৰি দিয়া হৈছিল ৫ কোটি টকা। তদুপৰি সেই সময়ত প্ৰচলিত BRGFৰ পুঁজিও ব্যৱহাৰ হৈছিল চৌহদ বেৰা নিৰ্মাণৰ কামত। দ্বিতীয় পৰ্যায়ত চৰকাৰে মোকলাই দিছিল ডেৰ কোটি টকা। তৃতীয় পৰ্যায়ত ৩৫ কোটি টকা আৰু তাৰ পৰৱৰ্তীত ৮ কোটি টকা ৰাজ্য চৰকাৰে আৱণ্টন দিয়ে মহাপুৰুষ মাধৱদেৱৰ নামত নিৰ্মাণ কৰা কলাক্ষেত্ৰখনৰ বাবে।

YouTubeত উপলব্ধ ‘শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ’ৰ আৰ্হি—

inbound2182994188486155237
শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ নক্সা

কি আছে কলাক্ষেত্ৰখনত :

ইতিমধ্যে উল্লেখ কৰা হৈছে যে বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দানসূত্ৰে আগবঢ়োৱা ৪৪ বিঘা মাটিত ‘শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ’ নিৰ্মাণ কৰা হৈছে। যিহেতু পূৰ্বৰে পৰা এই ভূমিত বদলা সত্ৰ অৱস্থিত, গতিকে সত্ৰখনৰ কোনো হৰণ ভগন নোহোৱাকৈ কলাক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে। সেই অনুসৰি পূৰ্বৰ সত্ৰৰ ৰূপ সলাই চকুত লগাকৈ নিৰ্মাণ কৰা হ’ল সত্ৰৰ কীৰ্তনঘৰ আৰু মণিকূট। নিৰ্মাণ কৰা হ’ল আতাগৃহ আৰু সত্ৰৰ দক্ষিণ হাটী। কীৰ্তনঘৰৰ কাষতে থকা আতাপুখুৰীক দিয়া হ’ল নতুন ৰূপ। এয়া আছিল পূৰ্বৰে পৰা থকা সত্ৰৰ সম্পদৰ নতুন ৰূপদান। সত্ৰীয়া পৰিৱেশ অটুত ৰখাৰ পিছতে কলাক্ষেত্ৰখনত নিৰ্মাণ কৰা হৈছে দুটা দিশত দুখন সুদৃশ্য তোৰণ। নিৰ্মাণ কৰা হৈছে পাণ্ডুলিপি ভৱন আৰু পুথিঘৰ— য’ত বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হ’ব পুৰণি পুথি-পাজি। আছে শীত-তাপ নিয়ন্ত্ৰিত ৭৫০খন আসনযুক্ত প্ৰেক্ষাগৃহ— য’ত থাকিব সভা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজনত ব্যৱহৃত সকলোবোৰ অত্যাধুনিক ব্যৱস্থা। আছে বিশাল অপেন থিয়েটাৰ— য’ত প্ৰদৰ্শন হ’ব বিভিন্ন লোককৃষ্টি আৰু হ’ব মুকলি সভা। কলাক্ষেত্ৰখনত নিয়োজিত কৰ্মচাৰীৰ বাবে আছে কাৰ্যালয় গৃহ। দৰ্শনাৰ্থীৰ বাবে নিৰ্মাণ কৰা হৈছে আহাৰ গ্ৰহণৰ থলী ফুডক’ৰ্ট। বিভিন্ন কলা আৰু শিল্পকৰ্মৰ বাবে নিৰ্মাণ কৰা হৈছে আৰ্ট এণ্ড ক্ৰাফ্ট চেণ্টাৰ। অতিথিৰ বাবে নিৰ্মাণ কৰা হৈছে সকলো সুবিধাযুক্ত অতিথিশালা। শিশুসকলৰ খেলা-ধূলাৰ বাবে নিৰ্মাণ কৰা হৈছে শিশু উদ্যান। লগতে আছে শিশুৰ বাবে জিৰণি ঘৰ। নিৰ্মাণ কৰা হৈছে বিভিন্ন প্ৰাচীন সম্পদ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে সংগ্ৰহালয়। কলাক্ষেত্ৰ চৌহদতে আছে তাত নিয়োজিত সুৰক্ষাকৰ্মীৰ বাবে প্ৰয়োজনীয় আবাস। মূল প্ৰৱেশদ্বাৰৰ কাষত আছে টিকটঘৰ আৰু যান-বাহন ৰখোৱাৰ সুব্যৱস্থা।

inbound9170439013271378251
কলাক্ষেত্ৰৰ কেন্দ্ৰস্থলত অৱস্থিত বদলা সত্ৰৰ কীৰ্তনঘৰ আৰু মণিকূট

কিদৰে আহিব পাৰি :

‘শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ’লৈ যাতায়ত ব্যৱস্থা অতিকে সুচল। নাৰায়ণপুৰৰ নগৰৰ মাজমজিয়াত অৱস্থিত এই কলাক্ষেত্ৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দূৰত্ব মাথোঁ ২০০ মিটাৰ। যিকোনো ৰাজহুৱা বাহনৰ পৰা নামি অতি সহজেই খোজকাঢ়ি যাব পাৰি কলাক্ষেত্ৰখনলৈ। ব্যক্তিগত বাহন বা ডাঙৰ বাছ আদিৰে গৈ ৰ’বগৈ পাৰি কলাক্ষেত্ৰৰ পাৰ্কিং প্লেচত। ৰে’লযোগে আহিলে নিকটৱৰ্তী তাঁতীবাহৰ ষ্টেচনৰ পৰা কলাক্ষেত্ৰলৈ দূৰত্ব প্ৰায় ৫ কিলোমিটাৰ। হাৰমতী জংচনত নামিও বাছেৰে আহিব পৰা যায় কলাক্ষেত্ৰখনলৈ।

inbound3676271955082305726
কলাক্ষেত্ৰৰ পূব দিশৰ মূল তোৰণ

উদ্বোধনৰ আয়োজন :

অহা ১০ মে’ত উদ্বোধন কৰা হ’ব ‘শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ’। ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি কলাক্ষেত্ৰখন উদ্বোধনৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। নাৰায়ণপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বিশাল জনসভা। প্ৰকাশ পাব কলাক্ষেত্ৰখন উদ্বোধন কৰা উপলক্ষত ‘মণিকাঞ্চন’ শীৰ্ষক স্মৃতিগ্ৰন্থ। উল্লেখ্য যে ১০ মে’ত কলাক্ষেত্ৰখন উদ্বোধন কৰা হ’ব যদিও কলাক্ষেত্ৰখনৰ নিৰ্মাণ প্ৰায় ৯০ শতাংশহে সম্পূৰ্ণ হৈছে। নিৰ্মাণৰ দায়িত্বত থকা সংস্থাটোৰ কৰ্মচাৰীৰ পৰা জানিব পৰামতে উদ্বোধনৰ কেইটামান মাহৰ ভিতৰতে বাকী থকা ১০ শতাংশ কাম সম্পূৰ্ণ হ’ব।

inbound5441824274959271191
শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰৰ ক’ত কি আছে…
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More