নাৰী মুক্তি আৰু নাৰী সৱলীকৰণৰ তেজপুৰৰ অন্যতম গান্ধীবাদী নেত্ৰী হেমলতা বৰুৱাৰ দেহাৱসান

সংগ্ৰামী জীৱনৰ বিৰল আদৰ্শৰ বিদুষীৰ মৃত্যুত শোকাচ্ছন্ন তেজপুৰ - শোণিতপুৰ

0 75
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ ফেব্ৰুৱাৰীঃ তেজপুৰৰ নাৰী .সৱলীকৰণৰ অন্যতম গান্ধীবাদী নেত্ৰী, তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা, সভানেত্ৰী, উপদেষ্টা, এসময়ৰ কৃতী শিক্ষয়িত্ৰী তেজপুৰ চহৰৰ ডালিম বৰা পথৰ নিউ আমোলাপট্টি নিবাসী হেমলতা বৰুৱাৰ কালি নিশা প্ৰায় ১২-৩০ বজাত প্ৰায় ৯৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, নাৰীৰ সকলো দিশৰ সৱলীকৰণৰ সপোন দেখি চৰকাৰী বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰি ইস্তাফা দি নাৰী শক্তিক একত্ৰিত কৰি বয়ন শিল্পৰে স্বাৱলম্বীতাৰ পথ দেখুৱা তথা তেজপুৰৰ প্ৰথমখন বেচৰকাৰী খণ্ডৰ বিদ্যালয় শিশু ভাৰতীৰ প্ৰতিষ্ঠা কালৰ শিক্ষয়িত্ৰী হেমলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৮ চনৰ ৫ নবেম্বৰত ছিপাঝাৰত। প্ৰয়াত ৰাজহ চিৰস্তাদাৰ অম্বিকা চৰণ বৰুৱা আৰু শতৰূপা বৰুৱাৰ দ্বিতীয় সন্তান হেমলতা বৰুৱাই ১৯৪৭ চনত তেজপুৰ অসমীয়া মজলীয়া ছোৱালী স্কুলত সহঃশিক্ষয়িত্ৰী ৰূপে যোগদান কৰাৰ পিছত ১৯৫০-৫১ নগাওঁ মিচন স্কুলত শিক্ষয়িত্ৰীৰ মন্টেছৰী প্ৰশিক্ষণ লৈ  উভতি আহি চৰকাৰী শিক্ষয়িত্রী পদৰ পৰা ইস্তাফা দিয়ে আৰু ১৯৫৪চন তেজপুৰ মহিলা সমিতিৰ শিশু ভাৰতী স্কুলত যোগদান কৰে।  একে সময়তে ১৯৫৮-৮৫ চনত তেজপুৰ মহিলা সমিতিৰ অন্তৰ্গত সমবায় শিপিনী সংঘৰ সম্পাদিকা হিচাপে নিযুক্ত হয়। ১৯৫৮-৮৫ চনলৈ-একেৰাহে এই পদত কাৰ্য্যনিৰ্বাহ কৰি ১৯৮৬ চনত শোণিতপুৰ জিলা মহিলা বোৱা কটা সমবায় সমিতিত নির্বাচিত সম্পাদিকা হিচাবে কাৰ্য্যভাৰ গ্রহণ কৰাৰ লগতে তেজপুৰ জিলা মহিলা সমিতিৰ বিভিন্ন কাম চোৱা চিতা কৰাৰ অবৈতনিক হিচাবে যোগদান কৰে। ১৯৮৮ চনত তেজপুৰ জিলা মহিলা সমিতিৰ অক্সেম আমেৰিকাৰ সৌজ্যনত চুুপাৰভাইজৰ হিচাবে নিযুক্তি লাভ কৰি তেজপুৰ জিলা সমিতিৰ অধিনষ্ঠ প্রাথমিক সমিতিত গাহৰি পালন আৰু ৬ খন প্রাথমিক সমিতিত পাট পলু পোহাৰ প্ৰশিক্ষণৰ কাম চলাই আৰু ১৯৯১চন-হেন্দলুম কমিচনৰ পৰা পোৱা অৰ্থ সাহাৰ্য্যত তাঁত শিল্পৰ ডিজাইনাৰ হিচাবে নিযুক্তি লাভ কৰাৰ লগতে ৫ বছৰীয়া হেন্দলুমৰ ট্ৰেইনিং কাম প্ৰডাকচন চেন্টাৰতো ডিজাইনাৰ হিচাবে কাৰ্য্যনিবাহ কৰে।ইয়াৰ মাজতেই ১৯৭৫ চনৰ পৰা ২০০৪ চনলৈ তেজপুৰ মহিলা সমিতিৰ সম্পাদিকা, ২০০৮ চনৰ পৰা ২০১২ চনলৈ সভানেত্ৰীৰ পদত হৈ থকাৰ মাজতে ১৯৯৩ চনত তেজপুৰ জিলা মহিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সমিতিয়ে আকৌ তেজপুৰ জিলা মহিলা সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰীৰ পদত নিযুক্তি দিয়ে। আনহাতে ২০০৪ চন-অক্টোবৰ মাহৰ ১০ তাৰিখে তেজপুৰ জিলা মহিলা সমিতিৰ সভানেত্ৰীৰ পদত আসীন হৈ তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিক ৰাজ্যখনৰ ভিতৰতে অগ্ৰনী স্হানলৈ উন্নীত কৰোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। চন্দ্র প্ৰভা শইকীয়ানী, চন্দ্র বালা বৰুৱা, মিনা আগৰৱালা আদিৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ওৰেটো জীৱন নাৰী মুক্তি আৰু নাৰীৰ সকলো প্ৰকাৰৰ সৱলীকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা হেমলতা বৰুৱাই ২০০৮ অক্টোবৰ মাহৰ ১৭ -১৮ তাৰিখে ২ দিনিয়াকৈ পতা বার্ষিক সভাত সভানেত্ৰী পদৰ পৰা অৱসৰ গ্ৰহণ কৰি উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰে। উল্লেখ্য যে, দুবাৰকৈ অসম প্রাদেশিক মহিলা সমিতিৰ বাৰ্ষিক সম্মিলন তেজপুৰত আয়োজন কৰা, ডেনমাৰ্কৰ অৰ্থ সাহায্যত শোণিতপুৰ জিলাৰ বানপানীত আক্ৰান্ত দুৰ্গত লোকৰ মাজত সা সামগ্ৰী বিতৰণ, ১৫০ খন প্রাথমিক মহিলা সমিতি গঠন, ৭৫ খন সঞ্চয় সমিতি গঠনকে ধৰি আন সাহাৰ্য্য বিভাগৰ দ্বাৰা দুৰ্গত নিৰ্যাতিতা ১৫০০ ৰো অধিক মহিলাক নিৰ্য্যাতন দূৰ কৰা, দুখীয়া বিধবা আৰু অবিবাহিত শিপিনী দ্বাৰা সমিতিৰ কাৰখানা গৃহত পাট-মুগা, এৰি আৰু কটন কাপোৰৰ উৎপাদন কৰি অসমৰ বাহিৰেও ভাৰত তথা বিদেশতো অতি চমকপ্ৰদ বস্ত্ৰ সামগ্ৰী বিক্ৰী কৰি লাভ অৰ্জনেৰে যথেষ্ট সুনাম কঢ়িয়াই অনা হেমলতা বৰুৱাই ১৯৭৫ চনৰ পৰা কাটিং ট্রেইলৰিং আৰু এম্ব্ৰডায়ৰী প্ৰশিক্ষণ চলাইও কৃতীত্ত্ব অৰ্জন কৰিছিল। হেমলতা বৰুৱাৰ তৎপৰতাতে ২০০৭ চনত তেজপুৰ জিলা মহিলা সমিতিয়ে মাদাৰ এন জি ওৰ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছিল । শোণিতপুৰ জিলাৰ ভিতৰুৱা অঞ্চলৰ শিশু আৰু মহিলা সকলৰ স্বাস্থ্য তথা মানসিক উন্নতিৰ বাবে ৪টা কেন্দ্ৰ গঢ়ি তুলি তত্বাবধায়কৰ দ্বাৰা কাম চলাই  স্বাধীনতা আন্দোলনৰ সভা সমিতি আদিত প্ৰায়ে যোগদান কৰি আৰু একেৰাহে ১৯৪৭ চনৰ পৰা ১৯৫৪চনৰ এপ্ৰিল মাহলৈ তেজপুৰৰ চৰকাৰী এম ভি স্কুল আৰু মে মাহৰ পৰা (১৯৫৪) ২০০৮ চনৰ নবেম্বৰ মাহলৈ সুদীৰ্ঘ কৰ্মজীৱনৰ সামৰণি পেলোৱা বিদুষী মহিলা গৰাকী ১৯ ৫৮ চনৰ পৰা ১৯৮৫ চনলৈকে সুদীৰ্ঘ ২৭ বছৰ কাল তেজপুৰ মহিলা সমবায় শিপিনী সংঘৰ সম্পাদিকাৰ দায়িত্বত থাকি ত্যাগ আৰু সংগ্ৰামৰ প্ৰোজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। তেজপুৰ মহিলা সমিতি আৰু তেজপুৰ জিলা মহিলা সমিতিক সমগ্ৰ ভাৰততে বিখ্যাত কৰি তোলা হেমলতা বৰুৱা শেহতীয়াকৈ বাৰ্ধক্যজনিত  ৰোগত আক্ৰান্ত হৈ কালি নিশা শেষ নিশ্বাস ত্যাগ কৰাত তেজপুৰ, শোণিতপুৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে।তেজপুৰৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজতে অতি জনপ্ৰিয় এইগৰাকী সংগ্ৰামী, গান্ধীবাদী জীৱন – আদৰ্শৰ সৰবৰহী মহিলাৰ মৃত্যুৰ সংবাদ পোৱাৰ পিছতেই আজি পুৱা বাসগৃহতে অসংখ্যজনে নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা বিশেষভাৱে সম্বৰ্ধিত হোৱাৰ লগতে ৰাজহুৱা জীৱনত বিভিন্ন সন্মানৰ উপৰি ২০২১ বৰ্ষত তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্রপ্ৰভা শইকীয়ানী অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে তিলোত্তমা বৰুৱা স্মৃতি বঁটা লাভ কৰা হেমলতা বৰুৱাৰ নশ্বৰ দেহত বাসগৃহতে শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়া পংকজ বৰা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, তেজপুৰ জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী, বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞা, বৰ্তমানৰ সভানেত্ৰী – সম্পাদিকা ড০ কৃষ্ণা শৰ্মা, মানসী দত্ত, কবি লেখিকা ৰাজু বৰুৱা,তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেন দাস, বিশ্ববিদ্যালয়খনৰ চন্দ্র প্ৰভা শইকীয়ানী মহিলা অধ্যয়ন কেন্দ্ৰৰ অধ্যাপিকা ডঃ মাধুৰীমা গোস্বামী, জেষ্ঠ অধিবক্তা অনন্ত গোস্বামী, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, যুৱ সমাজকৰ্মী হিৰণ্য ভূঞা,  তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, বাণ থিয়েটাৰৰ মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, কন্ঠশিল্পী দুৰ্গাময়ী বৰা, ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া ধৰি বিশিষ্ট ব্যক্তি আৰু অনুষ্ঠানৰ প্ৰতিনিধিয়ে  শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত ঘৰৰপৰা চুবুৰীৰ দ’লগুৰি ৰাজহুৱা শ্মশানত বিধায়ক পৃথ্বিৰাজ ৰাভাকে ধৰি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ভতিজাক দিগন্ত বৰুৱাৰ দ্বাৰা মুখাগ্নিৰে শেষ কৃত্য সম্পন্ন কৰা হয়। আনহাতে এইগৰাকী বিদুষীৰ মৃত্যুত তেজপুৰৰ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া, প্ৰাক্তন সভাপতি ড০ স্বাধীনতা মহন্ত, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ,সদৌ অসম সাংবাদিক সংন্থা, শোণিতপুৰ প্ৰেছ ক্লাব, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More