নিৰ্বাসিত নেতা

0 79

দাদুল দেৱকৃষ্ণ বৰুৱা

গণ প্ৰতিবাদৰ পিছত শ্ৰীলংকাই পালে নতুন ৰাষ্ট্ৰপতি। কিন্তু আগৰজন ৰাষ্ট্ৰপতি—পদচ্যুত গোটাবায়া ৰাজাপাকছা; তেওঁৰ কি দশা হ’ব? যোৱা ১৩ জুলাইত ৰাজাপাকছা দেশ এৰি মালদ্বীপলৈ পলাই গৈছিল, তাৰ পিছত বিমানেৰে ছিংগাপুৰলৈ যায়। তাৰ পৰাই তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু তেওঁ তাত থাকিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। শ্ৰীলংকাৰ কেবিনেটৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁ ঘৰলৈ উভতিব। কিন্তু এটা সংগঠনে ছিংগাপুৰৰ এটৰ্নী জেনেৰেলৰ ওচৰত অপৰাধমূলক এজাহাৰ দাখিল কৰি শ্ৰীলংকাৰ ৰক্তাক্ত গৃহযুদ্ধৰ সময়ত তেওঁৰ ভূমিকাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইয়াৰ পূৰ্বে তেওঁ চৌদি আৰব বা সংযুক্ত আৰব আমিৰশ্বাহীলৈ যাব পাৰে বুলি খবৰ ওলাইছিল।

এখন দেশৰ পদচ্যুত নেতাই আন এখন দেশত আশ্ৰয় লয়— এয়া সমূলি বিৰল ঘটনা নহয়। বিশ্বত এনে ঘটনা সঘনাই ঘটি থাকে। যোৱা আগষ্টত আফগানিস্তানত তালিবানে কাবুল দখল কৰাৰ সময়ত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানী দেশ এৰি পলায়ন কৰিছিল। তেওঁ এতিয়া নিৰ্বাসনত বসবাস কৰি আছে। আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক এবেল এস্ক্ৰিবা ফ’লচ আৰু ডেনিয়েল ক্ৰেমাৰিচে এটা হিচাপ আগবঢ়াইছিল যে ১৯৪৬ চনৰ পৰা ২০১২ চনলৈকে ১৮০ জনতকৈ অধিক ৰাষ্ট্ৰনেতা নিৰ্বাসনলৈ যাবলৈ বাধ্য হৈছিল। ইতিহাসৰ এনে কিছু প্ৰভাৱশালী নেতাৰ বিষয়েই ইয়াত আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।

  • দালাই লামা
    ১৯৫৯ চনত চীনৰ পৰা নিৰ্বাসিত হৈ ভাৰতত আশ্ৰয় লৈছিল তিব্বতৰ ধৰ্মগুৰু তথা নেতা দালাই লামা। তেওঁ এতিয়াও ভাৰততে আছে। তিব্বতত চীনা শাসনৰ বিৰুদ্ধে হোৱা বিদ্ৰোহক চীনে হিংসাত্মকভাৱে দমন কৰিছিল বাবেই দালাই লামা আহি ভাৰতত আশ্ৰয় লৈছিল। ভাৰতে দালাই লামাক আশ্ৰয় দিয়াৰ সিদ্ধান্ত বিশ্বৰ দুয়োখন জনবহুল ৰাষ্ট্ৰৰ মাজত সংঘাতৰ স্থায়ী উৎস হৈ পৰিছে। চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লায়ে তিব্বতৰ বৌদ্ধ নেতা দালাই লামাক আশ্ৰয় নিদিবলৈ ভাৰতক সকীয়াই দিছিল। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইয়াক আওকাণ কৰিলে। ভাৰতীয় ৰাজনীতি বিজ্ঞানী মাধৱ নলাপাটে কয় যে দিল্লীৰ প্ৰতি চীনৰ অবিশ্বাসৰ মূলতে আছে দালাই লামা সন্মানীয় অতিথি হিচাপে ভাৰতত দশক দশক ধৰি বসবাস কৰি থকাটো। চীনৰ প্ৰধানমন্ত্ৰীৰ অনুৰোধ নাকচ কৰি নেহৰুৱে লোৱা সিদ্ধান্ত এটা ডাঙৰ পৰিঘটনা আছিল আৰু দালাই লামাক আদৰণি জনাই চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্কক তিক্ত কৰাৰ প্ৰতিক্ৰিয়া আজিও আছে।
  • আয়াতুল্লাহ খোমেইনী আৰু ইৰাণৰ শ্বাহ
    ১৯৭৯ চনৰ ইৰাণত ইছলামিক বিপ্লৱৰ সময়ত এজন নিৰ্বাসনলৈ যায় আৰু আনজন একে সময়তে নিৰ্বাসনৰ পৰা উভতি আহিছিল। ৰুহুল্লাহ খোমেইনী আছিল এজন ধৰ্মীয় নেতা যিয়ে ইৰাণৰ শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ পশ্চিমীয়া সমৰ্থক শাসনৰ বিৰোধিতা কৰিছিল আৰু অৱশেষত ইৰাণ ইছলামিক ৰিপাব্লিক প্ৰতিষ্ঠা কৰিছিল। ইৰাণৰ পৰিচয় আৰু ৰাষ্ট্ৰৰ গতিপথক লৈ দুয়োৰে মাজত হোৱা সংঘাতে দুয়োকে নিৰ্বাসনলৈ ঠেলি দিলে। শ্বাহে নিৰাপদ আশ্ৰয় বিচাৰি পোৱাত অসুবিধাই হয়তো পলায়নৰ পিছত আন নেতাসকলৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰিব। শ্বাহৰ শাসনৰ তীব্ৰ বিৰোধিতাৰ বাবেই ১৯৬৪ চনত খোমেইনী নিৰ্বাসনলৈ যায়। তেওঁ প্ৰথমে তুৰস্ক, তাৰ পিছত ইৰাক আৰু শেষত ফ্ৰান্সলৈ গৈছিল। তাৰ পৰাই তেওঁ নিজৰ সমৰ্থকসকলক শ্বাহক উৎখাত কৰিবলৈ আহ্বান জনায়। দেশজোৰা দাঙ্গা, ধৰ্মঘট, প্ৰতিবাদৰ মাজতে ১৯৭৯ চনৰ জানুৱাৰী মাহত ইৰাণৰ অজনপ্ৰিয় শ্বাহৰ পতন ঘটে। তেওঁ আৰু তেওঁৰ পৰিয়ালে দেশ এৰি পলায়ন কৰে। ফেব্ৰুৱাৰী মাহৰ এদিন খোমেইনী বিজয়ী হৈ ইৰাণলৈ উভতি আহে। একেখন বিমানত থকা সাংবাদিকসকলৰ ভিতৰত আছিল বিবিচিৰ জন চিম্পছন। বিমানখন গুলীয়াই পেলোৱা হ’ব পাৰে বুলি ভয় খাইছিল। ইয়াৰ পিছত ইৰাণত গণভোট অনুষ্ঠিত হয় আৰু খোমেইনীয়ে জয়লাভ কৰি দেশখনৰ আজীৱন ৰাজনৈতিক আৰু ধৰ্মীয় নেতা হৈ পৰে। আনহাতে শ্বাহ আৰু তেওঁৰ পত্নী সম্ৰাজ্ঞী ফাৰাহ প্ৰথমে ইজিপ্তৰ আছৱানলৈ গৈছিল। চৰকাৰী বাতৰি অনুসৰি শ্বাহ তালৈ গৈছিল ‘ছুটী আৰু চিকিৎসাৰ বাবে’। ইয়াৰ পিছত তেওঁ মৰক্কো, বাহামা, মেক্সিকো, আমেৰিকা আৰু পানামাত কিছু সময়ৰ বাবে থাকে। অৱশেষত ১৯৮০ চনৰ ২৭ জুলাইত কাইৰোত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। শ্বাহ চিকিৎসাৰ বাবে আমেৰিকালৈ যোৱাৰ খবৰ পাই ইৰাণৰ প্ৰতিবাদকাৰীয়ে তেহৰাণত থকা আমেৰিকাৰ দূতাবাসত আক্ৰমণ চলায় আৰু আমেৰিকাৰ কূটনৈতিক বিষয়াসকলক পণবন্দী কৰি লয়। ৪০০ দিনতকৈ অধিক সময় ধৰি চলিছিল পণবন্দী সংকট। ১৯৮৯ চনলৈকে ইৰাণক সৰ্বোচ্চ নেতা হিচাপে শাসন কৰিছিল খোমেইনীয়ে। সেই বছৰৰ ৪ জুনত তেওঁৰ মৃত্যু হয়।
  • ইদি আমিন
    কেতিয়াবা কঠোৰতম একনায়কত্ববাদীসকলেও নিৰাপদ আশ্ৰয় বিচাৰি পায়। উগাণ্ডাৰ ইদি আমিন তাৰ ভিতৰত অন্যতম। তেওঁ এজন সামৰিক নেতা আছিল আৰু ১৯৭৯ চনত উগাণ্ডাৰ ক্ষমতা দখল কৰিছিল। ইতিহাস সাক্ষী আছে, উগাণ্ডাৰ একনায়কত্ববাদী ইদি আমিনক কেনেকৈ উফৰাই পেলোৱা হৈছিল। পৰৱৰ্তী দশকত তেওঁ দেশখনক নৃশংস শাসনৰ অধীনত শাসন কৰিছিল। ধাৰাবাহিক হত্যাকাণ্ড আৰু সমগ্ৰ এছিয়াৰ জনসাধাৰণক বহিষ্কাৰ কৰাৰ বাবে উল্লেখযোগ্য আছিল এই শাসনকাল। কিন্তু যেতিয়া ১৯৭৯ চনত টাঞ্জানিয়াৰ সৈন্যই উগাণ্ডাৰ নিৰ্বাসিত ইদি আমিনক উৎখাত কৰিছিল, তেতিয়া তেওঁৰ হাতত পলায়নৰ পথ আছিল। অধ্যাপক এস্ক্ৰিবা-ফ’লছে কয় যে একনায়কত্ববাদীসকলে এনে দেশলৈ পলায়ন কৰাৰ সম্ভাৱনা বেছি যিবোৰৰ সৈতে তেওঁলোকৰ গভীৰ ঐতিহাসিক, ৰাজনৈতিক, সামৰিক বা অৰ্থনৈতিক সম্পৰ্ক আছে। আফ্ৰিকাৰ প্ৰাক্তন মুছলমান নেতাজনক চৌদি আৰবে আশ্ৰয় দিছিল। ইদি আমিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁৰ শাসনকালত প্ৰায় চাৰি লাখ উগাণ্ডাৰ লোকক হত্যা কৰা হৈছিল। ২০০৩ চনত ইদি আমিনৰ মৃত্যু হয় আৰু মৃত্যুৰ পূৰ্বে তেওঁ আৰবত বিলাসী জীৱন কটায়।
  •  ‘বেবী ডক’ ডুভালিয়াৰ
    মানুহৰ মনত ভয় জগাই তোলা বিদেশী নেতাক আশ্ৰয় দিয়া একমাত্ৰ দেশ চৌদি আৰব নহয়। ইউৰোপৰ বহু চহৰো পদচ্যুত ৰাষ্ট্ৰপতিসকলৰ গন্তব্যস্থানো হৈ আহিছে। কাৰণ বহু সময়ত পূৰ্বৰ ঔপনিৱেশিক শক্তিসমূহে নিজৰ পূৰ্বৰ উপনিবেশসমূহত প্ৰভাৱ বজাই ৰাখিবলৈ বা অস্থিৰতা ৰোধ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ উদাহৰণ হ’ল হাইটিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিন-ক্ল’ড ডুভালিয়েৰ— যাক ‘বেবী ডক’ বুলিও কোৱা হয়। ১৯৫৭ চনৰ পৰা তেওঁৰ পিতৃ ফ্ৰাংকোৱা বা ‘পাপা ডক’ হাইটিৰ ৰাষ্ট্ৰপতি আছিল। মৃত্যুৰ পিছত ‘বেবী ডক’— যি সেই সময়ত মাত্ৰ ১৯ বছৰ বয়সত আছিল; আজীৱন ৰাষ্ট্ৰপতি হৈ পৰিছিল। দেউতাকৰ দৰেই বেবী ডকেও ‘টনটন’ছ মাকুটে’ নামৰ এক নিৰ্দয় মিলিচীয়া ব্যৱহাৰ কৰি দেশখন নিয়ন্ত্ৰণ কৰিছিল। হাইটিত ডুভালিয়াৰ দুজনৰ শাসনকালত নিৰাপত্তা বাহিনীয়ে ২০ হাজাৰৰ পৰা ৩০ হাজাৰ লোকক হত্যা কৰিছিল। ১৯৮৬ চনত জনপ্রিয় অভ্যুত্থানত জিন-ক্ল’ড ডুভালিয়াৰক ক্ষমতাচ্যুত কৰা হৈছিল। তেওঁ ২৫ বছৰ নিৰ্বাসনত কটায়। প্ৰথমে তেওঁ আছিল দক্ষিণ ফ্ৰান্সত। কিন্তু ১৯৮৬ চনত চুইজাৰলেণ্ডৰ বেংকত তেওঁৰ প্ৰায় ৬০ লাখ ডলাৰ থকা ধন অচল হৈ পৰে আৰু ১৯৯৩ চনত তেওঁৰ বাকী ধন বিবাহ বিচ্ছেদৰ এক তিক্ত গোচৰত হেৰুৱাই পেলায়। পিছলৈ তেওঁ পেৰিছৰ এটা সৰু ফ্লেটত বাস কৰিছিল আৰু তেওঁৰ অনুগামীসকলৰ আৰ্থিক সহায়ৰ ওপৰত নিৰ্ভৰ কৰিছিল। পিছলৈ ২০১১ চনত বেবী ডক হাইটিলৈ উভতি আহে। তেওঁৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল। যদিও তেওঁ আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে প্ৰায় ৩০ কোটি ডলাৰ সৰবৰাহ কৰাৰ অভিযোগ উঠিছিল, তথাপি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক প’ৰ্ট অ’ প্ৰিন্সৰ উপকণ্ঠ অঞ্চলত থাকিবলৈ অনুমতি দিয়া হৈছিল। তেওঁ ইচ্ছামতে চহৰখনত ঘূৰি ফুৰিছিল। ২০১৪ চনত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় তেওঁৰ।
  •  বেনজিৰ ভুট্টো আৰু নৱাজ শ্বৰীফ
    কিছুমান দেশৰ ৰাজনৈতিক পৰিৱেশ এনেকুৱা যে বহু নেতাই নিৰ্বাসনলৈ যাব লগা হয়। পাকিস্তান তেনে এক উদাহৰণ। বেনজিৰ ভুট্টোৰ ৰাজনৈতিক জীৱন উত্থান-পতনেৰে ভৰি আছিল। তেওঁ দুবাৰকৈ নিৰ্বাসিত হ’বলগীয়া হৈছিল ব্ৰিটেইন আৰু ইউ এ ইলৈ। দুবাৰকৈ তেওঁ নিৰ্বাসনৰ পৰা পাকিস্তানলৈ উভতি আহি দেশৰ প্ৰধানমন্ত্ৰী হয়। মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল তেওঁ। ১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈ প্ৰথমবাৰৰ বাবে আৰু ১৯৯৩ চনৰ পৰা ১৯৯৬ চনলৈ দ্বিতীয়বাৰৰ বাবে তেওঁ এই পদত অধিষ্ঠিত হৈছিল। দুৰ্নীতিৰ অভিযোগত দেশৰ ৰাষ্ট্ৰপতিয়ে তেওঁক দুবাৰকৈ পদৰ পৰা বৰ্খাস্ত কৰিছিল। ২০১৩ চনত আত্মঘাতী আক্ৰমণত তেওঁ নিহত হৈছিল। তেওঁৰ পিতৃ জুলফিকাৰ আলী ভুট্টোৰ ফাঁচীত মৃত্যু হয় আৰু দুজন ভাতৃৰো অস্বাভাৱিক মৃত্যু হয়।

বেনজিৰ ভুট্টোক অপসাৰণ কৰাৰ পিছত নৱাজ শ্বৰীফ দুবাৰকৈ প্ৰধানমন্ত্ৰী হয় যদিও ১৯৯৯ চনত সেনাই তেওঁক অপসাৰণ কৰে। কিছুদিন কাৰাবন্দী হৈ থকাৰ পিছত তেওঁ চৌদি আৰৱত নিৰ্বাসনত জীৱন কটায়। ১৪ বছৰৰ পাছত তেওঁ দেশলৈ ঘূৰি আহি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয়। কিন্তু ২০১৭ চনত যেতিয়া পানামা পেপাৰছ গোচৰত নৱাজ শ্বৰীফৰ পৰিয়ালৰ অজ্ঞাত সম্পত্তি ফাদিল হয়, তেতিয়া আদালতে তেওঁক আজীৱন ৰাজহুৱা পদত অধিষ্ঠিত কৰাৰ পৰা অযোগ্য ঘোষণা কৰে। বেনাজিৰ ভুট্টো আৰু নৱাজ শ্বৰীফ— এই দুয়োজনেই ক্ষমতালৈ অহাৰ পিছত নিৰ্বাসনলৈ যাবলগীয়া হৈছিল। পাৰভেজ মুশ্বাৰফেও নিৰ্বাসনত নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পেলাইছিল।

  • জেইন আল-আবিদিন বেন আলী
    ২৩ বছৰ ক্ষমতাত থকাৰ পাছত ২০১১ চনত টিউনিছিয়াত এক গণ প্ৰতিবাদত জেইন আল-আবিদিন বেন আলীৰ পতন ঘটে। ‘আৰব বসন্ত’ আন্দোলনত তেওঁ প্ৰথমবাৰৰ বাবে ক্ষমতাচ্যুত হৈছিল। আৰবসকলে বিশ্বাস কৰে যে গণতন্ত্ৰৰ অধীনত অৰ্থনীতি দুৰ্বল হয়। প্ৰতিবাদৰ পিছত তেওঁ চৌদি আৰবলৈ পলায়ন কৰে আৰু ২০১৯ চনৰ ১৯ ​​ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়। বেন-আলীৰ পত্নীৰ সৈতে টিউনিছিয়াত অনুপস্থিতিত বিচাৰ কৰি একাধিক কাৰাদণ্ডৰ শাস্তি বিহা হয়। আৰব বসন্ত আন্দোলন সমগ্ৰ মধ্যপ্ৰাচ্যত বিয়পি পৰিল। ইয়াৰ ফলত ইজিপ্ত, লিবিয়া আৰু য়েমেনত ক্ষমতাৰ পৰিৱৰ্তন ঘটিছিল আৰু ছিৰিয়াত এক দশক ধৰি গৃহযুদ্ধৰ সৃষ্টি হৈছিল।
  • * ইজাবেল পেৰন
    কোনোবা নিৰ্বাসিত শাসকৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে তেওঁৰ দেশে তেওঁক বিচাৰৰ বাবে ঘূৰাই আনিব বিচাৰে। ইয়াৰে এগৰাকী আৰ্জেণ্টিনাৰ ইজাবেল পেৰন। তেওঁ আছিল বিশ্বৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। তেওঁৰ স্বামী জুয়ান ডমিংগো পেৰন তিনিটা কাৰ্যকাল আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি আছিল। ইছাবেল আছিল তেওঁৰ তৃতীয় পত্নী। এসময়ত তেওঁ এগৰাকী কেবাৰেট নৃত্যশিল্পী আছিল আৰু আৰ্জেণ্টিনাত ‘ইছাবেলিটা’ নামেৰে জনাজাত আছিল। ১৯৭৪ চনত স্বামীৰ মৃত্যুৰ পিছত ইছাবেল পেৰন ৰাষ্ট্ৰপতি হয়। আৰ্জেণ্টিনাত তেওঁৰ সময়ছোৱাত অসংখ্য ধৰ্মঘট আৰু শ শ ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হৈছিল। ১৯৭৬ চনত সামৰিক অভ্যুত্থানত ইছাবেল পেৰনক ক্ষমতাচ্যুত কৰা হৈছিল। কেইবছৰমান গৃহবন্দী হৈ থকাৰ পিছত তেওঁ স্পেইনলৈ গুচি যায়। তেতিয়াৰ পৰাই তেওঁ স্পেইনত থাকি জনসাধাৰণৰ চকুৰ আঁৰত জীৱন নিৰ্বাহ কৰি আহিছে। ২০০৭ চনত আৰ্জেণ্টিনাই তেওঁৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল যদিও স্পেইনে তেওঁক প্ৰত্যাৰ্পণ কৰা নাই।
  • * ফাৰ্ডিনাণ্ড মাৰ্কোছ
    বহু নিৰ্বাসিত নেতাই দেশ এৰিলেও ৰাজনীতিত তেওঁলোকৰ নাম প্ৰভাৱশালী হৈয়েই থাকে। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কোছ ইয়াৰ অন্যতম। ১৯৮৬ চনত যেতিয়া ফাৰ্ডিনাণ্ড মাৰ্কোছে ফিলিপাইনছত ব্যাপকভাৱে প্ৰৱঞ্চনা কৰা ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছিল, তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানে মাৰ্কোছক পদত্যাগ কৰি হাৱাইত নিৰ্বাসিত জীৱন বাছি ল’বলৈ পৰামৰ্শ দিছিল। ফিলিপাইনছত মাৰ্কোছৰ শাসন বিৰোধীক ৰাজনৈতিক হত্যাকাণ্ড, ব্যাপক মানৱ অধিকাৰ উলংঘা, দুৰ্নীতি আৰু দৰিদ্ৰতাৰ মাজত বিলাসিতাৰ অভিযোগেৰে বিকৃত কৰিছিল। ৰাষ্ট্ৰপতিৰ পত্নী ইমেল্ডা মাৰ্কোছৰ জোতা সংগ্ৰহ এতিয়াও কিংবদন্তি। ১৯৮৯ চনত হাৱাইত ফাৰ্ডিনাণ্ড মাৰ্কোছৰ মৃত্যু হয়। কিন্তু মাৰ্কোছৰ নামৰ গৌৰৱ এতিয়াও শেষ হোৱা নাই। কিছুদিন পূৰ্বে ফিলিপাইনছৰ নিৰ্বাচন ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰ— যাৰ ডাকনাম বংবং আছিল; বৃহৎ জয়ৰে ৰাষ্ট্ৰপতি হয়।
  •  আলফ্ৰেডো ষ্ট্ৰ’জনাৰ
    বিশ্বৰ অন্যতম দীৰ্ঘদিনীয়া একনায়কত্ববাদী শাসন ব্যৱস্থা আছিল দক্ষিণ আমেৰিকাৰ পাৰাগুৱেত। কিন্তু ১৯৮৯ চনত যেতিয়া জেনেৰেল আলফ্ৰেডো ষ্ট’জনাৰক ক্ষমতাচ্যুত কৰা হৈছিল, ৩৫ বছৰ ধৰি দেশখনত শাসন কৰাৰ পিছত; তেতিয়া তেওঁ আশ্ৰয়ৰ বাবে বহু দূৰলৈ যাব পৰা নাছিল। তেওঁক আশ্ৰয় দিছিল চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰাজিলে। ষ্ট্ৰ’জনাৰৰ শাসনকালত পাৰাগুৱেত ব্যাপকভাৱে মানৱ অধিকাৰ উলংঘা হৈছিল। আমেৰিকা সমৰ্থিত অপাৰেচনতো অংশ লৈছিল পাৰাগুৱেই। ১৯৭০ চনত লেটিন আমেৰিকাৰ ছখন দেশৰ সোঁপন্থী সামৰিক চৰকাৰে যৌথভাৱে চলোৱা এটা ৰাষ্ট্ৰ সন্ত্ৰাস আৰু নিৰাপত্তা কাৰ্যসূচী আছিল। দেশসমূহ হ’ল চিলি, আৰ্জেণ্টিনা, বলিভিয়া, পাৰাগুৱে, উৰুগুৱে আৰু ব্ৰাজিল। ২০০৬ চনত ব্ৰাজিলত নিৰ্বাসিত অৱস্থাত প্ৰাক্তন সামৰিক শাসক ষ্ট্ৰ’নাৰৰ মৃত্যু হয়। বয়স হৈছিল ৯৩ বছৰ।
  •  আশ্ৰয় নোপোৱাসকলৰ কি হয়?
    লিবিয়াৰ ৰাষ্ট্ৰপতি মুয়াম্মাৰ গাদ্দাফিক উদাহৰণ হিচাপে উল্লেখ কৰি অধ্যাপক এস্ক্ৰিবা-ফালছে কয় যে যিসকল উৎখাত কৰা নেতা আন এখন দেশত সুৰক্ষা বা আশ্ৰয় বিচৰাত ব্যৰ্থ হয়, তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত ক্ষমতাক আঁকোৱালি ল’বলৈ চেষ্টা কৰিব পাৰে। ২০১১ চনত লিবিয়াৰ গৃহযুদ্ধত ত্ৰিপলিৰ পতনৰ পিছত হিংসাত্মক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ গাদ্দাফিক নিৰ্বাসনলৈ যাবলৈ তীব্ৰ আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰা হৈছিল। কিন্তু গাদ্দাফি কেইবামাহো লুকাই থাকিল আৰু অৱশেষত তেওঁৰ গৃহ চহৰ ছিৰ্টেত ক্ষুব্ধ জনগোষ্ঠীয়ে তেওঁক হত্যা কৰিলে। নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ২০১৭ চনত লিখিছিল যে গাদ্দাফীয়ে নিৰ্বাসনলৈ যোৱাতকৈ জীৱনৰ বাবে যুঁজিবলৈ বাছি লৈছিল আৰু বহুতে বিশ্বাস কৰে যে এই সিদ্ধান্তৰ আঁৰৰ অন্ততঃ এটা কাৰণ আছিল ‘তেওঁক দীৰ্ঘম্যাদী সুৰক্ষা প্ৰদান কৰিবলৈ ইচ্ছুক এখন দেশ বিচাৰি পোৱাত ব্যৰ্থ হোৱা’।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More