নৃত্য আৰু নাটকৰ অপূৰ্ব সমাহাৰেৰে ‘নৃত্যবন’- ‘প্ৰতিবিম্ব দ্য ৰিফ্লেক্সন’ আৰু ‘নাটঘৰ’ৰ বিচিত্ৰানুষ্ঠান 

লখিমপুৰত বিভিন্ন অনুষ্ঠানৰ গ্ৰীষ্মকালীন কৰ্মশালাৰে জীপাল শিশুৰ সাংস্কৃতিক জগত

0 350

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ যোৱা দুটা বছৰ পৃথিৱীৰ অসুখ ‘কৰোনা’ই কোঙা কৰি পেলোৱা মানুহৰ মনবোৰক সজীৱ কৰি তুলিবলৈ যেন আগমন ঘটিল এই বছৰৰ গৰমৰ বন্ধৰ বহু আকাংক্ষিত দিনকেইটা । দুটা বছৰ বিৰতিৰ পিছত প্ৰায় স্থবিৰ হৈ পৰা সাংস্কৃতিক জগতখনত পুনৰ প্ৰাণ সঞ্চাৰ কৰিলে বহুতো শিশুৰ কলৰৱে, বিভিন্ন অনুষ্ঠানে আয়োজন কৰা সাংস্কৃতিক কৰ্মশালা সমূহৰ জৰিয়তে ।

লখিমপুৰৰ অগ্ৰণী নৃত্যানুষ্ঠান “নৃত্যবন”, নাটকৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান অধিকাৰ কৰা নাট্যানুষ্ঠান “নাটঘৰ”, আৰু নাওবৈছাৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা অনুষ্ঠান “প্ৰতিবিম্ব- দ্য ৰিফ্লেক্সন” ও আগবাঢ়ি আহিল শিশু সকলৰ মনবোৰ সজীৱ কৰি তুলিবলৈ নৃত্য আৰু নাটকৰ দুটি ভিন্ন কৰ্মশালাৰে ।IMG 20220728 WA0001

যোৱা ১৪ জুলাইৰ পৰা ২৩ জুলাইলৈ দহ দিনীয়াকৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) চৌহদত নৃত্যবনে আয়োজন কৰা নৃত্যৰ কৰ্মশালাটিত পূৰ্ণ সহযোগ আগবঢ়ালে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ “কলা ক্লাব” অনুষ্ঠানটিয়ে।

এই দহ দিনীয়া কৰ্মশালাখনিত ১৪ জুলাইৰ পৰা ১৬ জুলাইলৈ প্ৰথম তিনি দিন প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ বিশিষ্ট লোকশিল্পী জীনা ৰাজকুমাৰী গোস্বামীয়ে । তেখেতে কাৰ্বি আৰু বড়ো জনগোষ্ঠীৰ জীৱনশৈলীৰ ওপৰত আলোকপাত কৰে আৰু প্ৰশিক্ষাৰ্থীসকলক এই দুয়ো জনগোষ্ঠীয় নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ পিছত ১৭ ৰ পৰা ১৯ জুলাইলৈ তিনি দিন এক বিশেষ কৰ্মশালাত পশ্চিমীয়া নৃত্যৰ (western dance) প্ৰশিক্ষণ প্ৰদান কৰে নগাঁৱৰ গৌৰৱ কুমাৰ হাজৰিকা আৰু মুৰ্চনা মহন্ত হাজৰিকাই । এই কৰ্মশালাটিক বিশেষ বুলি এই বাবেই কোৱা হৈছে কিয়নো ইয়াত কেৱল নৃত্যক গুৰুত্ব দিয়া হোৱা নাছিল, গুৰুত্ব দিয়া হৈছিল “নৃত্যৰ জৰিয়তে শিক্ষা” এই বিষয়টোক। প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকক প্ৰদান কৰা হৈছিল দৈনন্দিন ঘৰুৱা তথা সামাজিক জীৱনৰ বিভিন্ন শিক্ষা, আৰু দেখা গৈছিল এই মাধ্যমটোত যথেষ্ট আপ্লুত হৈছিল প্ৰশিক্ষাৰ্থী সকল। ইয়াৰ পিছত ২০ ৰ পৰা ২৩ জুলাইলৈ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে গুৱাহাটীৰ বৰ্ণালী মহন্তই, তেখেতক সহায় কৰে তেখেতৰ শিষ্যা কৰ্নিকা দাসে । তেখেতে শুদ্ধ নাচ আৰু দশৱতাৰ নৃত্যৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ।

ইয়াৰ সমসাময়িক ভাবে নকাড়ী যুৱ মঞ্চৰ স্থায়ী মঞ্চত “প্ৰতিবিম্ব – দ্য ৰিফ্লেক্সন” আৰু “নাটঘৰ” ৰ যুটীয়া উদ্যোগত যোৱা ২ জুলাইৰ পৰা ২৩ জুলাই লৈ অনুষ্ঠিত হয় নাট, নৃত্য, সঙ্গীত, চিত্ৰ, চাৰুকলা আৰু সাধুকথাৰ পৰশেৰে শিশুৰ সামগ্ৰিক বিকাশৰ এক কৰ্মশালা । কৰ্মশালা খনিত “Theatre in Education” ৰ জড়িয়তে আমাৰ চাৰিওফালে থকা ভিন ভিন পৰিবেশৰ সৈতে বিভিন্ন মাধ্যমেৰে শিশু সকলক একাত্ম হোৱাৰ প্ৰশিক্ষণ দিয়া হয় । বৰ্তমান যান্ত্ৰিকতা সৰ্বস্ব হৈ পৰা পৃথিৱীখনৰ বাহিৰেও যে এক সুন্দৰ উপভোগ্য সহজ সৰল পৰিবেশ আমাৰ চৌপাশে সদায় আছে সেই উপলব্ধি শিশু সকলৰ মানস পটত গঢ়ি তোলাই আছিল কৰ্মশালাখনিৰ মূল উদ্দেশ্য। এই উদ্দেশ্য সফল কৰি তুলিবলৈ শিশু সকলৰ মাজত কিছুমান বিশেষ নাটকীয় খেল – ধেমালি কৰোৱাৰ উপৰি ভিন ভিন প্ৰশিক্ষকৰ জৰিয়তে চিত্ৰ, চাৰুকলা, সঙ্গীত আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে থাকে ৰাকেশ বৰা (NSD,TIE WING,TRIPURA), ভাৰ্গৱ গোস্বামী(MA in Performing Arts, Dibrugarh University), হেমন্ত ফুকন (MA in Performing Arts, Dibrugarh University) আৰু ৰাহুল শৰ্মা। কৰ্মশালাখনি পৰিচালনাৰ দায়িত্বত থাকে জয়ন্ত কুমাৰ গগৈ। চিত্ৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰে জয়ন্ত শইকীয়াই, চাৰুকলা – বিউটি কস্তুৰী আৰু পম্পী বৰাই। কৰ্মশালাৰ শেষৰ প্ৰায় সাত দিনত শিশুসকলৰ দ্বাৰা কেইবাটাও সাধুকথাৰ আলমত ইম্প্ৰভাইজেচনৰ জৰিয়তে এক নাট্যৰূপ দিয়া হয় । নাটকৰ নাম ৰখা হয় “অন্য এখন পৃথিৱীৰ সন্ধানত”। ‘জীৱ শ্ৰেষ্ঠ বুলি ফিতাহী মাৰি থকা মানুহে নিজৰ স্বাৰ্থৰ বাবে কিদৰে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি আন আন জীৱ জন্তু সকলৰ জীৱন যুঁজত হেঙাৰ হৈ পৰিছে, আৰু পৃথিৱীখনত সকলো জীৱৰে সমান অধিকাৰ থকা স্বত্বেও মানুহৰ অত্যাচাৰত এই সুন্দৰ পৃথিৱী খনকেই ত্যাগ কৰি অন্য এক পৃথিৱীৰ সন্ধান কৰিবলৈ বাধ্য হৈছে সকলো জীৱ’, এই বাৰ্তাটোকেই খুব সুন্দৰ ভাবে বিভিন্ন নাটকীয় মুহূৰ্তৰ মাজেৰে পৰিবেশন কৰা হ’ল যোৱা ২৪ জুলাইত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত। নাটখনি পৰিবেশনৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰিলে ৰঞ্জিত শৰ্মা ( অংগ সজ্জা) হেমন্ত শইকীয়া (মঞ্চ সজ্জা) আৰু হেমন্ত গোস্বামীয়ে (ৰূপসজ্জা)।

২৪ জুলাইত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটিত নাটকৰ উপৰি নৃত্যবনৰ কেইবাটাও নৃত্যানুষ্ঠান পৰিবেশন কৰা হয়। নিমন্ত্রিত অতিথি বিদ্যাধৰ দেউৰীয়ে বন্তি প্ৰজ্বলন কৰি সাংস্কৃতিক অনুষ্ঠান সমূহৰ প্ৰয়োজনীয়তা তথা নৃত্যবনৰ এই ক্ষেত্ৰত ভূমিকা সম্পৰ্কে চমু দুআষাৰ বক্তব্য ৰাখে । তেওঁৰ কথাৰ আঁত ধৰিয়েই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত কলিতাই এনে সাংস্কৃতিক কাৰ্য্যসূচী পৰিচালনা কৰাৰ ক্ষেত্ৰত “কলা ক্লাবে” সদায় সহযোগিতা আগবঢ়াই যোৱাৰ নিশ্চিতি প্ৰদান কৰে । ইয়াৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই নিজৰ বক্তব্যত সংষ্কৃতিও শিক্ষাৰ এটা অংশ বুলি উল্লেখ কৰে আৰু পঢ়াৰ নামত শিশু সকলক সাংস্কৃতিক জগতখনৰ পৰা আঁতৰাই নাৰাখিবলৈ অভিভাৱকসকলক আহ্বান জনায়। নৃত্যবনৰ সঞ্চালিকা ময়ূৰী দত্তৰ নৃত্য পৰিচালনাৰে এটি গণেশ স্তুতিৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে কৰ্মশালাত প্ৰশিক্ষণ লাভ কৰা বিভিন্ন নৃত্য পৰিবেশন কৰে প্ৰশিক্ষাৰ্থী সকলে। নৃত্য-নাটকৰ মাজতে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নৃত্যবনৰ যি সকল ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত । ইয়াৰোপৰি প্ৰতিবছৰৰ দৰে এইবছৰো টংকেশ্বৰ দত্ত সোঁৱৰণী উদ্দীপনা বঁটা প্ৰদান কৰা হয় নৃত্যবনৰ সেই গৰাকী ছাত্ৰীক যিয়ে নিয়মীয়া স্কুলীয়া শিক্ষাৰ লগতে নৃত্য বিদ্যালয়তো নিয়মিত উপস্থিত থাকি সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় । সংস্কৃতি যে কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে সেই কথা প্ৰতিপন্ন কৰে এনেবোৰ ফলাফলে। এই বৰ্ষত এই বঁটা লাভ কৰে ননী মাধৱ দত্ত আৰু মৌচুমী নেওগৰ কন্যা আকাংক্ষা মাধৱ দত্তই। ইয়াৰোপৰি নৃত্যবনৰ আন এগৰাকী ছাত্ৰী ধৰিত্ৰী মিলিয়ে Tani Association নামৰ সংস্থাটোৰ দ্বাৰা Tani Sonam নামেৰে সদৌ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আয়োজন কৰা এক Dance Reality Show ত অংশ গ্ৰহণ কৰি ‘প্ৰথম ৰানাৰ আপ’ ৰ সন্মান লাভ কৰি নৃত্যবন তথা লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে নৃত্যবনৰ তৰফৰ পৰা ধৰিত্ৰী মিলিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত দুয়োটা কৰ্মশালাত অংশ গ্ৰহণ কৰা মুঠ প্ৰায় ১১৫ জন শিশুক এখনিকৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা বাবে প্ৰতিজন অভিভাৱকক অনুষ্ঠানৰ প্ৰতিজন কৰ্মকর্তাই কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে এটি ঘোষণা কৰা হয় যে অহা আগষ্ট মাহৰ প্ৰথম ৰবিবাৰৰ পৰা নৃত্যবনৰ মজিয়াত শিশুসকলৰ বাবে নিয়মিত নাটকৰ পাঠদান কৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে ইচ্ছুক অভিভাৱকক ‘নৃত্যবন’ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ’ল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More