শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ আগষ্ট : ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ এইগৰাকী বিশাৰদে গুৱাহাটীৰ উলুবাৰীস্থিত বাসগৃহত নিশা ১ প্ৰায় বজাত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩৯ চনত গুৱাহাটী মহানগৰৰ উজানবজাত জন্ম হোৱা গৰিমা হাজৰিকাৰ সৰুৰেপৰাই আছিল শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তীব্ৰ আকৰ্ষণ। সেয়ে সত্ৰীয়া নৃত্য আৰু ওডিছী শিকি দুয়োটা নৃত্যশৈলীতে পাকৈত হৈ উঠিছিল। অসমক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত সত্ৰীয়া আৰু ওডিছী নৃত্য পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰূপে তেওঁ দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পৰিৱেশন কৰা সত্ৰীয়া নৃত্যই বিশেষ সুনাম অৰ্জন কৰিছিল। নৃত্য শিল্পীগৰাকীয়ে কেইবাখনো নৃত্য-নাটিকাও ৰচনা কৰিছিল। তেওঁৰ ৰচিত আৰু পৰিচালিত ‘চেতনা’ নামৰ নৃত্য-নাটিকাখন ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছিল। গৰিমা হাজৰিকাই ‘সেন্দূৰ’কে ধৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰত কলা নিদেৰ্শনা আৰু কৰিঅ’গ্ৰাফীৰ কামো কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ নৃত্য-নাটিকাৰ ক্ষেত্ৰতো গৰিমা হাজৰিকাই বহুবোৰ পৰিৱৰ্তন আনি চৰ্চিত হৈছিল। নতুন প্ৰজন্মক শুদ্ধ ৰূপত সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়াসেৰে তেওঁ নিজা উদ্যোগত গুৱাহটীত ‘মিতালী কলাকেন্দ্ৰ’ স্থাপন কৰিছিল। সুদীৰ্ঘ বছৰ জুৰি এই কেন্দ্ৰৰ জৰিয়তে তেওঁ নতুন চামক সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ দি আহিছিল। ২০১৬ চনৰ ২৯ মে’ত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত মিতালী কলাকেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানত বিশেষভাৱে সক্ষম শিশুৰ বাবে এটি বিশেষ নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰি তেওঁ চৰ্চিত হৈছিল। নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনে গৰিমা হাজৰিকাক বিশেষ বঁটা প্ৰদান কৰিছিল। ২০০৬ চনত নৃত্যকলা শিতানত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.