ন্যায়পালিকাত ৰাজনীতিঃ ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন আইন মন্ত্ৰীৰ

0 22
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ অক্টোবৰঃ ন্যায়াধীশ নিযুক্তিৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে। এই সন্দৰ্ভত তেওঁ কয়— “কলেজিয়াম ব্যৱস্থাক লৈ দেশৰ জনসাধাৰণ সুখী নহয় আৰু সংবিধানৰ মনোভাৱ অনুসৰি ন্যায়াধীশ নিযুক্তি দিয়াটো চৰকাৰৰ কাম। ১৭ অক্টোবৰ সোমবাৰে আহমেদাবাদত আৰ এছ এছৰ দ্বাৰা প্ৰকাশিত সাপ্তাহিক ‘পখঞ্চজন্য’ক ৰিজিজুৱে কয়— “মই মই দেখিছোঁ যে আধা সময় ন্যায়াধীশসকলে ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাত ব্যস্ত থাকে। ইয়াৰ বাবেই তেওঁলোকৰ প্ৰাথমিক কাম ন্যায় প্ৰদানত ব্যাঘাত জন্মে।’’ আইন মন্ত্ৰীগৰাকীয়ে আৰু কয়— ‘‘১৯৯৩ চনলৈকে আইন মন্ত্ৰালয়ে ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰি দেশৰ প্ৰতিজন ন্যায়াধীশক নিযুক্তি দিছিল। তেতিয়া আমাৰ বহু বিখ্যাত বিচাৰক আছিল। এই সন্দৰ্ভত সংবিধান স্পষ্ট। ইয়াত উল্লেখ আছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ নিযুক্তি দিব। অৰ্থাৎ ভাৰতৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি আইন মন্ত্ৰালয়ে ন্যায়াধীশসকলক নিযুক্তি দিব।” তেওঁ আৰু কয়— “আইন মন্ত্ৰী হিচাপে মই লক্ষ্য কৰিছোঁ যে পৰৱৰ্তী ন্যায়াধীশ কোন হ’ব সেইটো নিৰ্ণয় কৰাত ন্যায়াধীশসকলৰ আধা সময় আৰু মন ব্যস্ত হৈ আছে। তেওঁলোকৰ প্ৰধান কাম হৈছে ন্যায় প্ৰদান কৰা। যি এই প্ৰথাৰ বাবেই ক্ষতিগ্ৰস্ত হয়। এই প্ৰক্ৰিয়াত সাম্প্ৰদায়িকতাবাদৰ বিকাশ ঘটে। মানুহে নেতাসকলৰ মাজত ৰাজনীতি দেখে, কিন্তু ন্যায়পালিকাৰ ভিতৰত চলি থকা ৰাজনীতি নাজানে। এজন ন্যায়াধীশ অন্য ন্যায়াধীশ নিৰ্বাচনৰ লগত জড়িত নহ’লে সমালোচনাৰ ওপৰত থাকে। কিন্তু প্ৰশাসনিক কামত জড়িত হ’লে তেওঁ সমালোচনাৰ ওপৰত নহয়। আমাৰ তিনিটা স্তম্ভ আছে– কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। কাৰ্যপালিকা আৰু বিধানমণ্ডল ন্যায়পালিকাৰ দ্বাৰা বান্ধ খাই থাকে আৰু নিয়ন্ত্ৰিত। কিন্তু ন্যায়পালিকা যদি বিপথে পৰিচালিত হয় তেন্তে নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা নাই।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More