নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মধ্য যুগৰ লোণ সন্দৰ্ভত বক্তৃতানুষ্ঠান-প্ৰাক্তন শিক্ষাৰ্থীৰ সমাৰোহ

0 180

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ এপ্ৰিলঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত ৪ এপ্ৰিলত “History of Saltঃ Precious Commodity of Medieval Assam“ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ উক্ত অনুষ্ঠানত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় [স্ব]ৰ ভূ-তত্ব বিভাগৰ সহকাৰী অধ্যাপক ড॰ ৰক্তিম ৰঞ্জন শইকীয়াই মধ্যযুগীয় অসমৰ প্ৰেক্ষাপটত লোণৰ ব্যৱহাৰ আৰু ইয়াৰ ইতিহাস সম্পৰ্কে বহু তথ্য দাঙি ধৰে৷WhatsApp Image 2023 04 05 at 7.57.39 PM বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক অতনু গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া, উপাধ্যক্ষদ্বয়, বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড॰ ৰূপাঞ্জলি মৰাং আৰু ড॰ চন্দ্ৰ মানচে, সহকাৰী অধ্যাপক যুতিকা পাতিৰৰ লগতে মহাবিদ্যালয়ৰ অন্যান্য বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে৷ উক্ত অনুষ্ঠানত বুৰঞ্জী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰা ‘সঁজাল’ নামৰ এখন হাতেলিখা আলোচনী ড॰ ৰক্তিম ৰঞ্জন শইকীয়াই উন্মোচন কৰে৷ উল্লেখ্য যে যোৱা ১ এপ্ৰিলত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখন প্ৰাক্তন শিক্ষাৰ্থী আৰু বৰ্তমান নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত ড॰ ৰূপাঞ্জলি মৰাঙৰ নেতৃত্বত অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সভ্যৰ পৰা সদস্য নিৰ্বাচিত কৰি এখন কৰ্ণধাৰ সমিতি গঠন কৰা হয়৷ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চেতিয়াৰ লগতে বিভাগৰ মুৰববী অধ্যাপক অতনু গগৈ, সহযোগী অধ্যাপক ড॰ চন্দ্ৰ মানচে আৰু সহকাৰী অধ্যাপক যুতিকা পাতিৰ উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More