লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ই-আৱৰ্জনা ব্যৱস্থাপনাৰ কৰ্মশালাৰ সামৰণি

0 27

উত্তৰ লখিমপুৰঃ ৪ এপ্ৰিলঃ ইলেক্ট্ৰনিক আৱৰ্জনাসমূহৰ ক্ষতিকাৰকতা আৰু সেই আৱৰ্জনাসমূহ ঘৰতে পুনঃব্যৱহাৰ কৰি কৰ্মসংস্থাপন লাভৰ সম্ভাৱনাৰ ওপৰত অধিক সজাগতা সৃষ্টিৰ আহ্বানৰে আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই-আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত ছদিনীয়া কৰ্মশালা এখনৰ সামৰণি পৰে। মহাবিদ্যালয়খনৰ ইকো ক্লাব আৰু উদ্যোমিতা আৰু উদ্ভাৱন কেন্দ্ৰৰ উদ্যোগত তথা উত্তৰ লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যন আৰু উত্তৰাখণ্ডৰ ডেৰাডুনৰ ছ’চাইটি অৱ পলিউচন এণ্ড এনভাইৰনমেণ্টেল কনজাৰ্ভেচন চাইন্টিষ্টৰ সক্ৰিয় সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাৰ অধ্যক্ষতাত আজি মহাবিদ্যালয়খনত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি দিনটোত এক সমাৱৰ্ত্তন অধিবেশন অনুষ্ঠিত হয়। অনুষ্ঠাত অধ্যক্ষ ড০ হাজৰিকাই ই-আৱৰ্জনাসমূহ পৰিচালনা কৰাৰ দ্বৈত গুৰুত্বৰ কথা ভাষণ প্ৰসংগত কয় আৰু লগতে ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ আত্মনিৰ্ভৰশীলতা আৰু আয় সৃষ্টিৰ বাবে সামগ্ৰী সৃষ্টি বিষয়টো আলোচনা কৰে। তেওঁ মহাবিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকৰ ই-আৱৰ্জনা ঘৰৰ পৰা সংগ্ৰহ কৰি মহাবিদ্যালয়ৰ ই-আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰত জমা দিবলৈ কয়। আজি মহাবিদ্যালয়ত উদ্বোধন কৰা এই কেন্দ্ৰটোৱে ই-আৱৰ্জনাসমূহ মেৰামতি আৰু পুনৰ ব্যৱহাৰৰ বাবে উপযুক্ত কৰি তুলিব। আইনা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ মুৰব্বী আৰু মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰ কৃষ্ণ প্ৰতিম বৰদলৈয়েও সেই উপলক্ষে সভাত ভাষণ দিয়ে। বৰদলৈয়ে কয় যে ভাৰতত ই-আৱৰ্জনা সঞ্চয়ৰ ক্ষেত্ৰত অসমৰ স্থান ৰাষ্ট্ৰীয় পৰ্যায়ত পঞ্চম আৰু ইয়াৰ বাবে পুনঃব্যৱহাৰ কেন্দ্ৰ ৰাজ্যখনত নাই। অনুষ্ঠানত তেওঁৰ এন জি অ’ৰ উদ্দেশ্য ব্যাখ্য কৰি বৰদলৈয়ে কয় যে ই-আৱৰ্জনাসমুহক স্থানীয়ভাৱে পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি ইয়াৰ বিষাক্ত প্ৰভাৱ কম কৰিবলৈ আৰু যুৱক-যুৱতীসকলৰ মাজত আয়ৰ সৃষ্টি কৰাটো তেওঁলোকৰ লক্ষ্য। তেওঁ লগতে লখিমপুৰ জিলাৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত বিভিন্ন প্ৰকল্পৰ বিষয়েও ব্যাখ্যা কৰে।
সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। অধিবেশনত অধ্যাপক ছাজ্জাদ হুছেইন, অচ্যুত গগৈ, ডাঃ শিখা মনি বৰগোহাঁই, ডাঃ সংগীতা বৰঠাকুৰ তামুলী, পংকজ লোচন দাস, ড০ মনোজ কুমাৰ শীল, তৰুণ কুমাৰী আৰু আইকিউএ চেলৰ সমন্বয়ক ড০ দাদুল ৰাজকোঁৱৰ আৰু ইকো ক্লাবৰ সমন্বয়ক ড০ হৰিণী পাটোৱাৰী উপস্থিত থাকে । ইয়াৰ পূৰ্বে ৩০ মাৰ্চৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয়খনত ছদিনীয়া ই-আৱৰ্জনা ব্যৱস্থাপনা কৰ্মশালাখন উদ্বোধন কৰিছিল অধ্যক্ষ ড০ লোহিত হাজৰিকাই। আৱৰ্জনাসমূহৰ পৰা এল ই ডি বাল্ব মেৰামতি আৰু পুনৰ নিৰ্মাণ, ফেন্সী লাইট নিৰ্মাণ আৰু আন বহুতো ই-আৱৰ্জনাৰ ব্যৱস্থাপনা কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More