পঞ্চভূতত বিলীন হ’ল তেজপুৰক বৌদ্ধিক আৰু বিদ্যায়তনিক নেতৃত্ব প্ৰদান কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ নশ্বৰ দেহ 

বাসগৃহত সহস্ৰাধিক শোকাকুল জনতাৰ শেষ শ্ৰদ্ধা 

0 16
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৭ এপ্ৰিলঃ তেজপুৰৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ অগ্ৰনী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ বিশেষ কৰ্তব্যৰত বিষয়া, তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সত্যেন্দ্ৰনাথ শৰ্মাৰ নশ্বৰ দেহ আজি কেবা শতাধিক শোকাকুল জনতাৰ উপস্থিতিত তেজপুৰ ঘৰপৰা চুবুৰীৰ দৌলগুৰি ৰাজহুৱা শ্মশানত পঞ্চভূতত বিলীন হয়। উল্লেখ্য যে কালি সন্ধিয়া তেজপুৰৰ টাইমছ হাস্পতালত দেহাৱসান ঘটা শৰ্মাৰ নশ্বৰ দেহ আজি পুৱাৰ ভাগত দৰংমহাবিদ্যালয়ৰ সন্মুখত থকা বাসগৃহলৈ অনাৰ পিছত পৰিয়ালৰ লোকসকলে পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত বাসগৃহৰ চোতালতে অনুষ্ঠিত হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দৰংমহাবিদ্যালয়ৰ এলুমনি সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই আঁত ধৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমেই তৰুণ অসম সংঘৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ নাথ শৰ্মাৰ লগতে সম্পাদক মোহন ভূঞা, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত দৰংমহাবিদ্যালয়ৰ একালৰ সতীৰ্থ অৱসৰপ্ৰাপ্ত অধ্যাপক জয় নাৰায়ণ লুইটেল, জিতেন গোস্বামী, ড০ ৰমেশ চন্দ্ৰ গোস্বামী, পূৰ্ণেশ্বৰ নাথ, প্ৰণীল গোস্বামী,ভূপেন্দ্ৰ নাথ হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ জয়শংকৰ হাজৰিকা আদিৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বীৰেন দাস, অৱসৰপ্ৰাপ্ত অধ্যাপক মানবেন্দ্ৰ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি – সম্পাদক পুলিন ভট্টাচাৰ্য, শান্তনু বৰুৱা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনিল ডেকা, তেজপুৰ চায়েন্স একাডেমীৰ অধ্যক্ষা সুৰঞ্জনা শৰ্মা,উত্তৰ পূৱ তেজপুৰ ৰঙালী বিহু সন্মিলনৰ শেখৰ বৰুৱা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয় শইকীয়া, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা, বিশিষ্ট ব্যৱসায়ী সুৰেশ চিৰেহীয়া, লেখক নয়নজ্যোতি ভট্টাচাৰ্য্য আদিৰ উপৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলে পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ পিছতেই নশ্বৰ দেহ এখন পুষ্প সজ্জিত বাহনত উঠাই দৰংমহাবিদ্যালয়লৈ নিয়া হয়। মহাবিদ্যালয় প্ৰাংগনৰ মূল প্ৰশাসনীয় ভৱনৰ সন্মূখতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষ ড০ ক্ষীৰেন্দ্ৰ হালৈ আৰু পৰিসংখ্যা বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ প্ৰবীণ কলিতাই পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত দৰংমহাবিদ্যালয়ৰ এলুমনি সন্থাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, অধ্যাপক ড০ প্ৰণৱজ্যোতি দাস, ড০ পূৰ্ণানন্দ পাৱে, ড০ বিধান বৰা, ড০ কংকন ডেকা, দেৱৰাজ শৰ্মাকে ধৰি একাংশ অধ্যাপক – অধ্যাপিকা, কৰ্মচাৰীবৃন্দ আৰু শিক্ষাৰ্থী সকলে এসময়ৰ অধ্যক্ষ গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ পিছতেই ঘৰপৰা চুবুৰীৰ দৌলগুৰি ৰাজহুৱা শ্মশানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More