পাঁচবিধ শাক-পাচলি খাওক আৰু সুস্থ হৈ থাকক

0 55

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট : ৩০ বছৰ বয়সৰ সীমাত উপনীত হওক বা নহওক, ইটোৰ পিছত সিটো ৰোগ আহি শৰীৰত শিপায়। আনহাতে সৰুৰে পৰা বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা, চাপ, উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ দৰে গুৰুতৰ সমস্যালৈকে। এই সকলোবোৰ ৰোগৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ খাদ্যাভ্যাস। শৰীৰত এবাৰ প্ৰতিষ্ঠিত হোৱাৰ পিছত যিকোনো ৰোগৰ অৰ্থ হ’ল জীৱনশৈলীৰ তীব্ৰ পৰিৱৰ্তন। সুস্থ হৈ থাকিব বিচাৰিলে নিয়মীয়া ঔষধ সেৱন কৰাৰ লগতে ব্যায়াম আৰম্ভ কৰিব লাগিব। গতিকে সুস্থ হৈ থাকিবলৈ আগতীয়াকৈ সাৱধান হোৱা উচিত। তলত উল্লেখ কৰা পাঁচবিধ খাদ্য নিয়মিতভাৱে খাব লাগে। এইবোৰত কেলচিয়াম, তাম, পটাছিয়াম, ফছফৰাছ, আইৰণ আৰু ভিটামিন আদিৰে প্ৰচুৰ পৰিমাণে থাকে। যিয়ে যিকোনো ৰোগৰ পৰা মুক্তি দিব পাৰে। এই পাঁচবিধ শাক-পাচলি খাদ্যত মিহলাই সুস্থ হৈ থাকিব, সকলো জটিলতা দূৰ হ’ব।

* নহৰু
খালী পেটত দৈনিক এফোটা নহৰু খাব লাগে। ইয়াত মেংগানিজ, ভিটামিন বি ৬, ভিটামিন চি, চেলেনিয়াম আদি প্ৰচুৰ পৰিমাণে থাকে। ইয়াক ছুপাৰ ফুড হিচাপে জনা যায়। ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে আৰু বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ উপৰি ইয়াত কেলচিয়াম, ক’পাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ আৰু ভিটামিন বি ১ প্ৰচুৰ পৰিমাণে থাকে। গতিকে প্ৰতিদিনে সেইবোৰ খাব পাৰি।

* মটৰমাহ
সেউজীয়া মটৰমাহে স্বাস্থ্য উন্নত কৰে। ই পুষ্টিকৰ উপাদানৰে ভৰপূৰ। মটৰত প্ৰ’টিন, ভিটামিন এ, চি আৰু কে, ৰাইব’ফ্লেভিন, থাইয়ামিন, নিয়াচিন আৰু ফ’লেট আদি পুষ্টিকৰ উপাদান থাকে। মটৰ হৈছে আঁহযুক্ত। যি খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ উন্নতি হ’ব।

* পালেং
পালেং খালে সুস্থ হৈ থাকিব পাৰি আৰু শৰীৰৰ সকলো অভাৱ পূৰণ কৰিব পাৰি। পালেঙত আইৰণ, মেগনেছিয়াম, পটাছিয়াম, ফ’লেট আৰু কেলচিয়াম থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। প্ৰতিদিনে পালেং খালে কেন্সাৰ, টাইপ ২ ডায়েবেটিছ, হাঁপানী, নিম্ন ৰক্তচাপ আৰু পাচনতন্ত্ৰৰ সমস্যা ভাল হয়।

* ব্ৰকলি
ব্ৰকলি খাব পাৰে। ভিটামিন কে, ভিটামিন চিৰে সমৃদ্ধ। এই পাচলি কেঁচাই বা সিজাই খাব পাৰি। স্বাস্থ্যৰ বাবে ই অতি উপকাৰী।

* গাজৰ
সুস্থ হৈ থাকিবলৈ দৈনিক গাজৰ খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে বিটা কেৰটিন থাকে। ই এন্টিঅক্সিডেন্টৰে ভৰপূৰ। যিয়ে ৰক্তচাপ কমোৱাত সহায় কৰে, চকুৰ স্বাস্থ্য উন্নত কৰে আৰু ওজন কমায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More