পাকিস্তানী মহিলাৰ প্ৰেমত বন্দী বাঙালী জোৱান

সেনাৰ গোপন তথ্য ফাদিল

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : গোপন তথ্য সৰবৰাহ কৰাৰ অপৰাধত আৰক্ষীৰ জালত পৰিল সেনাৰ জৱান। ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, ধৃত সেনা জোৱানে তেওঁৰ ৰেজিমেণ্টৰ সকলো গুৰুত্বপূৰ্ণ তথ্য দুগৰাকী পাকিস্তানী মহিলাক দিছিল। জানিব পৰা মতে, ধৃত জোৱানজন পশ্চিমবংগৰ বাসিন্দা। নাম শান্তিময় ৰাণা, বয়স ২৪। ৰাজস্থান আৰক্ষীৰ সঞ্চালক প্ৰধান উমেশ মিশ্ৰই জনোৱা মতে, শান্তিময়ে পাকিস্তানৰ মহিলা এজেণ্টৰ সৈতে হোৱাটছএপ আৰু অন্যান্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ কৰিছিল। জানিব পৰা মতে, শান্তিময়ৰ প্ৰেমত পৰাৰ ভাও ধৰা দুয়োগৰাকী মহিলাই সেনাৰ সৈতে সম্পৰ্কীয় বুলি দাবী কৰিছিল। তাৰে এজন আছিল গুৰ্ণূৰ কৌৰ ওৰফে অংকিতা। তেওঁ নিজকে উত্তৰ প্ৰদেশৰ সহজাহানপুৰৰ বাসিন্দা বুলি দাবী কৰে। তেওঁ আৰ্মী ইঞ্জিনিয়াৰিং চাৰ্ভিচৰ সৈতে জড়িত বুলি দাবী কৰিছিল। দ্বিতীয়গৰাকী মহিলাই শান্তিময়ক নিশা বুলি পৰিচয় দিছিল। তেওঁ আৰ্মী নাৰ্চিং চাৰ্ভিচৰ সৈতে জড়িত বুলি দাবী কৰিছিল। ৰাজস্থান আৰক্ষীৰ ডি জি উমেশ মিশ্ৰই কয় যে এই দুগৰাকী মহিলা প্ৰকৃততে পাকিস্তানী এজেণ্ট। ২০১৮ চনত সেনাবাহিনীত যোগদান কৰা শান্তিময়ে আৰক্ষীক জনোৱা মতে, বহুদিনৰ পৰা এই দুগৰাকী মহিলাৰ সংস্পৰ্শলৈ আহিছিল। শান্তিময়ে তেওঁলোকৰ সৈতে হোৱাটছএপ অডিঅ’ আৰু ভিডিঅ’ কলৰ জৰিয়তে কথা পাতিছিল। আৰক্ষীৰ মতে, শান্তিময়ে আগতে তথ্য দিয়াৰ পৰিৱৰ্তে বিপুল পৰিমাণৰ ধন লাভ কৰিছিল। এই অৱস্থাত বন্দী সৈন্যই যুদ্ধ অনুশীলনৰ গুৰুত্বপূৰ্ণ ছবি আৰু গোপন তথ্য আৰু ভিডিঅ’ ফাদিল কৰিছিল। ঘটনা সন্দৰ্ভত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, মোবাইল ফোনটোৰ কাৰিকৰী বিশ্লেষণ কৰা হৈছে। ইয়াৰ পিছতে বন্দী সেনা জোৱানজনৰ বিৰুদ্ধে অফিচিয়েল ছিক্ৰেটছ এক্টৰ অধীনত গোচৰ ৰুজু কৰা হয়। ২৬ জুলাই মঙলবাৰে তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More