পাচঁমাইল শাখা সাহিত্য সভাৰ চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থ উন্মোচন

0 47

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ আমি মূলতঃ কৃষি সভ্যতাৰ সন্তান। আমাৰ সংস্কৃতি সমূহো কৃষি ভিত্তিক।চৰ -চাপৰিৰ অনুষ্ঠানো কৃষি ভিত্তিক। আজি কালি সেইবোৰক ধৰ্মীয় গণ্ডীৰ মাজত অনাৰ চেষ্টা চলাই আছে।চৰ -চাপৰিৰ কৃষি ভিত্তিক অনুষ্ঠানৰ মাজত বহুতো সাহিত্যৰ সমল লুকাই আছে। ফকৰা যোজনা, সাঁথৰ, কিচ্ছা কাহিনী ইত্যাদি। এনেবোৰ সমল গোটাই লেখক -সাংবাদিক তথা সংগঠক চিৰাজ খানে চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থখনত সুন্দৰ ভাৱে উপস্থাপন কৰিছে বুলি কয় পাঁচমাইল শাখা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচনী ‌বক্তব্যত কবি, ঔপন্যাসিক দিলীপ ফুকনে উল্লেখ কৰে। পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা গৃহত পাঁচমাইল শাখা সাহিত্য সভাৰ সভাপতি আলাউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ ভূপেন শইকীয়াই কয় যে, দুৱাৰ খিড়িকীৰ দৰেই ঘৰত কিতাপ থকাটো প্ৰয়োজন।কিতাপৰ পৰা আমি বৌদ্ধিক, আধ্যাত্মিক সকলো প্ৰকাৰৰ জ্ঞান আহৰণ কৰিব পাৰি। সমাজৰ প্ৰতি দায়বদ্ধতা থাকিলে মানুহে লিখিবলৈ আৰম্ভ কৰে।চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰাৰ স্ৰষ্টা চিৰাজ খান এনে তাগিদাতেই লিখি গৈছে বুলি কোৱাৰ লগতে পাঁচমাইল শাখা সাহিত্য সভাৰ সৃজনীমূলক কাৰ্যসূচী আগলৈও অব্যাহত থাকক বুলি ভাবগধুৰ বক্তব্য আগবঢ়ায়। শাখা সাহিত্য সভাৰ সম্পাদক কামাল উদ্দিন আকন্দই আঁত ধৰা সভাত জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰকাশ আৰু ভাষাটোৰ প্ৰসাৰ কৰাই সাহিত্য সভাৰ মূল উদ্দেশ্য। পাঁচমাইল শাখা সাহিত্য সভাই কেঁচা মাটিৰ গোন্ধ থকা চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনাই ইতিবাচক বাৰ্তা বুলি বক্তব্যত উল্লেখ কৰে।অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সদস্য চিৰঞ্জীৱ বৰুৱা, জিলা সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য ইন্দ্ৰ নীল নাথ, ইদ্ৰিছ আলী, প্ৰতিভা ধৰ, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চফিউল বাৰিক, মনবাহাদুৰ চুব্বা, পঞ্চায়তৰ সভাপতি আমিনুল ইচলাম উপস্থিত থকা সভাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্বেখ চাহাব উদ্দিনে কয় যে, আমি কৰি থকা সৰু সৰু আলোচনাৰ মাজত যে সাহিত্যৰ সমল পোৱা যায়, এয়া চিৰাজ খানে চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰাৰ শীৰ্ষক গ্ৰন্থ খনৰ মাজেৰে আমাক দেখুৱাই দিছে। এয়া গৱেষণাৰ সমল হ’ব পাৰে। সভাত চিৰাজ খানেও গ্ৰন্থখনৰ বাবে সমল সংগ্ৰহৰ কথাবোৰ চমুকৈ উল্লেখ কৰে। ভালেমান ছাত্ৰ ছাত্ৰী আৰু সমাজ হিতৈষী লোক উপস্থিত থকা সভাত সভাপতি আলাউদ্দিন আহমেদেও গঠনমূলক মন্তব্য আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More