পি এম এ ৱাই গৃহ নিৰ্মাণত কেলেংকাৰিঃ লক্ষীমপুৰত পঞ্চায়ত সচিবসহ তিনিজনক গ্ৰেপ্তাৰ

0 10

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ লক্ষীমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ডিক্ৰং পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত কেলেংকাৰি সন্দৰ্ভত বিহপুৰীয়া আৰক্ষীয়ে পঞ্চায়তৰ সচিবসহ তিনিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডিক্ৰং গাঁঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস গৃহ নিৰ্মাণত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা সন্দৰ্ভত কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে যোৱা ৩ জুনত বিহপুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীয়ে তদন্ত চলাই সোমবাৰে ডিক্ৰং গাঁও পঞ্চয়াত সচিব নৱকান্ত দলে, জি পি চি [সমন্বয়ক] অনুপ চেত্ৰী আৰু কেঞামৰা ৱাৰ্ডৰ সদস্য আবুল হাচিমক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে ২০২১-২২ বৰ্ষত ডিক্ৰং গাঁও পঞ্চায়তত অনুমোদিত চাৰি শতাধিক গৃহৰ ভিতৰত ১৯ টা গৃহ নিৰ্মাণ নকৰাকৈ গৃহ নিৰ্মাণৰ ভুৱা ফটো জমা দি বহু লাখ টকা এটা চক্ৰই সৰকাই নিয়ে৷ এই সন্দৰ্ভত যোৱা ৩১ মে’ত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল৷ এই বাতৰি প্ৰকাশৰ পোৱাৰ পাছত যোৱা ৩ জুনত কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে বিহপুৰীয়া থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷ পঞ্চায়তখনত সংঘটিত হোৱা এই ভয়ংকৰ কেলেকাৰিৰ বিষয়ে লক্ষীমপুৰৰ উপায়ুক্তক স্থানীয় কেইজনমান সচেতন ব্যক্তিয়ে লিখিত অভিযোগ দাখিল কৰাত জিলা উপায়ুক্তগৰাকীয়ে লক্ষীমপুৰ জিলা পৰিষদৰ এজন উপ-কাৰ্যবাহী বিষয়াক তদন্তৰ দায়িত্ব ন্যস্ত কৰাত বিষয়াগৰাকীয়ে চৰজমিন তদন্ত চলাই উক্ত কেলেংকাৰি সন্দৰ্ভত যোৱা ২ জুনত প্ৰতিবেদন দাখিল কৰে৷ উক্ত প্ৰতিবেদন লাভ কৰাৰ পাছত উপায়ুক্তগৰাকীয়ে কৰুণাবাৰী উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক মতাই নি এই সন্দৰ্ভত আৰক্ষীক গোচৰ দিবলৈ পৰামৰ্শ দিয়ে৷ সেই মৰ্মে কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়াই যোৱা ৩ জুনত বিহপুৰীয়া থানাত এজাহাৰ দাখিল কৰাত উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ডিক্ৰং গাঁও পঞ্চায়তৰ সচিবসহ তিনিজনক গ্ৰেপ্তাৰ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More