পুনৰ্জন্ম ! সফল গাহৰিৰ ওপৰত কৰা পৰীক্ষাঃ এতিয়া মানুহৰ পাল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ আগষ্ট : মৃত্যুৰ সিপাৰৰ পৰা কাৰোবাক ঘূৰাই অনাটো সম্ভৱনে? এবাৰ মৃত্যু হ’লে পুনৰ জীৱনলৈ ঘূৰি অহাটো সম্ভৱ? বিজ্ঞানে প্ৰায় এনে এক অসম্ভৱক সম্ভৱ কৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে। আৰু ইয়াৰ আঁৰত আছে ইয়েল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ ভূমিকা। ৩ আগষ্ট বুধবাৰে Nature পত্ৰিকাত এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছে। উক্ত গৱেষণা পত্ৰৰ মতে ইয়েল বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে মৰা গাহৰি এটাক পুনৰ জীৱিত কৰি তুলিছে।
* কিদৰে সম্ভৱ?
মৃত গাহৰিৰ মৃতদেহটোত মৃত্যুৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিল। বিভিন্ন অংগৰ কোষবোৰ এটা এটাকৈ মৰিবলৈ ধৰিছিল। এনে অৱস্থাত বিজ্ঞানীসকলে কৃত্ৰিমভাৱে হৃদযন্ত্ৰ আৰু মগজুৰ কাম পুনৰ আৰম্ভ কৰি দিয়ে। এটা নিৰ্দিষ্ট ছন্দত হৃদযন্ত্ৰই পুনৰ কাম কৰিবলৈ আৰম্ভ কৰে। মগজুৱেও আংশিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতেই প্ৰকৃত যাদু। বিজ্ঞানীসকলে দেখিলে যে যিবোৰ অংগ-প্ৰত্যংগ মৃত্যুমুখত পৰিছিল, সেইবোৰৰ কোষ, নতুন কোষৰ পুনৰ জন্ম হ’বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ অংগবোৰ পুনৰ জীৱিত হৈ আহিছে। কিন্তু গৱেষণা পত্ৰখন লিখাৰ সময়লৈকে গাহৰিটোৰ চেতনা ঘূৰি অহা নাছিল। অৱশ্যে বাকী অংগবোৰে স্বাভাৱিকভাৱে কাম কৰি আছে বা সঁচাকৈয়ে ক’বলৈ গ’লে এইবোৰ ক্ষয়ৰ কোনো লক্ষণ দেখা পোৱা নাই।
* ইয়াৰ ফল কি হ’ব পাৰে?
এই পৰীক্ষা সফল হ’লে সোনকালেই দুটা সুবিধা লাভ কৰিব বুলি বিজ্ঞানীসকলে কৈছে। কাৰোবাৰ মৃত্যুৰ পিছত তেওঁৰ অংগ-প্ৰত্যংগ আন এজনৰ শৰীৰত প্ৰতিস্থাপন কৰিলে এই ক্ষেত্ৰত লাভজনক হ’ব। কাৰণ বহু সময়ত উপযুক্ত যত্নৰ অভাৱত মৃত্যুৰ পিছত অংগবোৰ নষ্ট হৈ যায়। ফলত সেইবোৰ আৰু ব্যৱহাৰযোগ্য নহয়। এনে ক্ষেত্ৰত সেই সমস্যা ৰোধ কৰিব পৰা যায়। দ্বিতীয়তে, কিছু ক্ষেত্ৰত তীব্ৰ হাৰ্ট এটেক বা মগজুৰ ৰক্তক্ষৰণৰ পিছত ব্যাপক অংগ ক্ষতি হয়। ফলত সেই ক্ষতিৰ পৰা অংগবোৰ পুনৰুদ্ধাৰ কৰিব পৰা যায়।
* মৃতকক সম্পূৰ্ণৰূপে জীৱিত কৰিব পৰা যাবনে?
এই প্ৰশ্নৰ উত্তৰ এতিয়াও বিজ্ঞানীসকলে দিব পৰা নাই। শৰীৰৰ বিভিন্ন অংগবোৰক কামত লগাই দিলেও আৰু সেই অংগবোৰৰ কোষৰ ক্ষতি ৰোধ কৰিব পাৰিলেও সংজ্ঞা সম্পূৰ্ণৰূপে ওলোটা কৰিব পৰা যাবনে নাযায় সেয়া এতিয়াও স্পষ্টকৈ ক’ব পৰা নাই।
* মানুহৰ ক্ষেত্ৰত এনেকুৱা হ’বনে?
বিজ্ঞানীসকলে এই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই। অৱশ্যে মানুহৰ ক্ষেত্ৰতো এনে হ’ব পাৰে। সেই লক্ষ্যৰ দিশেই আগবাঢ়িছে বিজ্ঞান। কিন্তু তাৰ বাবে আমি আৰু বহুদিন অপেক্ষা কৰিব লাগিব। কাৰণ এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে।