পুৰণা পেঞ্চন নীতিৰ বাহাল ৰখাৰ দাবীত তেজপুৰত কৰ্মচাৰীৰ প্ৰতিবাদ

0 14

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২২ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো চৰকাৰী কৰ্মচাৰী সকলে আজি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত অসহযোগ কাৰ্যসূচী পালন কৰে৷ উল্লেখযোগ্য যে, ৰাজ্যৰ প্ৰায় ৩০টা সংস্থা-সংগঠনৰ ঐক্যমঞ্চ সিদ্ধান্ত মৰ্মে আজি আৰু ২৩ আগষ্টত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই এইদৰে দুদিনীয়া কাৰ্যসূচীৰে কৰ্ম বিৰতি পালন কৰিছে৷ সেই মৰ্মে সংস্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাত শোণিতপুৰ জিলাৰ বিভিন্ন সংস্থা- সংগঠনৰ সহযোগত তেজপুৰ আদালত চাৰিআলিৰ পৰা এক সমদল বাহিৰ কৰে৷ কাইলৈ প্ৰতিবাদকাৰী সকলে শোণিতপুৰৰ আয়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰও ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলিও সদৰী কৰে৷ উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি আজি তেজপুৰৰ মহাবিদ্যালয়, আদালত, জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷ পুৰণা পেঞ্চন নীতিৰ বাহাল ৰখাৰ দাবীৰে তেজপুৰ আদালত চাৰীয়ালিত বৃহৎ সংখ্যক কৰ্মচাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী কৰ্মচাৰী সকল নিজা কৰ্মস্থলীত পুৱাৰ পৰা উপস্থিত থাকে যদিও কোনো ধৰণৰ কামকৰাৰ পৰা বিৰত থাকে৷ প্ৰতিকূল বতৰ মাজতে কৰ্মচাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে “এক দেশ এক নীতিৰ আধাৰত পুৰণা পেঞ্চন নীতি বাহাল ৰাখক, চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা কৰক আদি শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More