পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ জিলা দিৱস বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন

১৯৮৩ চনৰ ৩ আগষ্টত অবিভক্ত দৰং জিলাৰ পৰা আঁতৰি গঠন হৈছিল শোণিতপুৰ জিলা 

0 82
  • পুন:নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্ঘাটন
  • তেজপুৰৰ চিত্ৰশিল্পীৰ লাইভ কেনভাচত উদ্ভাসিত হ’ল শোণিতপুৰৰ ইতিহাস আৰু নান্দনিকতা
  • চাইকেল ৰেলী, যোগ শিবিৰত কেবাশ লোকৰ অংশ গ্ৰহণ
  • শোণিতপুৰৰ ইতিহাস সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ড° ৰাজেন শইকীয়াৰ দ্বাৰা বিশেষ বক্তৃতা
  • শোণিতপুৰক ঐতিহ্যই মহীয়ান কৰি তুলিছে – পীযুষ হাজৰিকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ আগষ্ট : বৰ্তমান সময়ত চৰকাৰে প্ৰত্যেক জিলাৰ ঐতিহ্যক উদ্ভাসিত কৰি আগন্তুক সময়ত জিলাসমূহৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি “জিলা দিৱস” উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।চৰকাৰৰ এনে সিদ্ধান্তৰ অংশ হিচাপেই বিগত বৰ্ষৰ পৰা শোণিতপুৰ জিলাৰো প্ৰতিষ্ঠাৰ দিনটোক উপলক্ষ কৰি “জিলা দিৱস” উদযাপনৰ প্ৰয়াস কৰাৰ পিছত আজি পুৱাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় “শোণিতপুৰ জিলা দিৱস” ।20230803 191332 উল্লেখ্য যে, ১৯৮৩ চনৰ ৩ আগষ্টৰ ঐতিহাসিক দিনটোতে অবিভক্ত বৃহত্তৰ দৰং জিলাৰ পৰা ফালৰি কাটি নিজত্ব প্ৰাপ্তি ঘটিছিল পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ। স্বকীয় ভৌগোলিক আৰু প্ৰশাসনিক শৃংখলৰে চাৰিটা দশকৰ পৰিক্ৰমাৰে বৰ্ষপূতিৰ স্বৰ্ণোজ্বল মুহূৰ্তত আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ ৰাইজৰ সহযোগত পুৱা ৬ বজাত তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত “চাইকেল ৰেলী” উদ্বোধন কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাসৰ লগতে জিলাখনৰ প্ৰশাসনিক বিষয়া – কৰ্মচাৰী, বিভিন্ন বিভাগৰ মুৰব্বী আৰু শিক্ষাৰ্থীয়ে অংশ লোৱা এই চাইকেল ৰেলী তেজপুৰ চহৰ পৰিভ্ৰমণ কৰে।20230803 191410 ইয়াৰ পিছতেই পুৱা ৭ বজাত শোণিতপুৰ জিলা পাৰিপাশ্বিৰ্ক সমাজৰ উদ্যোগত পুণঃনিৰ্মিত “আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান” আনুষ্ঠানিক ভাৱে মাংগলিক পৰিৱেশত ফিটা কাটি উদ্ঘাটন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, বিশিষ্ট উদ্যোগপতি মদন সিং, জ্যেষ্ঠ অধিবক্তা মাধুৰ্য্য গোস্বামী, সমাজকৰ্মী, কবি ডলী গোস্বামী, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাস, ৰাজ বৰুৱা, কবিতা কাকতি কোঁৱৰ, পংকজ বৰা আৰু আন প্ৰশাসনিক বিষয়া আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ইয়াৰ পিছতেই আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানতে “যোগ শিবিৰ” আৰু তেজপুৰৰ চিত্ৰশিল্পী সকলৰ “লাইভ কেনভাচ” শীৰ্ষক অনুষ্ঠান শুভাৰম্ভ কৰে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে ।উল্লেখ্য যে বিশিষ্ট যোগ প্ৰশিক্ষক নমিতা ডেকা লহকৰৰ পৰিচালনাত এই যোগ শিবিৰত জিলা প্ৰশাসনৰ বিষয়া – কৰ্মচাৰীৰ লগতে এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা আৰু শিক্ষাৰ্থী সহ কেবাশ লোকে অংশগ্ৰহণ কৰে ।আনহাতে লাইভ কেনভাচত অংশ গ্ৰহণ কৰা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ৰাতুমণি দাসৰ লগতে জ্ঞানেন্দ্ৰ নাথ বৰা, হৰেশ্বৰ শইকীয়া, ৰাজু বৰাকে ধৰি বহুকেইগৰাকী জিলাখনৰ চিত্ৰশিল্পীক শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ভাৱে সন্মানিত কৰে। ইয়াৰ সমান্তৰালকৈ চিত্ৰলেখা উদ্যানত শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হয় “বেটী বচাঁও বেটী পঢ়াঁও” শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা। পুৱা ৯-৩০ বজাত জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগনত জৈৱিক ভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ আৰু কৃষি সজুঁলি প্ৰদৰ্শন শিবিৰ উদ্ঘাটন কৰে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই, পুৱা ১০ বজাত তেজপুৰ ৰটাৰী ক্লাৱৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত “Medical Mammography Awareness Camp” উদ্বোধন কৰে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে, পুৱা১০-১৫ বজাত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগ, ভাৰতীয় ৰেডক্ৰছ চচাইটিৰ তেজপুৰ শাখাৰ সহযোগত আৰু ভগবান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সৌজন্যত দিব্যাংগ ব্যক্তিসকলৰ বাবে ৩ দিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া ‘কৃত্ৰিম অংগ সংযোজন আৰু সহায়ক সজুঁলি বিতৰণ শিবিৰ” শুভাৰম্ভ কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই পুৱা ১০-৩০ বজাত বুঢ়া চাপৰি অভয়াৰণ্যত বন বিভাগ আৰু পশ্চিম গুৱাহাটী ৰটাৰী ক্লাবৰ সৌজন্যত “বিস্তৃত বৃক্ষৰোপণ” ৰ কাৰ্যসূচী শুভাৰম্ভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰীয় সঞ্চালক যতীন্দ্ৰ শৰ্মাই, দিনৰ ২ বজাত তেজপুৰ ৰটাৰী ক্লাব আৰু “Animal Welfare Club, Tezpur University”ৰ সহযোগত তেজপুৰ বিশ্ববিদ্যালয়ত “Animal Welfare Shelter Home“ আৰু “Animal Vaccination Camp” শুভাৰম্ভ কৰে শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আৰু বিয়লি ৪ বজাত তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠিত হয় শোণিতপুৰ জিলা দিৱসৰ মূল অনুষ্ঠান। জিলা প্ৰশাসনৰ বিষয়া – কৰ্মচাৰীৰ লগতে তেজপুৰৰ শিল্পীৰ দ্বাৰা বংকিম শৰ্মা ৰচিত আৰু দিলীপ চৌধুৰী সুৰাৰোপিত শোণিতপুৰৰ বিষয়ে লিখা সমবেত গীতেৰে আৰম্ভ হোৱা আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই আদৰণী ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেজপুৰক উপলক্ষ্য কৰি ৰচনা কৰা কালজয়ী গীত “মোৰ লক্ষ্য স্হান তেজপুৰ” পৰিৱেশন কৰে তেজপুৰৰ গায়িকা অন্বেষা কাঞ্চন বৰাই।20230803 191429 উল্লেখ্য যে তেজপুৰ তথা জিলাখনকলৈ এটি দৃশ্য শ্ৰাব্য ভিডিঅ মুখ্য অতিথি মন্ত্ৰী পীযুষ হাজৰিকাৰ দ্বাৰা উন্মোচন হোৱা এই অনুষ্ঠানতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ময়ূৰ হাজৰিকাৰ লগতে কেবাগৰাকীও কৃতী শিক্ষাৰ্থীক শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ভাৱে অভিনন্দন জ্ঞাপন কৰে। আনহাতে শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্য অতিথি ৰূপে ভাষণ আগবঢ়াই পুৰাণ, ভাগৱতত উল্লেখ থকা বৰ্ণিল ইতিহাস সদৰী কৰি তেজপুৰ তথা শোণিতপুৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথাও সদৰী কৰে। মন্ত্ৰী হাজৰিকাই ঐতিহ্যই শোণিতপুৰক মহীয়ান কৰি তুলিছে বুলি মন্তব্য কৰে ।এই মূল অনুষ্ঠানতে ৰাজ্যখনৰ বিশিষ্ট ইতিহাসবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰাজেন শইকীয়াই “শোণিতপুৰৰ জীৱন গাঁথা, ইয়াৰ উদ্ভাৱন, উত্তৰণ আৰু উদযাপনৰ” শীৰ্ষক এক গুৰুত্বপূৰ্ণ বিষয়ত সাৱলীল ভাষণেৰে সকলোকে আপ্লুত কৰে। ড° শইকীয়াই আমি সদায় ঐতিহ্যৰ কথা কওঁ যদিও ঐতিহ্যক সুৰক্ষিত কৰি ৰাখিবলৈ কিমান চেষ্টা কৰিছোঁ? ঐতিহ্যক সুৰক্ষিত কৰি ৰাখিব পাৰিলেহে সকলো সুৰক্ষিত হৈ থাকিব। ঐতিহ্যৰ প্ৰতি আমি সচেতন হোৱাৰ প্ৰয়োজন আছে। ঐতিহ্য বস্তুটো আমি নিৰ্মাণ কৰিব লাগিব। এই নিৰ্মাণ চৰকাৰে কৰিব নোৱাৰে। ৰাইজে কৰিব লাগিব, মানুহে কৰিব লাগিব। উঠি অহা প্ৰজন্মৰ মাজত নিজৰ ভাষা, সংস্কৃতিৰ প্ৰতি সচেতনতাৰ আজি অভাৱ হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি বিশিষ্ট ইতিহাসবিদ ড° শইকীয়াই উঠি অহা প্ৰজন্মক ঐতিহ্য প্ৰীতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিব লাগিব বুলি কয়। ঐতিহ্যক বিস্তাৰিত আৰু সমৃদ্ধ কৰিব পাৰিব লাগিব। আমাৰ দেশৰ ভাষা – সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে শক্তি লাগিব, সেই শক্তি মানসিক শক্তি বা মেধাৰ শক্তি লাগিব বুলি কয়। ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱা লোক নদীত উটি অহা জাজীৰ দৰে ওপৰত উৰি ফুৰা লোক বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More