পৃথিৱীৰ আটাইতকৈ নিঃসংগ মানুহজনৰ মৃত্যু

বিলুপ্ত হ'ল এটা জনজাতি

0 61
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ আগষ্ট : পৃথিৱীৰ আটাইতকৈ নিঃসংগ মানুহ তেওঁ! তেওঁক hole man বুলিও জনা যায়। শেহতীয়াকৈ তেওঁৰ মৃত্যু হৈছে। তেওঁ এজন আদিবাসী। এটা বিৰল আদিম জনগোটৰ এজন প্ৰতিনিধি। বিগত ২৬ বছৰে তেওঁ সম্পূৰ্ণ অকলশৰীয়াকৈ জীয়াই আছিল। হয়, তেওঁ ব্ৰাজিলৰ বৰ্ষাৰণ্যত বাস কৰিছিল। কিছুদিন পূৰ্বে এটা কুটিৰৰ বাহিৰত ওলমি থকা দোলনাত উদ্ধাৰ হৈছিল তেওঁৰ মৃতদেহ। তথ্য অনুসৰি কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ প্ৰাণ হেৰুওৱা নাছিল। বৰং অকলশৰীয়া মানুহজনৰ শৰীৰত ৰঙীন পাখি দেখা গৈছে। এই ব্যৱস্থাটো চাই এনে লাগে যেন মানুহজনে হয়তো মৃত্যুৰ বাবে প্ৰস্তুতি চলাই আছিল! তেওঁৰ বয়স প্ৰায় ৬০ বছৰ। ১৯৯০ চনত প্ৰথম আৱিষ্কাৰ হৈছিল এই লোকজনক। ব্ৰাজিলৰ ফেডাৰেল আৰক্ষীয়ে এতিয়া খিলঞ্জীয়া লোকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি প্ৰতিবেদন প্ৰকাশ কৰিব। ব্ৰাজিলৰ অৰণ্যৰ বাসিন্দাজনৰ মৃত্যুত আচৰিত আৰু কৌতুহল প্ৰকাশ কৰি ‘অবজাৰ্ভেটৰী ফৰ দ্য হিউমেন ৰাইটছ অৱ আইছ’লেটেড এণ্ড ৰিচেণ্টলি কন্টাক্টেড ইণ্ডিজেনাছ পিপলছ’-এ কয় যে মৃত লোকজনৰ বাসস্থানৰ কোনো ইংগিত পোৱা নাই যে তেওঁ কোনটো জনগোটৰ ঐতিহ্য কঢ়িয়াই লৈ ফুৰিছিল বা কিয় তেওঁ নিজৰ কুটিৰৰ বাহিৰত গাঁত খান্দিছিল, যাৰ বাবে তেওঁক ‘গৰ্ত মানৱ’ বুলি জনা গৈছিল। কিন্তু জনা যায় যে মৃত ব্যক্তিজন এনে এটা আদিম জনগোষ্ঠীৰ আছিল, যাৰ সংস্পৰ্শলৈ সভ্য পৃথিৱীখন প্ৰায়ে যোৱা নাই। ফলত তেওঁলোকৰ বিষয়ে কোনো ব্যৱহাৰিক জ্ঞান সংগ্ৰহ কৰা হোৱা নাই। আটাইতকৈ দুখৰ বিষয় যে তেওঁৰ নাম কি আছিল (যদি আচলতে আছিল) বা তেওঁ কি ভাষা কৈছিল এই তুচ্ছ সবিশেষবোৰো জানিব পৰা হোৱা নাই। Man of holes নামেৰে জনাজাত মানুহজনে নিজৰ কুটিৰৰ বাহিৰত কিয় গাঁত খান্দিলে তাৰ এটা ব্যাখ্যা অৱশ্যে আছে। কোৱা হয় যে তেওঁ চিকাৰৰ বাবে এই গাঁত খান্দিছিল। নিশ্চিত হ’ব পৰা কথাটো হ’ল যে, তেওঁ আছিল তেওঁ প্ৰতিনিধিত্ব কৰা জনগোটটোৰ শেষৰজন জ্ঞাত প্ৰতিনিধি।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More