পৃথিৱীৰ সমান পুৰণি ভূত্বকৰ অংশ আৱিষ্কাৰ

আকাৰত আয়াৰলেণ্ডৰ সমান

0 35
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰঃ আয়াৰলেণ্ডৰ সমান আকাৰৰ পৃথিৱীৰ ভূত্বকৰ এটা চাৰি মিলিয়ন বছৰ পুৰণি অংশ পশ্চিম অষ্ট্ৰেলিয়াৰ তলত ওপঙি থকা অৱস্থাত আৱিষ্কাৰ হৈছে। যোৱা ১৭ জুনত Terra Nova নামৰ আলোচনীখনৰ অনলাইন সংস্কৰণত প্ৰকাশ পোৱা গৱেষণা অনুসৰি, পুৰণি খোলাটো কমেও ৩৮,৬১০ বৰ্গমাইল (১ লাখ বৰ্গ কিলোমিটাৰ) এলেকাত বিস্তৃত আৰু মাটিৰ বহু কিলোমিটাৰ তলত আছে। পৃথিৱীৰ বয়স ৪.৫৪ বিলিয়ন বছৰ আৰু পৃথিৱীৰ ভূত্বকৰ এই টুকুৰাটো ৪ বিলিয়ন পুৰণি; যাৰ বাবে ই পৃথিৱীৰ আটাইতকৈ পুৰণি ভূমিৰ ভিতৰত অন্যতম। Space আলোচনীৰ মতে, হাডছন উপসাগৰৰ পূব পাৰত অৱস্থিত আৰু ৪.৩ বিলিয়ন বছৰ আগৰ কানাডিয়ান শ্বিল্ডৰ শিলবোৰ আটাইতকৈ পুৰণি হিচাপে চিহ্নিত হৈ আহিছিল। প্লেট টেক্টনিকছৰ বাবে, যিয়ে অবিৰতভাৱে আলোড়িত কৰি পৃথিৱীৰ খোলাটোক পুনৰ মেণ্টেলৰ ভিতৰলৈ ঠেলি দিয়ে, যোৱা দুই বিলিয়ন বছৰৰ ভিতৰতে গ্ৰহটোৰ শিলৰ পৃষ্ঠৰ অধিকাংশই গঢ় লৈ উঠিছিল। গৱেষকসকলে অষ্ট্ৰেলিয়াৰ জেক হিলছৰ ওচৰত এই খোলা আৱিষ্কাৰ কৰিছে, যিটো স্থানত ৪.৪ বিলিয়ন বছৰ আগৰ জিৰকন নামৰ সৰু সৰু খনিজ পদাৰ্থও আছে। ফলত ই এতিয়া পৃথিৱীৰ আটাইতকৈ পুৰণি সামগ্ৰী হিচাপে পৰিগণিত হৈছে। অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী তথা অধ্যয়নৰ সহ-লেখক মেক্সিমিলিয়ান ড্ৰ’এলনাৰে এক বিবৃতিত কয় যে পশ্চিম অষ্ট্ৰেলিয়াত শেহতীয়াকৈ আৱিষ্কাৰ হোৱা টুকুৰাটোৰ দৰে আটাইতকৈ পুৰণি খোলাটো প্ৰায় ৪ বিলিয়ন বছৰ আগৰ হোৱাৰ প্ৰৱণতা আছে। তেওঁ কৈছে যে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে পৃথিৱীৰ ইতিহাসৰ সেই সময়ছোৱাত কিবা এটা উল্লেখযোগ্য ঘটিছিল। তেওঁ কয়— “আমাৰ তথ্যসমূহ বৰ্তমানৰ তথ্যৰ সৈতে তুলনা কৰিলে দেখা যায় যে বিশ্বৰ বহু অঞ্চলে আগতীয়াকৈ খোলা গঠন আৰু সংৰক্ষণৰ একে সময়ৰ অভিজ্ঞতা লাভ কৰিছিল। এইটোৱে প্ৰায় চাৰি বিলিয়ন বছৰৰ আগতে পৃথিৱীৰ বিৱৰ্তনৰ এক উল্লেখযোগ্য পৰিৱৰ্তনৰ ইংগিত দিয়ে, কিয়নো উল্কাপিণ্ডৰ বোমাবৰ্ষণ কমি আহিল, ভূত্বক স্থিতিশীল হৈ পৰিল আৰু পৃথিৱীত জীৱ প্ৰতিষ্ঠা হ’বলৈ আৰম্ভ কৰিলে।” অঞ্চলটোত পোৱা পলসৰ ভূ-ৰাসায়নিক ইংগিতৰ ভিত্তিত ড্ৰ’লমাৰ আৰু তেওঁৰ সহযোগীসকলে বিশ্বাস কৰে যে তাত এটা পুৰণি খোলা পোত গৈ থকা অৱস্থাত আছে। গৱেষকসকলে লিখিছে যে ৪ বিলিয়ন বছৰৰ আগতে এই খোলাটো কেনেকৈ গঠন হৈছিল সেই বিষয়ে বুজিব পাৰিলে মহাদেশসমূহৰ প্ৰাৰম্ভিক সৃষ্টিৰ বিষয়ে অধিক জানিব পাৰিব। এই সময়ছোৱাত গ্ৰহটোৰ পৃষ্ঠভাগ অহৰহ স্থানান্তৰিত হৈ আছিল আৰু আদিম পৃথিৱীৰ অতি কমসংখ্যক অৱশিষ্ট জীয়াই আছিল। এই সময়ছোৱাই বৰ্তমানৰ দৰে গ্ৰহটোৰ ভেটি স্থাপন কৰিছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More