প্লাষ্টিক বৰ্জিত পৰিবেশ গঢ়ি তোলাৰ আহ্বান : তেজপুৰত আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বিশ্ব পাৰিপাৰ্শ্বিক দিৱস

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩ জুনঃ সমগ্ৰ বিশ্বতে প্ৰতিদিনে গড়ে ৪০ হেজাৰ নিযুত টন প্লাষ্টিকে প্ৰদূষণ কৰি আহিছে। এই পৰিমান ক্ৰমাৎ বৃদ্ধি পাই আহিছে। গতিকে ইয়াৰ বিৰুদ্ধে বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্লাষ্টিক পেলাই দিলে মাটিৰ উৰ্বৰা নষ্ট কৰাৰ বিপৰীতে পুৰি পেলালে পৰিবেশ প্ৰদূষণ কৰে। বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে আজি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত এক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি এই মন্তব্য কৰে শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়ধীশ চত্ৰ ভূষন গগৈয়ে৷ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰম্ভ হোৱা পাৰিপাৰ্শ্বিক দিৱসৰ কাৰ্যসূচী অনুসৰি,তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ন্যায়ধীশ চত্ৰ ভূষন গগৈয়ে এটা আম পুলি ৰোপনৰে শুভাৰম্ভ কৰা এই কাৰ্যসূচীত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ দ্বয় নিশান্ত গোস্বামী আৰু ৰঞ্জু মেধিৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব প্ৰতীশ চৌধুৰীয়ে একোটাকৈ ফলৰ পুলি ৰোপন কৰে। বিদ্যালয়খনৰ সভাগৃহত অনুষ্ঠিত সজাগতা সভাত জিলা আৰু সত্ৰ ন্যায়ধীশ চত্ৰ ভূষন গগৈয়ে ছাত্ৰ ছাত্ৰী উদ্দেশ দিয়া ভাষণত কয় যে পৰিবেশ সংৰক্ষণ কৰাৰ বাবে বৃক্ষ আমাৰ অতি প্ৰয়োজন। বায়ু- পানী আৰু গছ এখন সুস্থ পৰিবেশৰ বাবে প্ৰয়োজন যদিও সমগ্ৰ বিশ্বতে বৃক্ষৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আৰু ইয়াক আমি পুনৰ উদ্ধাৰ কৰিব লাগিব। তেওঁ বিশ্ব পৰিবেশ দিৱসৰ মূল উদ্দেশ্য – প্লাষ্টিক বৰ্জিত পৰিবেশ সৃষ্টিৰে প্ৰদূষণ মূক্ত কৰা সন্দৰ্ভত দাঙি ধৰি কয় লগতে কয় যে, সকলোৱে প্লাষ্টিক বৰ্জন কৰিব লাগে। সভাত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নিশান্ত গোস্বামীয়ে কয় যে, সকলোৱে সৰুৰে পৰা প্লাষ্টিক বৰ্জিত পৰিবেশ গঢ়ি তোলাৰ বাবে অভ্যাস কৰিব লাগিব। যতে ততে পেলনীয়া প্লাষ্টিক পেলায় বাট পথ, নলা নৰ্দমা সমুহ বন্ধ প্ৰায় নকৰিবলৈ আহ্বান জনায় তেওঁ বজাৰ সমাৰৰ বাবে নিজাববীয়াকৈ মোনা ব্যৱহাৰ কৰিব লাগে বুলি কয়। তেওঁ লগতে কয় যে,এজোপা গছ ডাঙৰ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন কিন্তু মূহুৰ্ততে কাটি আমি পৰিবেশ বিনষ্ট কৰিছো। কেৱল মানব জাতিৰে নহয় অন্য জীৱ জন্তু, চৰাই চিৰিকটি সকলোৰে বাবে বৃক্ষৰ প্ৰয়োজন। আইন সেৱা প্ৰাধিকৰণৰ সমন্বয়ক চাজিদুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানত আইন প্ৰতিৰক্ষা সেৱাৰ মূখ্য বিষয়া ৰূপজ্যোতি বৰুৱা তেজপুৰ একাডেমী অধ্যক্ষা সহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আজি আদালত চৌহদতএখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More