প্ৰতি ৪৪ ছেকেণ্ডত ১ জন ব্যক্তিৰ মৃত্যু হৈ আছে!

এতিয়াও ভয়ংকৰ কভিড

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : কৰ’না এতিয়া নিয়ন্ত্ৰণত আছে— এনে এটা ধাৰণা যোৱা কেইমাহমানৰ পৰা প্ৰচাৰ হৈ আহিছে। কিন্তু এই লৈ আত্মতুষ্টিৰ কোনো কাৰণ নাই, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণীয়েই প্ৰমাণ কৰিছে। এতিয়াও বিশ্বজুৰি প্ৰতি ৪৪ ছেকেণ্ডত ১ জনৰ মৃত্যু হয় কভিড সংক্ৰমণৰ বাবে। টেড্ৰছ আধানম ঘেব্ৰেইছাছে সতৰ্কবাণী শুনাই দিছে। অৱশ্যে তেওঁ মাংকী পক্সক লৈ আশাৰ বাৰ্তা দিছে। তেওঁ দাবী কৰে যে আতংকৰ অন্ত পৰাৰ কথা কোৱাৰ সময় অহা নাই, কিন্তু ইউৰোপত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা কমি আহিছে। কৰ’নাই এতিয়াও ভয় বিয়পাই আছে। তেওঁ সোঁৱৰাই দিয়ে যে কৰ’না ভাইৰাছ এতিয়াও শেষ হোৱা নাই। শেহতীয়াকৈ টেড্ৰ’ছে সাংবাদিকসকলৰ আগত কয় যে বিশ্বত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা আৰু কৰ’নাৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে, যিটো এটা ইতিবাচক কথা। কিন্তু পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে নিষ্পত্তি হোৱা নাই। আগন্তুক দিনত পুনৰ যে পৰিস্থিতিৰ অৱনতি নহ’ব সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰি৷ বৰঞ্চ পৰিস্থিতি ঠিক হৈছে বুলি ভবাটোৱেই আটাইতকৈ ক্ষতিকাৰক কথা বুলি তেওঁ কয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, সাপ্তাহিক কভিড প্ৰতিবেদনৰ ক্ষেত্ৰত ক’ব পাৰি যে সংক্ৰমণ বহু পৰিমাণে হ্ৰাস পাইছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পোৱা পৰিসংখ্যাৰ পৰা কমেও ৮০ শতাংশ সংক্ৰমণ হ্ৰাস পাইছে। কিন্তু যোৱা সপ্তাহৰ হিচাপত কোৱা হৈছে যে কৰ’নাৰ বাবে প্ৰতি ৪৪ ছেকেণ্ডত এজন লোকৰ মৃত্যু হৈছে। কিন্তু তেওঁ সান্ত্বনাৰ বাণী শুনাই কয়— ইচ্ছা কৰিলে এই সকলোবোৰ মৃত্যুৰ পৰা হাত সাৰিব পাৰি। মাস্ক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰাৰ সময় এতিয়াও হোৱা নাই। ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰা কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিখন দেশৰ চৰকাৰে ঠিক কি কৰিব লাগিব সেই সম্পৰ্কে WHO-এ শীঘ্ৰেই এক নিৰ্দেশনা প্ৰদান কৰিব। তদুপৰি নিয়মীয়া পৰীক্ষা আৰু টিকাকৰণৰ দৰে বিষয়বোৰত অতিৰিক্ত গুৰুত্ব দিব লাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাই কৈছে। সংস্থাৰ মতে মাস্ক অবিহনে ৰাজপথলৈ ওলাই যোৱা বন্ধ কৰিব লাগে। মাস্ক এৰি যোৱাৰ সময় এতিয়াও অহা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More