প্ৰথম অসম কন্যা মুনমুনী ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত

আনৰ হকী ষ্টিক লৈ হ’লেও খেলিছিল

0 31

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত প্ৰথম গৰাকী অসমীয়া যুৱতী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছে তিনিচুকীয়াৰ মুনমুনী দাস ৷IMG 20221130 WA0040 তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ হকী সম্পাদক প্ৰেমানন্দ খনিকৰৰ তত্ত্বাৱধানত হকীৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ গ্ৰহণ কৰা মুনমুনী হৈছে তিনিচুকীয়াৰ ককৰাতলি গাৱঁৰ বাসিন্দা ৷ প্ৰয়াত কলীয়া দাস আৰু বৈজয়ন্তী দাসৰ কন্যা মুনমুনীৰ সৰুৰে পৰাই হকী খেলত যথেষ্ট ৰাপ আছিল ৷ হকী খেলৰ প্ৰতি থকা তাইৰ দুৰ্বলতা দেখি দৰিদ্ৰ পৰিয়ালৰ ছোৱালীজনীক আনৰ হকী ষ্টিক লৈ হ’লেও খেলিবলৈ উৎসাহ দিছিল প্ৰশিক্ষক খনিকৰ আৰু শুভাকাংক্ষীসকলে ৷ মানসিকভাৱে দৃঢ় মুনমুনীয়ে পঢ়াশুনাৰ সমান্তৰালকৈ চলাই গৈছিল হকীৰ অভ্যাস ৷ অসম হকী সন্থাই সময়ে সময়ে আয়োজন কৰা আন্তঃজিলা খেলত মুনমুনীৰ প্ৰদৰ্শন অসম হকী সন্থাৰ সম্পাদক তপন দাসৰ আৰু এন আই এছ প্ৰশিক্ষক নেপোলিয়ন সিঙৰ চকুত পৰাৰ পাছতে কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ পোৱাৰ পাছত বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলত অসম মহিলা হকী দলক প্ৰতিনিধিত্ব কৰি থকোতেই উৰিষ্যাৰ ভূৱনেশ্বৰত থকা নেভেল টাটা হকী হাই পাৰ্ফমেন্স একাডেমিলৈ নিৰ্বাচিত হয় ৷ তাত সুকলমে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাত উৰিষ্যা ৰাজ্যৰ লগতে উক্ত অনুষ্ঠানক প্ৰতিনিধিত্ব কৰি আহিছিল । শেহতীয়াকৈ ৫ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ বাংগালোৰত অনুষ্ঠিত এক প্ৰশিক্ষণ শিবিৰত সুযোগ লাভ কৰাৰ পাছতে মুনমুনী দাস ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত হৈ তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More