প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ বাবে বেংক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰী বিমল বড়াৰ

0 12

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ জুলাইঃ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনিৰ দ্ৰূত ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক স্বাৱলম্বী তথা ৰাজ্যত নিয়োজনৰ সুবিধা গঢ়ি তোলাৰ বাবে বেংকৰ ঋণ প্রদান ব্যৱস্থা সৰলীকৰণ কৰাৰ লগতে এই ক্ষেত্ৰত বেংকৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই কেবাটাও বেংক কৰ্তৃপক্ষৰে আজি আলোচনাত মিলিত হয়।IMG 1659188560113 আজি পুৱাৰ ভাগত ভাৰতীয় ষ্টেট বেংকৰ অসম চক্ৰৰ দিছপুৰস্থ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বেংকটোৰ অসম চক্ৰৰ মুৰব্বী অৰবিন্দ কুমাৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মন্ত্রী বিমল বড়াই নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চলক এক অন্য দৃষ্টিৰে চাবলৈ লৈছে বুলি মত প্রকাশ কৰি ৰাজ্যখনক বিকাশৰ পথত আগবঢ়াই নিয়াৰ বাবে বেংকটোৰ সহায় বিচাৰে। মুৰব্বী গৰাকীক যুৱচামক অধিক হাৰত ঋণ প্রদানৰ ব্যবস্থা কৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ পাছত মন্ত্রীগৰাকীয়ে চেণ্ট্ৰেল বেংকৰ মাণ্ডলিক কাৰ্যালয় আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ কেন্দ্রীয় চৰকাৰে পি এম ই জি পিৰ অধীনত এহেজাৰ কোটি টকা প্ৰদান কৰিব বুলি উল্লেখ কৰি এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে বেংক দুটিৰ ঋণৰ অংশীদাৰিত্ব বৃদ্ধিৰ আহ্বান জনায়। লগতে জনসাধাৰণে যাতে সময়মতে ঋণ লোৱা ধন পৰিশোধ কৰে তাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ব্যবস্থা গ্রহণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মন্ত্রীগৰাকীয়ে। এই বৈঠকত মন্ত্রী বিমল বড়াৰ সৈতে উদ্যোগ বিভাগৰ সচিব লক্ষ্মণন এছ, আয়ুক্ত ঐনাম শৰণ কুমাৰ সিং, খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ পূবৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ড° সুকমল দেৱ, অসম ঔদ্যোগিক আন্তগাঁথনি উন্নয়ন নিগমৰ সঞ্চালক কমল বৈশ্য উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More