প্ৰলোভনৰ জাল পেলাই লাখ লাখ টকা আত্মসাত  অংকুৰ-বিশাল প্ৰৱঞ্চক বাহিনীৰ

0 15
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ বিভিন্ন জনক চাকৰি নতুবা বদলিৰ প্ৰলোভনৰে লাখ লাখ টকা সৰকাইছিল তেজপুৰ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা ভুৱা  উপায়ুক্ত অংকুৰ শইকীয়া আৰু তেওঁৰ ১০জনীয়া দলটোৱে৷  এইক্ষেত্ৰত অংকুৰৰ প্ৰধান সহযোগী আছিল জামুগুৰিহাটৰ বিশাল হাজৰিকা নামৰ যুৱকজন।গোলাঘাট পাঁচআলিৰ অংকুৰ শইকীয়া আৰু বিশাল হাজৰিকা হ’ল প্ৰকৃততেই  প্ৰবঞ্চক৷সম্প্ৰতি এই দুই ভূৱা উপায়ুক্ত আৰু সহকাৰী বিষয়াৰ বিভিন্ন দুস্কাৰ্যৰ বিষয়ে প্ৰকাশ পাইছে৷আনকি ভূৱা উপায়ুক্তকলৈ বিশালে নিজা সম্পৰ্কীয় লোককো প্ৰৱঞ্চনা কৰিবলৈ এৰা নাছিল৷আনহাতে তেজপুৰত কেবল তিনিদিনেই নহয়,ইয়াৰ আগৰে পৰাই এই দলটোৱে বিচৰণ কৰিছিল আৰু তেজপুৰৰ সমীপৱৰ্তী বিহগুৰিৰ একাধিক লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰিবলৈ অহা বুলি প্ৰকাশ কৰিছিল৷আনহাতে বিশালে প্ৰথমতে সচিবালয়ত নিযুক্তি লাভ কৰাৰ পাছত শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়লৈ বদলি হোৱা আদি বিভিন্ন মিথ্যাচাৰৰ লগতে স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন বিভাগত নিযুক্তি আৰু বদলিকৰণৰ প্ৰলোভন দি লাখ লাখ টকা আত্মসাত কৰিছিল৷বিগত এমাহে বিলাসী বাহন,ৱাকীটকী সহ বাউঞ্চাৰ লগত লৈ স্বয়ম্ভূ উপায়ুক্ত হিচাপে ৰাজ্যত ঘূৰিফুৰা এই দলটোৱে শেহতীয়াকৈ  তেজপুৰত উপস্থিত হৈ  বিদ্যুৎ কলিতা নামৰ লোকজনৰ পৰা চাৰি লাখ ৮০ হেজাৰ টকা আত্মসাত কৰিছিল৷বিহগুৰি মেকনৰ চুবুৰী নিবাসী কলিতাৰ শালপতি জামুগুৰি হাটৰ  বিশাল নামৰ প্ৰৱঞ্চকজন৷ শালপতিৰ জৰিয়তেই ভূৱা উপায়ুক্ত অংকুৰে গুগল পে’ যোগে দুইলাখ ৮০হেজাৰ সৰকোৱাৰ উপৰি আৰু নগদ দুইলাখ টকা অংকুৰ তথা বিশালে আত্মসাত কৰে৷কলিতাৰ পুত্ৰক নিযুক্তি আৰু কন্যাৰ চাকৰি নিয়মীকৰণৰ প্ৰৱঞ্চনাৰে এই কাৰ্য সংঘটিত কৰা এই প্ৰৱঞ্চক দলে আনকি কালি প্ৰৱঞ্চিত কলিতাক  তেজপুৰৰ মিছন চাৰিআলিলৈকে জব্দকৃত থাৰখনত উঠাই আনিছিল৷একেদৰেই এই দলটোৱে  মোহন কলিতাৰ পৰা দুই লাখ ৩০ হেজাৰ, ধৰিত্ৰী সূতৰ পৰা এক লাখ ৪০ হেজাৰ টকা সহযোগী প্ৰৱঞ্চক বিশাল হাজৰিকাৰ জৰিয়তে লৈছিল অংকুৰ শইকীয়াই।উল্লেখযোগ্য যে বিশালৰ ভ্ৰাতৃ আৰু পিতৃও এই সমগ্ৰ ঘটনাৰে জড়িত থকাটো নিশ্চিত হৈছে৷ইন’ভা,মাৰাজ্জো,থাৰ আদি বাহনৰ লগতে আইপেড,ৱাকিটকি আদিৰে সৰ্বসাধাৰণক বুৰ্বক সজাই লাখে লাখে ধন আত্মসাত কৰা দলটোৱে সেয়ে তেজপুৰৰ উপকণ্ঠ অঞ্চলত প্ৰলোভনৰ জাল পেলোৱাৰ লগতে নিশা বিশালৰ সহায়ত জামুগুৰিহাটত আশ্ৰয় লৈছিল৷উল্লেখযোগ্য যে,অংকুৰ এক ঠগ বুলিয়েই বিভিন্নজনে মন্তব্য কৰাৰ লগতে পূৰ্বে এখন হোটেলত কাম কৰা বুলিও একাংশই প্ৰকাশ কৰিছে৷তেজপুৰ সদৰ আৰক্ষী থানাত ৰুজু হোৱা ৪৪৭/২৩ নম্বৰ গোচৰৰ ভিত্তিত ইতিমধ্যে অংকুৰৰ লগতে গ্ৰেপ্তাৰ হোৱা শোণিতপুৰৰ জামুগুৰিহাটৰ শেনচোৱাৰ দুই ভ্ৰাতৃ বিশাল হাজৰিকা আৰু বিকি হাজৰিকা,দুয়োৰে পিতৃ সোণ্টি হাজৰিকা,নগাঁও কামপুৰ এক নম্বৰ খলিহামাৰিৰ অচিন্ত দাস, গুৱাহাটী খাৰঘুলিৰ নিতুমণি দাস,নগাঁও শিমলুগুৰি ৰামপুৰ বস্তিৰ অজিত দাস,কামৰূপ গেৰুৱা হাদালাৰ কৌশিক কলিতা, কামৰূপ বোৰকাৰ হিমাল ভৰালী আৰু হাজো গেৰুৱাৰ ৰিংকু কলিতাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু দলটোৱে ৰাজ্যৰ আন অঞ্চলতো এনে দুস্কাৰ্য সংঘটিত কৰিছিল নেকি সেই সন্দৰ্ভতো সবিশেষ উদ্ঘাটন হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More