প্ৰসিদ্ধ নাট্যশিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লালৈ ২০২২ বৰ্ষৰ “চাতক সন্মান”

0 18
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ৪ আগষ্টঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ “চাতক সন্মান”। উল্লেখ্য যে, তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “চাতক”এ ধাৰাবাহিক ভাবে প্ৰতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰাম প্ৰসাদ ভূঞা-ফুলেশ্বৰী ভূঞা সোঁৱৰণী আৰু জীতেন্দ্ৰনাথ নাথ ভট্টাচাৰ্য-বিমলা ভট্টাচাৰ্য সোঁৱৰণী” চাতক সন্মান” প্ৰদান কৰি অহাৰ পিছত চলিত বৰ্ষৰ এই সন্মান প্ৰাপকৰ নাম আজি তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে ঘোষণা কৰে চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদকদ্বয় ভৱানী ভূঞা আৰু পংকজ শৰ্মাই। অহা ১০ ডিচেম্বৰত চাতকৰ হৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুন্দৰ্শন ঠাকুৰে তেজপুৰ মাজগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানত এক বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰিব বুলি সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই সদৰী কৰে। এই সন্মানত অংগ বস্ত্ৰ, চাতক স্মাৰক, নগদ ধন থাকিব। উল্লেখ্য যে, ১৯৪৩ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহণ কৰা দুলাল ৰয়ে ১৯৬৬ চনতেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পৰিচালনা বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা সম্পাদনাৰ ডিপ্লমা গ্ৰহণ কৰি নাট আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰে। ইয়াৰ মাজতেই দুলাল ৰয়ে হিন্দী ছবিৰ পৰিচালনাৰ কাম শিকিবৰ বাবে মুম্বাইলৈ যাত্ৰা কৰি ৪ খনকৈ হিন্দী ছবিৰ সম্পাদনাৰ সহকাৰী হিচাপে খ্যাতি অৰ্জন কৰে। উল্লেখ্য যে, সেই চাৰিখন ছবিৰ ভিতৰত ৰাজেন্দ্ৰ সিং বেদিৰ “দস্তক” আৰু অসিত সেনৰ “চফৰ” ছবিয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। “যুক্তি তৰ্ক”, “বিস্মৃতি”, “পণ ৰক্ষা”, “কনকলতা”, “স্বাৰ্থপৰ দৈত্য”, “ড্ৰেগন”, “ভকত”, “হুদুম দেউ”, “কামৰূপ কি কাহানী”, “ষ্টাফ ফটোগ্ৰাফাৰ”, “ফাতেমা বিবিৰ ঘৰ” কে ধৰি একাংক আৰু পূৰ্ণাংগ নাটকৰ স্ৰষ্টা দুলাল ৰয়ৰ একমাত্ৰ টেলিফ্লিম “যাত্ৰা আৰু বন্দিয়াৰ”। সেইদৰে টেলি নাট কেইখন হ’ল-” ভূত আৰু বাঢ়নী “, “লিলি ঐ লিলি “আৰু” নিংনি ভাৱৰীয়া “। ১৯৭৯ চনত “আশ্ৰয় “শীৰ্ষক ছবি পৰিচালনা কৰা ৰয়ে অভিনয় কৰা অসমীয়া ছবি সমূহ আছিল” অপৰূপা”, “পাপৰি”, “অনল”, “ইমান মৰম কিয় লাগে”, আৰু “অন্তহীন যাত্ৰা”। উল্লেখ্য যে, দুলাল ৰয়ে ২০১৯ বৰ্ষত অসম চৰকাৰৰ নটসূৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰাৰ লগতে ১৯৯৮ চনত পৰিচালনা শিতানত সংগীত নাটক অকাদেমী বঁটা লাভ কৰিছিল। আনহাতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা আৰু দূৰদৰ্শন, নেচনেল জিঅগ্ৰাফী, ডিস্কভাৰী চেনেলত এশৰো অধিক ডকুমেন্টেৰীত ঘোষক হিচাপে খ্যাতি অৰ্জন কৰা চৈয়দ ছাদুল্লাৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত। ১৯৭১ চনৰ পৰা ৭৫ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষকৰ দায়িত্ব, ১৯৭৫ চনৰ পৰা ৮৩ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট, ১৯৮৩ চনৰ পৰা ৮৫ চনলৈ মুম্বাই অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট, পুণৰ ১৯৮৫ চনৰ পৰা ২০০৮ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট হিচাপে নিয়োজিত হৈ থকা চৈয়দ ছাদুল্লা অল ইণ্ডিয়া ৰেডিঅৰ একেধাৰে এ গ্ৰেড গীতিকাৰ, সংগীত ব্যৱস্থাপক, গীটাৰ বাদক, নাটকৰ কন্ঠ আৰু নাট্যকাৰ হিচাপে কৃতীত্ত্বৰ অধিকাৰী হৈছে। প্ৰায় ১৮০ টা গীতৰ সংগীত ব্যৱস্থাপক ছাদুল্লাই ঊষা মংগেশকাৰ, ড০ ভূপেন হাজৰিকা, অনুপ জলতা, পাৰবীন চুলতানা আদি প্ৰসিদ্ধ কন্ঠশিল্পীৰ গীতত গীটাৰ বাদন কৰি গৈছে। আকাশবাণী ডিব্ৰুগড়ৰ পৰা কুৰিখনতকৈ অধিক ডকুমেন্টেৰী প্ৰচাৰ কৰা বহুকেইখন ৰেডিঅ নাটক আৰু ধাৰাবাহিকৰ কাহিনী ৰচনা কৰি পুৰস্কাৰ বুটলিবলৈও সক্ষম হৈছে। ১৯৭৬ চনৰ পৰা বহুল প্ৰচাৰিত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ “বৰ্ণালী” আৰু “ডাক পখিলী” ৰ জড়িয়তে অধিক জনপ্ৰিয়তা অৰ্জন কৰা ছাদুল্লাৰ “অলপ সুৰ বিচাৰি”, “দেৱতা”, “গান্ধী”, “বিচাৰ”, “উৰুখা” আদি ডকুমেন্টেৰীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মনকৰিবলগীয়া যে তেজপুৰৰ এই সাংস্কৃতিক অনুষ্ঠানটিয়ে ২০০৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ২৫ গৰাকীকৈ পুৰোধা শিল্পীক “চাতক সন্মান” প্ৰদান কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More