প্ৰাক্তন ছাত্ৰ নেতা-ক্ৰীড়া সংগঠক-বিশিষ্ট সমাজকৰ্মী-জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক খগেন গগৈৰ আকস্মিক বিয়োগ

 লখিমপুৰত  শোকাকুল  পৰিবেশঃ আছুৰ ৰাজহুৱা শ্ৰদ্বাঞ্জলি 

0 42
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১২ ফ্ৰেব্ৰুৱাৰীঃ বলিষ্ঠ কন্ঠৰে আকাশ বতাহ কঁপাই তোলা লখিমপুৰ জিলাৰ সংগ্ৰামী সত্ত্বা জাতীয় বীৰ ভূমিৰ প্ৰতিষ্ঠাপক, অসম আন্দোলনৰ নেতা ,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক, ক্ৰীড়া সংগঠক, বিশিষ্ট সমাজ কৰ্মী, ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱে আধাৰ শিলা স্হাপন কৰা লখিপুৰ কৃষ্টি ভৱনৰ নিৰ্মাতা খগেন গগৈৰ যোৱা ৰাতি প্ৰায় ৮:১৫ মিনিটত আকস্মিক ভাবে  হৃদয় যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। মৃতুৰ পিছত খগেন গগৈৰ এগৰাকী স্নাতকোত্তৰ অধ্যয়নৰত জী আৰু পৰিবাৰক এই সংসাৰত এৰি থৈ যায়। খগেন গগৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা  লখিমপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত  অধ্যয়ন কৰি থকা সময়ত ছাত্ৰ সন্থাৰ লগত জড়িত হৈ ১৯৮৭ চনত উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বায়িত্ব লয় আৰু ১৯৮৯ চনত সদৌ লখিমপুৰ জিলাৰ সভাপতি দ্বায়িত্ব লৈ অসম আন্দোলনক সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰি অসম আন্দোলনৰ এগৰাকী পৰিচিত নাম হৈ পৰে। সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি পুৱা প্ৰায় ৯:৩০ বজাত শ্বহীদ বেদীৰ কাষত খগেন গগৈৰ নৰেশ্বৰ দেহত শেষ শ্ৰদ্ধা জনোৱাৰ বাবে এক ৰাজহুৱা শ্ৰদ্বাঞ্জলি আয়োজন কৰে। আজিৰ এই শ্ৰদ্বাঞ্জলি অনুষ্ঠান আতঁ ধৰে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধনমনি দত্তই  অনুষ্ঠানৰ আগ মুহূৰ্তত উত্তৰ লখিমপুৰ সাহিত্য সভাৰ কাৰ্য্যালয়ত শ্ৰদ্ধাৰ জনায়। বিজেপি বিধায়ক মানৱ ডেকা, বিজেপিৰ জিলা সভাপতি ফনীধৰ বৰুৱা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লখিমপুৰ জিলা আৰু আঞ্চলিক সমিতি, নকাৰী ক্লাৱ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, লক্ষীমপুৰ জিলা ক্রীড়া সন্থা, অসম উন্নতি সভা, অসম সেনা, টাইপা, উদয়ন যুৱ সংঘ, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, অসম সাহিত্য সভা উত্তৰ লখিমপুৰ আঞ্চলিক, লক্ষীমপুৰ ক্ৰিকেট সন্থা, বজৰং দল, জ্ঞানোদয় সংঘ বছাগাওঁ, লখিমপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ, উদয়ন যুৱ সংঘ ,বিশ্ব হিন্দু পৰিষদ, পূৰ্বাঞ্চল শাখা সাহিত্য সভা,অসম যুৱ পৰিষদ জিলা সমিতি,আই,বি,এম, একাডেমীৰ গোট, বিস্মতি, লেখিকা সমাৰোহ সমিতি, উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘ,প্ৰাক্তন সতীৰ্থ সদৌ অসম ছাত্ৰ সন্থা, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, গঁড়েহগা IMG 20230212 WA0017শাখা সাহিত্য সভা, টাই আহোম মহিলা পৰিষদ,হাতীলুঙপৰীয়া শাখা সাহিত্য সভা, কবি সন্মিলন, নেপালী সাহিত্য সভা, নকাৰী যুৱ সমাজ, গঁড়েহহা হাইস্কুল, ট্ৰাইবেল যুৱ-লীগ, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা আদিৰ বিষয়ববীয়াৰ লগতে জিলাখনৰ বিশিষ্ট সমাজ কৰ্মী ব্যৱসায়ী ক্রমে উদয় শক্ঙৰ হাজৰীকা, নৰেন্দ্ৰ মহেশ্বৰী, তৰুন দত্ত, দুলুমনি মহন্ত , প্ৰাক্তন আছুৰ কেন্দ্ৰীয় নেতা  বিজয় বৰুৱা, কৃষ্ণ দাস, দেৱজিত মজুমদাৰ, মিন্তো মহন্ত, দিনান্ত হাজৰিকাই শেষ শ্ৰদ্বাঞ্জলি অৰ্পণ কৰা পাছত খগেন গগৈ নশ্বৰ দেহ লখিমপুৰ সঙ্গীত মহাবিদ্যালয়ৰ চৌহদলৈ লৈ যোৱা হয় আৰু অধ্যক্ষ সম্পাদক বিষয়ববীয়া ক্ৰমে মীৰা বেগম, বিকাশ ৰঞ্জণ গগৈ, তপন কুমাৰ বেজবৰুৱা, মৃনাল শৰ্মা, নাজিম আহমেদ ,প্ৰৱাল দত্ত, বিপুল কলিতা আৰু আছুৰ মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা, মাছৰ কেন্দ্ৰীয় সচিব ৰাজু সিংহই নৰেশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে। শেষত গগৈ দেৱে প্ৰতিষ্ঠা কৰা জাতীয় বীৰ ভূমিত তেওঁৰ নশ্বৰ দেহ অন্তিম বাৰলৈ পৰিভ্ৰমণ কৰাই পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনাই খগেন গগৈ অমৰ হওক ধ্বনি দি  শেষ বিদায় জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More