ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : ভাৰতীয় মূলৰ প্ৰীতি পেটেলে ব্ৰিটিছ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁৰ ঠাইত ভাৰতীয় মূলৰ আন এগৰাকীয়ে ল’ব পাৰে এই দায়িত্ব। তেওঁ হৈছে চুয়েলা ব্ৰেভাৰমেন। সংবাদ সংস্থা পিটিআইৰ মতে, ৪২ বছৰীয়া চুয়েলাই কেৱল গৃহ সচিব পদতে নহয়, নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ মন্ত্ৰীসভাতো স্থান লাভ কৰিব পাৰে। ঋষি সুনকৰ দৰেই এই ভাৰতীয় মূলৰগৰাকী ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিদ্বন্দ্বিতাত আছিল। কিন্তু যোৱা জুলাই মাহত দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈছিল চুয়েলা। বৰ্তমান তেওঁ এটৰ্নী জেনেৰেলৰ পদত অধিষ্ঠিত হৈ আছে। ৫ ছেপ্টেম্বৰত ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় লিজ ট্ৰাছ। ভাৰতীয় মূলৰ ঋষি সুনকক ২০ হাজাৰতকৈ অধিক ভোটত পৰাস্ত কৰি প্ৰধানমন্ত্ৰীৰ আসন দখল কৰে লিজে। মুঠ বৈধ ভোটৰ ভিতৰত লিজে লাভ কৰে ৮১ হাজাৰ ৩২৬টা ভোট। ৬০ হাজাৰ ৩৯৯ টা ভোট লাভ কৰে ঋষিয়ে। লিজ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে শীঘ্ৰেই ব্ৰিটিছ গৃহ সচিবৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে প্ৰীতি পেটেলে। বিদায়ী প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁ পদত্যাগ ঘোষণা কৰিছে। প্ৰীতিয়ে লিখিছে— ‘’যেতিয়া লিজ ট্ৰাছে আনুষ্ঠানিকভাৱে দায়িত্ব ল’ব আৰু নতুন গৃহ সচিব নিযুক্তি দিয়া হ’ব, তেতিয়া মই ৰাষ্ট্ৰীয় সেৱা আৰু উইথাম চেণ্টাৰৰ বাবে পিছৰ শাৰীত কাম কৰিম।’’
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা