পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে

0 46

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী খাবলৈ মাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ মাজত চলা ’এনকাউণ্টাৰ’ সংক্ৰান্তীয় বাকযুদ্ধ, আৰক্ষীৰ আলফা বিৰোধী অভিযান, বিষ্ফোৰক উদ্ধাৰ, আৰক্ষীৰ গুলীত আলফাৰ লিংকমেন আহত আদি ঘটনা- পৰিঘটনাৰ মাজতে আজি খোদ মুখ্যমন্ত্ৰীয়ে দিছে পৰেশ বৰুৱাক অসমলৈ ৭/১০ দিনৰ বাবে অতিথি হৈ অহাৰ এই নিমন্ত্ৰণ ৷ ’ৰাষ্ট্ৰীয় ভোজ্য তেল – তৈল খেজুৰ অভিযান’ৰ অধীনত তৈল খেজুৰ ৰোপণৰ বিস্তৃত কাৰ্যসূচীলৈ আজি তিনিচুকীয়া জিলাৰ ছৈখোৱাঘাটলৈ পতঞ্জলিৰ স্বামী ৰামদেৱৰ সৈতে আগমন ঘটা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখতে আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষলৈ এই নিমন্ত্ৰণ আগবঢ়ায় ৷ আগন্তুক ১৫ আগষ্টৰ সময়ছোৱাত সম্ভাব্য কূটাঘাত আৰু শান্তি আলোচনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে পৰেশ বৰুৱা এজন নিজেই জনাবুজা ব্যক্তি ৷ তেখেতৰ এটা নিজস্ব জ্ঞান আছে, বিবেক আছে ৷ তেওঁ একেবাৰে ঘূৰি আহিব নেলাগে ৷ কিন্তু সাত দিন যদি তেওঁ ইয়াত থাকি যাই তেন্তে বুজি পাব যে আগৰ অসম আৰু বৰ্তমানৰ অসম বহু সলনি হৈছে ৷ এটা সময়ত তেখেতৰ (পৰেশ বৰুৱা) মনত ভাব আছিল যে বাহিৰৰ পৰা অহা মানুহে অসমত গোটেই দখল কৰি লৈছে ৷ কিন্তু আজি কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত বহু অসমীয়া ল’ৰা আছে ৷ পৰিবেশ সলনি হৈছে ৷ ৮২/৮৩ৰ পৰিবেশ আজি নাই ৷ মুখ্যমন্ত্ৰীয়ে কয় ‘সাত দিন বা দহ দিন আমাৰ অতিথি হৈ অসমত তেওঁ থাকি গ’লে তাৰপাছত পৰিবেশ বহুত বদলি যাব’ ৷ পৰেশ বৰুৱাক এই নিমন্ত্ৰণ দি মুখ্যমন্ত্ৰীয়ে কয় ’মই যেতিয়া নিমন্ত্ৰণ কৰিছো তাৰমানে গোটেই দায়িত্ব লৈয়ে নিমন্ত্ৰণ কৰিম ৷’ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে স্পষ্ট ইংগিত দিয়ে যে তেওঁৰ আজিৰ বক্তব্যক কোনেও সাধাৰণভাৱে লোৱা উচিত নহয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More