ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট

বিদ্যালয়ত হাহাঁকাৰ

0 56

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফুলবাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ উপস্থিত হয় লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন৷ উপায়ুক্তৰ ছাডেন ভিজিটত বিদ্যালয়খনত একপ্ৰকাৰে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে হৈ যোৱা গুণোৎসৱৰ ফলাফলত চি গ্ৰেড লাভ কৰা বিদ্যালয়সমূহত পুৱা ৯ বজাত উপস্থিত হৈ তেঁও বিদ্যালয়খনৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে৷ ছাত্ৰ ছাত্ৰীৰ লগত অন্তৰংগ ভাৱে মত বিনিময়ো কৰে উপায়ুক্তই৷WhatsApp Image 2023 06 26 at 8.44.08 PM বিদ্যালয়ত কেনেদৰে পাঠ গ্ৰহণত ছাত্ৰ-ছাত্ৰী অধিক মনোযোগী হব লাগে সেই বিষয়েও ছাত্ৰ-ছাত্ৰীক অৱগত কৰে৷ ইয়াৰ উপৰিও কম্পিউটাৰ শিক্ষাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব দিয়া উপায়ুক্তজনে ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰৰ জ্ঞান ভালদৰে আয়ত্ত কৰিব পাৰিছেনে নাই তাৰ পৰীক্ষাও কৰে৷ তেওঁ বিদ্যালয়ৰ শৌচালয়- প্ৰস্ৰাৱগাৰ আদিও পৰিষ্কাৰ হৈ আছে নে নাই সেয়া প্ৰত্যক্ষ কৰে৷ উপায়ুক্তজনে প্ৰধান শিক্ষকক কঠোৰ সকীয়নি দি সকলো দিশ ভালদৰে চোৱা চিতা কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইফালে খেলৰ সা-সামগ্ৰী পৰীক্ষা কৰাত বিসংগতি ধৰা পৰে৷ চৰকাৰে খেলৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আগবঢ়োৱা ২৫ হাজাৰ টকাৰ ভিতৰত ১৭ হাজাৰ টকাৰহে সা-সামগ্ৰীৰে কিনে৷ বিদ্যালয়খনত মধ্যাহ্ন ভোজনতো ব্যাপক বিসংগতি ধৰা পৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More