ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি

তেজপুৰত অজাপৰ সংসদীয় সমষ্টিৰ কৰ্মীসভা

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক চালেই গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তা কিমান ! এহেজাৰ লাইক পাবলৈ এতিয়া হাহাঁকাৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ ফেচবুকত জনপ্ৰিয়তাৰ গ্ৰাফ নিম্নগামী হৈছে৷” মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা সন্দৰ্ভত তেজপুৰত আজি এনেদৰে মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷যোৱাটো নিৰ্বাচনত বিজেপিৰ উন্নত ফলাফল মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ বাবে নহয়, বৰঞ্চ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেতিয়া পৰিৱৰ্তনৰ দোহাই দি জাতি-মাটি-ভেটি সুৰক্ষিত কৰাৰ কথাৰে আভূৱাভাৰা কথাৰ বাবেহে দলটোৱে আশানুৰূপ নিৰ্বাচনী ফলাফল লাভ কৰা বুলি কয় অজাপৰ সভাপতি গগৈয়ে৷তেওঁ লগতে কয় যে,গণতান্ত্ৰিক স্বৈৰাচাৰিতা চলাই দুৰ্নীতিৰ কথা কলেই সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ প্ৰবণতাত মুখ্যমন্ত্ৰী নামি পৰিছে আৰু হিটলাৰৰ দৰে এনে স্বৈৰতান্ত্ৰিক ব্যৱস্হাৰ বিৰুদ্ধে ৰাইজ অতিষ্ঠ হৈ উঠিছে আৰু ই এদিন অৱসান ঘটিবই৷ উল্লেখযোগ্য যে,আজি তেজপুৰৰ মাজগাঁও স্হিত শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ অনুষ্ঠানত অজাপ দলৰ তেজপুৰ লোক সভা সংসদীয় সমষ্টিৰ এক কৰ্মীসভাত অংশ লয় দুই নেতা লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই৷ ইয়াতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি অজাপৰ সভাপতি গগৈয়ে কয় যে,কংগ্ৰেছ দলে পৰিসমাপ্তি ঘটোৱা অসম আন্দোলনৰ অসম চুক্তিক বিজেপিয়ে নস্যাৎ কৰিছে৷ তদুপৰি,অবৈধ বিদেশীক নাগৰিকত্ব লাভৰ বাবে অতিৰিক্ত ৪৩ বছৰ দি তেওঁলোকৰ সতি-সন্ততিক চাকৰি দিয়াৰ বেলিকা সুবিধা বিজেপিয়ে কৰিছে আৰু বিজেপিয়েই বিদেশীক হিন্দু-মুছলমানৰ নামত সকলো ভাগ-ভাগ কৰিছে৷আনহাতে,কংগ্ৰেছ তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত জাতীয়তাবাদী চিন্তাৰ অমিল আছে আৰু থাকিবই বুলি মন্তব্য কৰা গগৈয়ে লগতে কয় যে, কিন্তু বিজেপিক পৰাভূত কৰাটো সময়ৰ আহ্বান, সেয়ে বিৰোধীৰ বিভাজিত ভোট একত্ৰিকৰণৰ জৰিয়তে বিজেপিক পৰাভূত কৰাটো এক ৰণকৌশল আৰু সেই বাবেই বিৰোধী সন্মিলিত শক্তিৰে আমি যুঁজিবলৈ আগবাঢ়িছো৷ গগৈয়ে এই বুলিও কয় “অসমীয়া মানুহৰ শত্ৰু হিমন্ত বিশ্বশৰ্মা৷” ইয়াৰ লগতে গগৈয়ে এই অভিযোগো উত্থাপন কৰে যে ৰাজ্যত চলি থকা চিণ্ডিকেটৰ নায়ক কেৱল ভৱেশ কলিতাই নহয়, আটাইৰে পৃষ্ঠপোষকতাত অসমত প্ৰায় প্ৰতিপদ সামগ্ৰীৰ চিণ্ডিকেটৰাজ অব্যাহত আছে৷গগৈয়ে আৰু কয় যে, সম্প্ৰতি অসমত নিৰ্মিত প্ৰতিখন দলং মুখ্যমন্ত্ৰীৰ বাবে একোজনী খীৰতী গাইৰ দৰে৷তেওঁ বিজেপি দল চৰকাৰ আৰু ইয়াৰ নেতৃত্বৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠাৰ বিপৰীতে ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ’ব পৰাৰ যোগ্যতা সন্দৰ্ভত কয় “ শিক্ষাগত অৰ্হতা নোহোৱাকৈয়ে এইখন দেশত যদি প্ৰধানমন্ত্ৰী কোনোবা হ’ব পাৰে তেন্তে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা অধিক৷ ” আনহাতে, আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিপৰীতে প্ৰায় প্ৰতিটো সমষ্টিতে বিৰোধী ঐক্যমঞ্চই প্ৰাৰ্থী থিয় কৰাব যদিও সেয়া সময়ত আলোচনাৰ জৰিয়তে চূড়ান্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে লুৰীণজ্যোতি গগৈয়ে৷ আনহাতে দলটোৰ আন এগৰাকী নেতা জগদীশ ভূঞাই কংগ্ৰেছ সন্দৰ্ভত কয় যে, বিজেপি বিৰোধী ঐক্যমঞ্চত জড়িত হোৱা হেতু কংগ্ৰেছ দলৰ দুৰ্নাম শুনিব নিবিচাৰে৷ ভূঞাই লগতে কয় যে পূৰ্বৰ অটল বিহাৰী বাজপেয়ী, এল কে আদৱানীৰ দৰে লোক বৰ্তমান যিদৰে বিজেপিত নাই, ঠিক সেইদৰে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীও নাই৷ এতিয়া কংগ্ৰেছ দল পৰিৱৰ্তিত এটা দল৷তেওঁ লগতে কয় যে,কংগ্ৰেছ দলে মান্যতা দিয়া অসম চুক্তিক বিজেপিয়েহে ধ্বংস কৰিছে৷ বিজেপিৰ দিনত ছহিদৰ সংখ্যা বৃদ্ধি হৈ ৫৬০ হ’ল বুলি মন্তব্য কৰে জগদীশ ভূঞাই৷উল্লেখযোগ্য যে,তেজপুৰ লোকসভা সংসদীয় সমষ্টি অন্তৰ্গত বিভিন্ন অঞ্চলৰ যথেষ্টসংখ্যক কৰ্মীয়ে অংশ লোৱা তথা দলটোৰ তেজপুৰ জিলা সমিতিৰ সভাপতি অনিল ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত অজাপৰ এই কৰ্মী সভাত দলটোৰ উপসভাপতি অঞ্জন উপাধ্যায়ৰ লগতে আন সকল বিষয়ববীয়া জান বৰা,অজয় তাঁতী,দুলদুল বৰকটকী,অচ্যুত শইকীয়া আদিয়ে অংশ লয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More