ফৰাচী নৌসেনাৰে অনুশীলনত ভাৰতীয় যুদ্ধ জাহাজ

আটলাণ্টিকত ভাৰতৰ শক্তি প্ৰদৰ্শন

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ অন্যতম অৰ্থনৈতিক আৰু সামৰিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে দেশখনে। মুঠতে নতুন দিল্লীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে। এনে অৱস্থাত ভাৰতীয় নৌসেনাই আটলাণ্টিক মহাসাগৰত ফৰাচী নৌসেনাৰ সৈতে শক্তি প্ৰদৰ্শন কৰিছে। বিশ্লেষকসকলৰ মতে, ইউৰোপৰ অন্যতম শক্তিশালী দেশ ফ্ৰান্সৰ সৈতে ভাৰতে কৰা অনুশীলন আচলতে চীনৰ বাবে এক শক্তিশালী বাৰ্তা। সংবাদ সংস্থা এ এন আইৰ মতে, ভাৰতীয় যুদ্ধ জাহাজ ‘আই এন এছ তৰ্কাছ’ য়ে ২৯ আৰু ৩০ জুলাইত উত্তৰ আটলাণ্টিকত অনুশীলন চলাইছিল। ভাৰতৰ গাইডেড মিছাইল ফ্ৰিগেটে ‘মেৰিটাইম পাৰ্টনাৰশ্বিপ এক্সাৰচাইজ’ৰ অংশ হিচাপে ফ্ৰান্সৰ নৌসেনাৰ জাহাজ ‘এফএনএছ মন’ৰ সৈতে যৌথ অনুশীলন চলায়। ইয়াৰ উপৰি ফ্ৰান্সৰ চোৰাংচোৱাগিৰি বিমান ফেলকন-৫০য়েও এই অনুশীলনত অংশ লৈছিল। খবৰ পোৱা গৈছে যে এই অনুশীলনত শত্ৰুৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে আৰু প্ৰত্যাক্ৰমণৰ কৌশল শিকিব পৰা হৈছে। সামগ্ৰিকভাৱে যুদ্ধ পৰিস্থিতিত দুয়োটা বাহিনীৰ মাজত সমন্বয় সৃষ্টি কৰাত গুৰুত্ব দিয়া হয়। তাৎপৰ্যপূৰ্ণভাৱে ফ্ৰান্সৰ সৈতে ভাৰতৰ সামৰিক সম্পৰ্ক অতি শক্তিশালী। ভাৰতীয় নৌসেনাৰ হাতত আছে ফ্ৰান্সত নিৰ্মিত স্ক’ৰপিন চাবমেৰিন। ২০১৫ চনত ভাৰতে ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল। ইতিমধ্যে এই বিমানসমূহ বায়ুসেনাৰ হাতত পৰিছেহি। ভাৰতীয় বায়ুসেনাৰ হাতত দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ মিৰাজ যুদ্ধ বিমান আছে। উল্লেখযোগ্য যে ভাৰতে আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু চীনৰ ওপৰত চকু ৰাখি ইউৰোপীয় দেশসমূহৰ সৈতে সামৰিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় চাৰিখন দেশ ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াই মালাবাৰ নৌসেনাৰ অনুশীলন চলাইছিল। ২০১৫ চনত জাপানৰ নৌসেনাও মালাবাৰ অনুশীলনত যোগদান কৰিছিল। আৰম্ভণিৰে পৰাই বেইজিঙে ইয়াক লৈ সন্দেহ কৰিছিল। তেওঁলোকৰ মতে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ ক্ষমতা দৃঢ় কৰাৰ বাবে এই অনুশীলন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More