বগীনদীত আৰোহণ ফাইনেন্সৰ শাখা প্ৰবন্ধকক গ্ৰাহকে কেবা ঘণ্টা আৱদ্ধ কৰি চমজালে আৰক্ষীক
ধন সংগ্ৰহ কৰি ঋণ প্ৰদানৰ নামত গ্ৰাহকক প্ৰৱঞ্চনাঃ কদম তিনিআলিত উত্তপ্ত পৰিস্থিতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ আগষ্টঃ একাংশ বিত্তীয় প্ৰতিষ্ঠানে না না প্ৰলোভনেৰে গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ বগীনদীৰ কদম তিনিআলিত প্ৰবঞ্চিত গ্ৰাহকে আৰোহণ ফাইনেন্সৰ তিনিজন বিষয়াক কেবাঘKI×া আৱদ্ধ কৰি আৰক্ষীক চমজাই দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আজি আৰোহণৰ একাংশ গ্ৰাহকে বগীনদীৰ সহযোগী শাখা প্ৰবন্ধকজনক কদম তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত কেবাঘণ্টা আৱদ্ধ কৰি গ্ৰাহকসকলে প্ৰাপ্য ধন বিছাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ গ্ৰাহকসকলে বিষয়াজনক বিভিন্ন গালি গালাজ কৰাৰ লগতে কৰ্কথনা কৰি প্ৰাপ্য ধন ঘূৰাই বিছাৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰে৷ পিছত উত্তেজিত গ্ৰাহকসকলে সপোন গোহাই নামৰ আৰোহণৰ বিষয়াজনক বগীনদী আৰক্ষীক চমজাই দিয়ে৷ আজি আৰোহণৰ বগীনদী শাখাৰ প্ৰৱন্ধক গৰাকীক আৱদ্ধ কৰা সন্দৰ্ভত গ্ৰাহকসকলে কৰা অভিযোগ অনুসৰি প্ৰবন্ধক আৰু আনএগৰাকী কৰ্মচাৰীয়ে তেওঁলোকক ঋণ প্ৰদানৰ নামত বুজন পৰিমানৰ ধন সংগ্ৰহ কৰি নিয়াৰ দুমাহ উকলি যোৱাৰ পিছতো এইসকল গ্ৰাহকক ঋণ প্ৰদান নকৰিলে৷ যাৰবাবে আজি একাংশ গ্ৰাহকে আৰোহণৰ কৰ্মচাৰীয়ে পুনৰ ধন সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত সপোন গোহাঁইক ভালেসংখ্যক লোকে ঘেৰাও কৰি কেবাঘণ্টা আবদ্ধ কৰি ৰাখে৷ আজি কদম তিনিআলিত ভূক্তভোগী গ্ৰাহকসকলে অভিযোগ কৰে যে তেওঁলোকে ধন জমা দিয়াৰ পিছতো তেওঁলোকক কথামতে ঋণ আদায় নিদি তেওঁলোকৰ জমাধন আত্মসাৎহে কৰি আহিছে৷ হালিমা বেগম, চাজি বেগম, ফৰমান আলি, মছিদা বেগম আদিয়ে কেবামাহ পূৰ্বে আৰোহণ ফাইনেন্সক হাজাৰ হাজাৰ টকা জমা দিয়াৰ পিছতো এই পৰ্যন্ত ঋণ লাভ কৰা বাদেই তেওঁলোকৰ জমা ধনকেইটাও ঘূৰাই নাপালে৷ তাৰপিছতো আজি পুনৰ তেওঁলোকৰ পৰা আৰোহণৰ সপোন গোহাঁইয়ে পুনৰ ধন সংগ্ৰহ কৰিবলৈ অহাৰ বাবেই পূৰ্বে প্ৰৱঞ্চিত গ্ৰাহকসকলে বিষয়াজনক আৱদ্ধ কৰি আৰক্ষীক চমজাই দিয়ে৷ উত্তেজিত লোকসকলে আনদুজন কৰ্মীকো আৰক্ষীক চমজাই দিয়ে৷ ইফালে আৰোহণৰ সংশ্লিষ্ট বিষয়াই কয় যে উক্ত গ্ৰাহকসকলে আৰোহণৰ পৰা পূৰ্বে ঋণ লৈ থৈছে আৰু তেওঁলোকৰ পৰা ঋণৰ কিস্তি আনিবলৈ যোৱাৰ সময়তে তেওঁলোকে আৰোহণৰ কৰ্মীক আৱদ্ধ কৰি বগীনদী আৰক্ষীক এজাহাৰ দাখিল কৰে৷