বগীনদীত সঘনাই পথ দুৰ্ঘটনা

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পথলৈকে দোকান-বজাৰ

0 10
  • উদ্বিগ্ন সচেতন ৰাইজ
  • অকালতে প্ৰাণ হেৰুৱাইছে বহুজনে
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ লখিমপুৰ জিলাৰ বগীনদী অঞ্চলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ থকা কাৰ্যই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ বিশেষকৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শাৰী শাৰীকৈ বহা দোকান বজাৰৰ বাবেই বগীনদী অঞ্চলত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত হৈছে৷ সেয়েহে স্থানীয় ৰাইজে এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসনৰ সু-পদক্ষেপ কামনা কৰিছে৷ স্থানীয় কেবাজনো লোকে আজি জানিবলৈ দিয়ে যে বগীনদী চেণ্টাৰৰ পশ্চিম প্ৰান্তৰ বগীনদী দলঙৰ পৰা ‘আই পদুমনি থান’ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যধে মধে দোকান বজাৰ বহিবলৈ লোৱাৰ ফলতে এই সমগ্ৰ অঞ্চলটোত অভাৱনীয় হাৰত দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ বিগত প্ৰায় এটা পষেকত এই অঞ্চলত দুৰ্ঘটনাত একাধিক লোকে প্ৰাণ হেৰুৱাৰ মূলতে ৰাস্তাৰ দুয়োকাষে থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বুলি অভিযোগ তুলিছে৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে দোকান বজাৰ বহাৰ ফলত পথটো ঠেক আৰু সৰু হৈ পৰাৰ ফলত ধেমাজি দিশৰ পৰা আৰু লখিমপুৰৰ দিশৰ পৰা অহা যানবাহন সমূহ চলাচল কৰাত অসুবিধাৰ সৃষ্টি হয় আৰু প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয়৷ অলপতে তেনে এটা দুৰ্ঘটনাত স্থানীয় এজন উদীয়মান যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল বুলি এক সূত্ৰই সদৰি কৰিছে৷ সেয়েহে পথৰ দুয়োকাষে অকৰ্তৃত্বশীল ভাৱে স্থাপন কৰা সৰু-বৰ দোকান বজাৰ সমূহ প্ৰশাসনে শীঘ্ৰে উচ্ছেদ কৰি দুৰ্ঘটনা হ্ৰাস কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনক স্থানীয় সচেতন ৰাইজে আহ্বান জনাইছে৷ বিশেষকৈ ব্যৱসায়িক কেন্দ্ৰস্থল বগীনদী চেণ্টাৰত প্ৰতি সপ্তাহত অনুষ্ঠিত হোৱা মঙ্গলবৰীয়া সপ্তাহিক বজাৰৰ বাবেও বগীনদী চেণ্টাৰত ব্যাপক যানজঁটৰ সৃষ্টি হয়৷ উল্লেখ্য যে প্ৰশাসনে কেবাবছৰ পূৰ্বে অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছিল যদিও দীৰ্ঘদিন ধৰি উচ্ছেদ অভিযান নচলাৰ ফলত এনেদৰে নিতৌ সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে পথৰ দাঁতিলৈকে দোকান বজাৰ দি অহাৰ ফলত এনেদৰে দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্য পৰ্যন্ত এনেদৰে অবৈধ ভাৱে দোকান পোহাৰ বহাৰ ফলতে পথটোত ব্যাপক যানজঁটৰ সৃষ্টি হোৱাৰ লগতে দুৰ্ঘটনাও সংঘটিত হৈ আহিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More