বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাৰ অভিযোগ

0 230

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অনিল কুমাৰ গগৈয়ে ৬-১০-১৯৯৩ চনত যোগদান কৰিছিল৷ কিন্তু ইয়াৰ পূৰ্বেই বিনোদ বসুমতাৰী নামৰ সহকাৰী শিক্ষকজনে ২৩-০৬-১৯৯২ তাৰিখে বিদ্যালয়খনত যোগদান কৰাৰ পিছতো জ্যেষ্ঠতাৰ ভিত্তিত বসুমতাৰীক চেৰাই অনিল কুমাৰ গগৈয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ আসন দখল কৰি আছে৷ যাৰ বাবে যোৱা ১৮-০৫-২০২৩ তাৰিখে বিনোদ বসুমতাৰীয়ে অনিল গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হয়৷ ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৪-০৬-২০২৩ তাৰিখে [Case No. WP(C)/৩২২৭/২০২৩] এক নিৰ্দেশ দিয়ে যে অনিল কুমাৰ গগৈক চাৰি সপ্তাহৰ বাবে অধ্যক্ষৰ আসনৰ পৰা নিলম্বন কৰে৷ কিন্তু ইয়াৰ পিছতো গগৈয়ে বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে যোৱা ১৭-০৬-২০২৩ তাৰিখে উচ্চ ন্যায়ালয়ৰ উক্ত নিৰ্দেশ লাভ কৰাৰ পিছতো এই পৰ্যন্ত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকজনে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাতো লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে৷ ইফালে অনিল কুমাৰ গগৈৰ বি এড চাৰ্টিফিকেটখনক লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে৷ শিক্ষকজনে ২০১২-১৩ বৰ্ষত চৰকাৰৰ পৰা কোনো অনুমতি নোলোৱাকৈ বিদ্যালয়ত শিক্ষাদান কৰি থকাৰ সমান্তৰালভাৱে নিয়মীয়াকৈ বি এড শিক্ষা গ্ৰহণ কৰিছিল৷ ২০১২-১৩ বৰ্ষত উচ্চতৰ মাধ্যমিক পৰ্যায়ত চৰকাৰে বি এডৰ বাবে কোনো অনুমতি প্ৰদান কৰা নাছিল৷ তেনেস্থলত তেওঁ কেনেদৰে একে সময়তে নিজ বিদ্যালয়ত শিক্ষাদান আৰু একে সময়তে বি এডৰ শিক্ষা গ্ৰহণ কৰিছিল তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ উল্লেখ্য যে গগৈয়ে জ্যেষ্ঠতাৰ ফালৰ পৰাও বি এড পাঠ্যক্ৰমৰ বাবে তালিকাভুক্ত হোৱা নাছিল৷ সৰ্বেশ্বৰ ভূঞা নামৰ এজন লোকে অনিল কুমাৰ গগৈৰ সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন কৰি তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত তথ্য বিচাৰি আবেদন জনোৱাৰ পিছত তেওঁ লাভ কৰা তথ্যত এনে বিসংগতি ধৰা পৰাৰ পিছতো এই পৰ্যন্ত গগৈয়ে অধ্যক্ষৰ আসনখনত উপৱিষ্ট হৈ থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More