বঙালমৰাত নকল সোণ-জাল নোটৰ অসাধু চক্ৰক আৰক্ষীৰ ৰক্ষণাবেক্ষণ

আৰক্ষীৰ দায়বদ্ধতা আয়োগ, চি আই ডি, ডি আই জিক অভিযোগ

0 9
শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৬ এপ্ৰিলঃ নকল সোণ আৰু জাল নোটৰ ঘাটিত পৰিণত হোৱা লখিমপুৰ জিলাৰ বঙালমৰাত সংঘটিত হৈ থকা বহু বিস্ফোৰক কাণ্ডৰ তথ্য আজি এগৰাকী মহিলাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেলত দাঙি ধৰা কাৰ্যই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ বঙালমৰাৰ লগতে লখিমপুৰৰ একাংশ উচ্ছ পদস্থ আৰক্ষী বিষয়াই এই অসাধু চক্ৰটোক কেনেদৰে ৰক্ষণাবেক্ষণ দি আহিছে সেই তথ্যও সংবাদমেলত ৰাজহুৱা কৰে সাহসী মহিলাগৰাকীয়ে৷ বঙালমৰাৰ হাচিনা বেগম নামৰ এই মহিলাগৰাকীয়ে দীৰ্ঘদিনধৰি এনে অসাধু চক্ৰটোৰ বিৰুদ্ধে যুঁজ দি অহাৰ লগতে আৰক্ষীৰ উৰ্ধতম বিষয়াকো অৱগত কৰি আহিছে৷ আজি মহিলাগৰাকীয়ে সংবাদমেলত সদৰি কৰা অনুসৰি বঙালমৰাৰ লগতে নাৰায়ণপুৰ, তেজপুৰ, নগাঁও, বিহপুৰীয়া আদিত চলি অহা এনে কাৰ্যকলাপসমূহ বঙালমৰাৰ কেইজনমান অসাধু লোকৰ চত্ৰ ছায়াত সংঘটিত হৈ অহা বুলি উল্লেখ কৰাৰ লগতে এই অসাধু চক্ৰটোক বঙালমৰা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োৰ লগতে লখিমপুৰৰ এগৰাকী উচ্ছ পদস্থ মহিলা আৰক্ষী বিষয়া ৰুণা নেওঁগে ৰক্ষণাবেক্ষণ দি আহিছে বুলি সংবাদমেলত বাৰে বাৰে কয়৷ সম্প্ৰতি প্ৰাণৰ সংশয়ত ভোগা মহিলাগৰাকীক অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওঁগে তেওঁক বহুবাৰ ভাবুকি প্ৰদান কৰাৰ লগতে এই চক্ৰটোৰ বিৰুদ্ধে মাত নামাতিবলৈ হাচিনা বেগমক সকীয়নি দি আহিছে বুলি সংবাদমেলত তেওঁ অৱগত কৰে৷ ইফালে সুদূৰ পশ্চিমবংগৰ এখন অনাথ আশ্ৰমৰ এজন পুৰোহিত দিলীপ কুমাৰ মাইটিক এই অসাধু চক্ৰটোৱে ভুৱা প্ৰলোভনেৰে নকল সোণৰ এখন নাও দি ১০ লাখ টকা সৰকোৱাৰ পিছত পুৰোহিতজনে অসাধু চক্ৰটোৰ বিৰুদ্ধে সদায় মাত মাতি অহা হাচিনা বেগমৰ সহায় বিছৰাত বেগমে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি যোৱাত শেহতীয়াকৈ মহিলাগৰাকী আৰু তেওঁৰ ভাতৃ মনচুৰ আলি আৰক্ষীৰ ৰোষত পৰিব লগা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰে৷ হাচিনা বেগমে এই সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষীৰ দায়বদ্ধতা আয়োগ, আৰক্ষী সঞ্চালকপ্ৰধান, চি আই ডি, দুৰ্নীতি নিবাৰক শাখা আদিৰ কাষ চপাত লখিমপুৰৰ একাংশ আৰক্ষী বিষয়াৰ ৰোষত পৰা বুলি মহিলা গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে৷ হাচিনা বেগমে ৬-জ্জ বছৰ ধৰি এই অসাধু চক্ৰটোৰ বিৰুদ্ধে মাত মাতি অহা বুলি কোৱাৰ লগতে এই অসাধু চক্ৰটোৰ লগত আৰক্ষীৰ সম্পূৰ্ণ গোপন বুজাবুজি আছে বুলি কয়৷ আৰক্ষীয়ে দুষ্ট চক্ৰটোক এনেদৰে ৰক্ষণাবেক্ষণ দি অহাৰ বাবেই চক্ৰটোৱে তেওঁলোকৰ ক’লা বেহাৰ সাম্ৰাজ্যখন সম্প্ৰসাৰিত কৰি আহিছে বুলি মহিলাগৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ দুষ্ট চক্ৰটোৰ কেবাজনৰ হাতত পিষ্টল থকাৰ বিষয়ে আৰক্ষীয়ে জানিও তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি কয়৷ তাৎপৰ্যপূৰ্ণ কথা যে এই অসাধু চক্ৰটোৰ আবু চুহিদ নামৰ লোকজন এনে কাৰ্যৰ বাবে জেললৈ যোৱাৰ পিছতো আৰু আৰক্ষীয়ে তেওঁৰ বুকুত ফলক লগাই ফটো তুলি ৰখাৰ পিছতো তেনে এজন অপৰাধৰ লগত জড়িত লোকক লখিমপুৰত বিজেপি দলে আদৰি লোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ এক সূত্ৰই সদৰি কৰা অনুসৰি আবু চুহিদক বৰ্তমান লখিমপুৰ বিজেপিয়ে জিলা সংখ্যালঘু কোষৰ কোষাধ্যক্ষৰ দায়িত্ব দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আনহাতে এই সন্দৰ্ভত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ মন্তব্য জানিব বিছৰাত তেওঁ কয় যে হাচিনা বেগম নামৰ কোনো মহিলাকে তেওঁ চিনি নাপায় আৰু মহিলাগৰাকীৰ লগত ৰুণা নেওঁগৰ কোনোদিনে সাক্ষাৎ হোৱা নাই৷ ইফালে বঙালমৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ চন্দ্ৰ বড়োৱে ধন লোৱাৰ ভিডিঅ’ আজি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে অসম আৰক্ষীয়ে বড়োক তাৎক্ষণিক ভাৱে নিলম্বন কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More