বজাৰত মূল্য বৃদ্ধিৰ জুইঃ চাউল দাইলৰ ব্যাপক মূল্যবৃদ্ধি

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫এপ্ৰিলঃ সকলোৰে বাবে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য ১২শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত ৰন্ধন গেছ ,বিদ্যুত মাছুল তথা পেট্ৰল আৰু ডিজেলৰ মূল্যই সৰ্বসাধাৰণক বিপদত পেলোৱাৰ সময়তে সম্প্ৰতি ৰাজ্যখনত চাউলৰ মূল্য অতিমাত্ৰাত বৃদ্ধি পাইছে৷একেদৰে চেনি আৰু চাহপাতৰ মূল্যও বৃদ্ধি পাইছে৷ ইপিনে ৰাজ্যত টোলকৰ বৃদ্ধিৰ বিপৰীতে পেট্ৰল আৰু ডিজিলৰ মূল্য বিভিন্ন কোম্পানীৰ ডিপ’ত পৃথক পৰিমানে বৃদ্ধি পাইছে৷শেহতীয়াকৈ ৰাজ্যত স্হাপন হোৱা একাধিক নতুন কোম্পানীৰ ডিপ’ত পেট্ৰল আৰু ডিজেলৰ মূল্যই শতকৰ সীমা অতিক্ৰম কৰিছে৷আনহাতে সুলভ মূল্যৰ জৰিয়তে হিতাধিকাৰীক আদায় দিয়া পৰিমাণ হ্ৰাস কৰিছে৷সম্প্ৰতি একোজন লোকক সুলভ মূল্যৰ ১০কিলোগ্ৰামৰ বিপৰীতে পাঁচ কিলোগ্ৰাম চাউলহে আদায় দিয়া হয়৷ইপিনে মুকলি বজাৰত প্ৰতিবিধ চাউলৰ মূল্য আচৰিত ধৰণে বৃদ্ধি পাইছে৷ নতুন আইজং চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত ২৫টকাৰ সলনি ৩৫টকালৈ বৃদ্ধি পাইছে আৰু পুৰণা আইজং চাউলৰ মূল্য খুচুৰা বজাৰত ২৮টকাৰ পৰিৱৰ্তে ৩৬-৩৮টকালৈ প্ৰতি কিলোগ্ৰামত বৃদ্ধি পাইছে৷ উল্লেখযোগ্য যে,পাইকাৰী বজাৰত এনে চাউলৰ মূল্য প্ৰতি কুইন্টলত হেজাৰ টকালৈকে বৃদ্ধি পোৱাৰ বিপৰীতে শান্তিভোগ চাউলৰ প্ৰতি কুইন্টল চাউলৰ মূল্য পাইকাৰী বজাৰতে চাৰিহেজাৰ এশ ৮০টকালৈ বৃদ্ধি পাইছে৷ চাউলৰ এনে ব্যাপক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰতিবিধ দালিৰ মূল্যও বৃদ্ধি পাইছে৷ ৰহৰ দাইলৰ এক কুইন্টলৰ মূল্য পাইকাৰী বজাৰত পূৰ্বৰ ৯০৮০টকাৰ পৰিৱৰ্তে বৰ্তমান ১০২৪টকা অধিক বৃদ্ধি পোৱাৰ বিপৰীতে মছুৰ দালিৰ মূল্য প্ৰতি কুইন্টলত তিনিশ টকা বৃদ্ধি পাইছে৷ আনহাতে বুটৰ দালিৰ মূল্য দুশ টকা বৃদ্ধি পাইছে প্ৰতি কুইন্টলত৷একেদৰে চেনিৰ মূল্য বৃদ্ধি প্ৰতি কুইন্টলত বৃদ্ধি পাইছে এশ টকাকৈ৷আনহাতে মগু দালিৰ মূল্যও প্ৰতি কুইন্টলত স্হান ভেদে ডেৰ-দুশ টকাকৈ বৃদ্ধি পোৱাৰ লগতে চাহপাতৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৫টকাকৈ বৃদ্ধি পাইছে৷মূল্যবৃদ্ধিৰ এনে ব্যাপক মূল্যবৃদ্ধিৰ সমান্তৰাল ভাবে পৌৰকৰো বৃদ্ধি কৰা হৈছে৷উল্লেখযোগ্য যে,বিভিন্ন অজুহাতত প্ৰতিটো ক্ষেত্ৰতে এনে মূল্যবৃদ্ধিৰ বিপৰীতে অৱশ্যে সৰিয়হৰ তেলৰ মূল্য কিছুপৰিমানে হ্ৰাস পাইছে৷ কিন্তু ঔষধৰ লগতে,চাউল আৰু দালিৰ দৰে অত্যাধিক আৱশ্যকীয় সামগ্ৰীৰ মূল্য ব্যাপক ৰূপত বৃদ্ধি পোৱা ঘটনাৰ বিপৰীতে এয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই৷ব্যৱসায়ী সকলে মূল্যবৃদ্ধিৰ বাবে পৰিবহন আৰু ইন্ধনৰ মূল্যবৃদ্ধিক অন্যতে কাৰণ হিচাপে উল্লেখ কৰি লগতে কয় যে,কেৱল এনেবোৰ সামগ্ৰীয়েই নহয়,প্ৰতিবিধ পেকেটৰ সামগ্ৰী পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More