বনকোঁৱৰ আনন্দিৰাম দাস আৰু বনগীতক নিভাঁজ ৰূপত আন্তৰাষ্ট্ৰীয় সংগীত ক্ষেত্ৰত পৰিচয় কৰাই দিয়াৰ নৱতম প্ৰয়াস

0 185
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,১ মেঃ অসমীয়া গীতৰ অনবৈদ্য সম্ভাৰ তথা বনকোঁৱৰ আনন্দিৰাম দাসৰ সেই চিৰসেউজ সৃষ্টিক সম্প্ৰতি বিশ্বজুৰি প্ৰচাৰৰ এক প্ৰয়াস চলিছে৷ ৰাজ্য,দেশ আৰু বিদেশত বাস কৰি নিজস্ব ভাবে অসমীয়া চিৰস্মৰণীয় গীতৰ সংৰক্ষণ আৰু ইয়াৰ আত্মাক ধৰি ৰখাৰ এই প্ৰয়াসৰ এটা গুৰুত্বপূৰ্ণ অংশ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত আৰু সকলো থিকে থাকিলে অহা জুলাই আৰু আগষ্টৰ ভিতৰত ৰাজ্যৰ বহুলোকেই দেখিবলৈ পাব৷উল্লেখযোগ্য যে,দেশত হোৱা ক’ভিদকালীন পৰিস্হিতিৰ মাজত বনকোঁৱৰ আনন্দিৰাম দাসৰ সৃষ্টিকলৈ এক গৱেষণাৰ দৰে অনুসন্ধান চলাইছিল সম্প্ৰতি মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা যুৱ গীতিকাৰ, সুৰকাৰ, সংগীত ব্যৱস্থাপক, নিৰ্দেশক মৃন্ময় শৰ্মা আৰু তেওঁৰ সহযোগী সকলে বনকোঁৱৰৰ সৃষ্টিক বিশ্বৰ সংগীত ক্ষেত্ৰত হুবহু ৰূপত তুলি ধৰিবলৈ লোৱা প্ৰয়াসৰ আৰম্ভণিতেই প্ৰাচ্যৰ সংগীত বিশেষজ্ঞৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিভাঁজ অসমীয়া সুমধুৰ সুৰে৷বনকোঁৱৰে ব্যৱহাৰ কৰা এনে নিভাঁজ অসমীয়া সুৰ তেওঁলোকেও ব্যৱহাৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷উল্লেখযোগ্য যে, তেজপুৰৰ পৰা গৈ মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা মৃন্ময়ে আন এজন যুৱ প্ৰতিভা কুকিল প্ৰতিম শইকীয়াৰ লগতে আমেৰিকা নিবাসী সংস্কৃতিবান মহিলা মনিমালা গোস্বামী আৰু তেওঁৰ গায়ক স্বামী সঞ্জীৱ গোস্বামীৰ সহযোগত নিৰ্মাণ কৰিছে বনকোঁৱৰৰ ওপৰত এখন ৩৫মিনিট দৈৰ্ঘৰ তথ্যচিত্ৰ৷পুৰণি আকাশৰ ৰূপহী জোনবাই শীৰ্ষক এই প্ৰকল্পৰ বাবে তেওঁলোকে মৰাণৰ উমানন্দ দুৱৰাই সযতনে সংৰক্ষণ কৰি ৰখা বনকোঁৱৰৰ প্ৰকৃত গীতৰ ভিনাইল ৰেকৰ্ডিং সংগ্ৰহ কৰে৷তদুপৰি বনকোঁৱৰৰ বিষয়ে বৰ্তমান ৯০উৰ্দ্ধৰ তথা তেওঁৰ সান্নিধ্য লাভ কৰা অমিয় মোহন দাস,সুদক্ষিণা শৰ্মাৰ দৰে বৰেণ্য ব্যক্তিৰ পৰাও ভাষ্য গ্ৰহণ কৰে৷ এই অভিলাসী প্ৰকল্পৰ বিষয়ে মৃন্ময়ে কয় যে,বনগীত আৰু বিহুগীতৰ লগতে মানুহৰ তথা জীৱনৰ কথা কোৱা গীতো আছে বনকোঁৱৰ আনন্দিৰাম দাসৰ৷তেওঁৰ কবিতা সমূহ আনকি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পৰা ধৰণৰ৷প্ৰচাৰ বিমুখ এইগৰাকী পুৰোধাই অসমীয়া সংগীতকো আধুনিক ৰূপ দিছিল৷তেওঁৰ বনগীত শুনিলেই বুজিব পাৰি যে,বনগীত প্ৰকৃততে বিহুসুৰীয়া গীত নহয়৷ইউৰোপৰ বুডাপেষ্টত ৰেকৰ্ডিঙৰ কাম কৰা মৃন্ময় আৰু তেওঁৰ সহযোগী সকলে সেয়ে বনকোঁৱৰৰ  পুৰণা আৰু প্ৰকৃত বনগীত ৩১টাৰ ভিতৰত তিনিটা নিভাঁজ ৰূপত বাণীবদ্ধ কৰিছে৷ বনগীতৰ বাবেই বনকোঁৱৰ হিচাপে স্বীকৃত আনন্দিৰাম দাসৰ বহু তথ্য শুদ্ধ ভাবে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ বিষয়ে প্ৰকাশ কৰি মৃন্ময়ে লগতে কয় যে,বনকোঁৱৰে হাৰমনিয়ামৰেই বনগীত গাইছিল৷কিন্তু সম্প্ৰতি ইয়াত বাঁহী আৰু ভায়লিনৰ সংযোগ ঘটোৱা হৈছে য’দিও নিভাঁজ বনগীতৰ আত্মা ধৰি ৰখা হৈছে৷উল্লেখযোগ্য যে তিনিটা বনগীতত কণ্ঠদান কৰিছে সঞ্জীৱ গোস্বামী আৰু উদীয়মান মৃন্ময়ী চেতীয়াই৷এই প্ৰকল্প ব্যৱসায়িক উদ্দেশ্যত কৰা হোৱা নাই বুলি স্পষ্ট কৰি মৃন্ময়ে আৰু কয় যে,এয়া কৰা হৈছে সংৰক্ষণৰ বাবে আৰু বিশ্বৰ সংগীত জগতত বনকোঁৱৰৰ সৃষ্টি তথা অসমীয়া নিভাঁজ সুৰৰ প্ৰসাৰৰ বাবে৷সেয়ে বাকীথকা কিছুকাম সম্পূৰ্ণ কৰাৰ পাছত জুলাই আৰু আগষ্টৰ ভিতৰত গুৱাহাটীৰ মাছখোৱাত ৰাজ্যখনৰ বিশেষজ্ঞ সকলৰ লগতে সংগীতক্ষেত্ৰখনৰ গুণীজ্ঞানী ব্যক্তিসকলৰ উপস্থিতিত এইখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে৷উল্লেখযোগ্য যে মৃন্ময়ে সংগীত ব্যৱস্হাপনা কৰা এই তথ্যচিত্ৰৰ সাহিত্যৰ দিশটোত কাম কৰিছে কুকিল প্ৰতিমে৷তথ্যচিত্ৰখনে বনগীতৰ নিভাঁজ ৰূপটোৰ লগতে বনকোঁৱৰ আনন্দিৰাম দাসক নতুন প্ৰজন্মই বুজিপোৱাত সহায় কৰিব বুলি আশাবাদী প্ৰকল্পটোৰে জড়িত প্ৰতিজন ব্যক্তি৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More