বাংলাদেশৰ “দক্ষিণ এছিয়া সাহিত্য-সংস্কৃতি বিষয়ক সন্মিলন – ২০২৩” ত তেজপুৰৰ কবি – সাহিত্যিক নাজু হাতীকাকতি বৰুৱাৰ লগতে অসমৰ সাহিত্যিকৰ দলৰ অংশগ্ৰহণ 

0 11
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ লক্ষ্যৰে বাংলাদেশস্থিত সাপ্তাহিক ব্ৰজকথা আৰু এফসাকল বাংলা দেশে যোৱা ৬ ফেব্ৰুৱাৰীত আয়োজন কৰা “দক্ষিণ এছিয়া সাহিত্য-সাংস্কৃতি বিষয়ক সন্মিলন- ২০২৩” আন্তজাৰ্তিক সাহিত্য উৎসৱত ভাৰতবৰ্ষৰ এটি সাহিত্যিকৰ দলে অংশ গ্ৰহণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেজপুৰৰ কবি-সাহিত্যিক নাজু হাতীকাকতি বৰুৱাৰ লগতে, পূৰ্মিমা দেৱী, ধীৰেণ বৰা, ধনসিং টেৰাং, টংক কোঁৱৰ, অমৰ দাস, প্ৰীয়াশা দাস, লুইচ বিষ্টা, ললিত লোহাৰ, আব্দুল খালিক, সুষ্টাফিজুৰ ৰহমান, তাৰা বাহাদুৰ, জ্ঞান চেত্ৰীয়ে আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰে৷ ভাৰতবৰ্ষৰ প্ৰতিনিধি হৈ এই সাহিত্যকৰ দলটোৱে ‘বাংলাদেশত উপস্থিত হোৱাৰ লগে লগে বাংলাদেশ সীমান্তৰ পৰাই ‘‘দ্যা এ. এফ. এচ. এ. চি. এল’’ সদস্য আৰু সাপ্তাহিকৰ ব্ৰজকথা সংবাদপত্ৰৰ সংবাদকৰ্মী সকলে উষ্ম আদৰণি জনায়৷ বাংলাদেশৰ পীৰগঞ্জত বিভিন্ন স্থানত প্ৰতিনিধি সভা, সৰ্ব্বধৰ্ম প্ৰাৰ্থনা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত অন্তৰঙ্গ আলাপ, সাহিত্য বিষয়ক আলোচনা, মানৱতা শান্তি মৈত্ৰী-বন্ধুত্ব, সম্প্ৰীতি শীৰ্ষক আলোচনাচক্ৰ আদি অনুষ্ঠানত সাহিত্যিকৰ দলটোৱে অংশ গ্ৰহণ কৰাৰ লগতে দলটোক আয়োজক কমিটিয়ে বিশেষ ভাৱে সম্বৰ্ধনাও জ্ঞাপন কৰে৷ ভাৰতবৰ্ষৰ লগতে বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধি সকলৰ মাজত সাহিত্যৰ জৰিয়তে বন্ধুত্ব এনাজৰীৰে দেশসমূহৰ মাজত এক সম্পৰ্ক স্থাপন কৰিবলৈ কৰা চেষ্টাক সাপ্তাহিক ব্ৰজকথা আৰু  ‘‘দ্যা এ.এফ.এচ.এ.চি.এল’’ এ প্ৰত্যেক বৰ্ষাতেই আয়োজন কৰা এই প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাৰতীয় সাহিত্যৰ প্ৰতিনিধি দলটোক সাহিত্যৰ জৰিয়তে জৰিয়তে ভাৰতবৰ্ষলৈ কঢ়িয়াই অনা এই গৌৰৱৰ বাবে সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More