বালিপৰাৰ মিটচাপ্লাইত লোমহৰ্ষক দুৰ্ঘটনাত পাঁচজন যুৱক নিহত

0 22

শতাব্দ প্রতিনিধি,তেজপুৰ,২৪ ফেব্ৰুৱাৰীঃ যোৱা নিশা তেজপুৰৰ নিকটৱৰ্তী মিট চাপ্লাই নামৰ অঞ্চলটোত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তেজপুৰৰ পাঁচজনকৈ যুৱক নিহত হোৱা ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে৷দুৰ্ঘটনাটোত কাৱৈমাৰীৰ আকাশদ্বীপ বৰা (২৩), বেছেৰীয়া পুখুৰীয়াৰ বিদ্যুৎ নাথ (২৩), বালিপুখুৰী তিনিআলিৰ কেশৱ ওৰফে ভাইকণ পটংগীয়া (৪০), গাড়ী খনৰ গৰাকী গটঙাৰ দ্বীপেন বৰা (৩৭) আৰু ৰঙাপুখুৰী পাৰৰ বিশ্বজিৎ শইকীয়া (২৬) বুলি চিনাক্ত কৰা হয়৷উল্লেখযোগ্য যে,বিভিন্ন বয়সৰ হ’লেও বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা পাঁচোজনেই যোৱা নিশা প্ৰায় আঠ বজাত একেলগে বালিপৰা দিশে ওলাই গৈছিল আৰু নিশা প্ৰায় দুই বজাত উভটি অহাৰ পথত এ এচ ১২ আৰ ২১১৫ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়৷ উল্লেখযোগ্য যে,যোৱা দুদিন দুৰ্ঘটনাগ্ৰস্ত বাহনখন মেৰামতিৰ বাবে দিয়াৰ পাছত কালি সেইখন বৰাই গেৰেজৰ পৰা আনি নিশালৈ গাড়ীখনৰ পৰীক্ষা কৰাৰ উদ্দেশ্যে কিছু দূৰলৈ বন্ধু চাৰিজনৰ স’তে যাত্ৰা কৰিছিল বুলিও প্ৰকাশ কৰিছে একাংশ স্হানীয় লোকে৷কিন্তু তেওঁলোক যোৱা নিশা কলৈ গৈছিল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই৷ নিশা তীব্ৰ বেগত তেজপুৰ অভিমুখে অহা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ এজোপা গছত খুন্দামাৰি কাষৰ খাৱৈত চিটিকি পৰে৷উল্লেখযোগ্য যে,এই খুণ্ডাত গছজোপাৰ এটা প্ৰকাণ্ড দাল ভাঙি পৰে আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনখনো পথৰ পৰা প্ৰায় ১৫-২০মিটাৰ দূৰত পৰেগৈ৷ঘোৰামাৰীৰ ডাবৰ কোম্পানীৰ শ্ৰমিক একাংশই খাৱৈত গাড়ীখনৰ স’তে এজন যুৱকক পৰি থকা দেখি এই বিষয়ে আৰক্ষীক জনাই আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটাইকেজনকে উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ আনে য’দিও ইতিমধ্যেই আটাইকেজনৰে মৃত্যু ঘটে৷ ইপিনে এই শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি চিকিৎসালয়ত নিহত সকলৰ আত্মীয় তথা বহুসংখ্যক লোক উপস্থিত হয়হি৷চিকিৎসালয়খনত এক শোকাকুল পৰিস্থিতিৰ উদ্ভৱ হয়৷উল্লেখ্য যে, তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰী অঞ্চলৰ ঘটুৱাৰ  প্ৰদীপ বৰাৰ পুত্ৰ আকাশদ্বীপে তেজপুৰৰ বালিপুখুৰী তিনিআলিত এখন পাণ দোকান দি আছিল৷আনহাতে বেছেৰীয়া পুখুৰীয়াৰ নিবাসী ৰমনী কুমাৰ নাথৰ পুত্ৰ সৰবৰহী বিদ্যুৎ  লাড়ু আৰু পিঠা-পনা ঘৰতে প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰাৰ উপৰি সুদক্ষ ঢুলীয়া তথা তেওঁ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰসন্হাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল৷ ইপিনে বালিপুখুৰী তিনিআলিৰ  প্ৰয়াত পুতুল পটংগীয়াৰ পুত্ৰ কেশৱ পটংগীয়া ওৰফে ভাইকনে ব্যক্তিগত খণ্ডৰ সৰু প্ৰতিষ্ঠানত কাম-কাজ কৰি জীৱন অতিবাহিত কৰিছিল৷ সেইদৰে তেজপুৰ গটঙাৰ নিবাসী ৰখেশ্বৰ বৰাৰ পুত্ৰ দ্বীপেন বৰাই বালিপুখুৰী তিনিআলিৰ এখন মোবাইল মেৰামতি কৰা দোকানৰ স্বত্বাধিকাৰ আছিল৷ তেওঁ চাৰি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ তেজপুৰ ৰঙাপুখুৰী পাৰৰ নিবাসী প্ৰদীপ শইকীয়াৰ পুত্ৰ বিশ্বজিৎ শইকীয়াই অলপতে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ অধীনস্থ চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ দিনত বিভিন্ন ব্যস্ততাৰ বাবেই নিশা তেওঁলোক একেলগে ওলাই গৈছিল৷উল্লেখযোগ্য আজি, মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে আৰক্ষীয়ে মৃতদেহৰ অংশ ফৰেণচিক পৰীক্ষাৰ বাবেও প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ পিছত আটাইৰে মৃতদেহ  পৰিয়ালক গটাই দিয়া হয়৷ উল্লেখ যে ছলিত ফেব্ৰুৱাৰী মাহটোত সংঘটিত হোৱা পথ দুৰ্ঘটনাত ২০জনকৈ লোকৰ মৃত্যু হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More