বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

0 44

 গুৱাহাটী, ২৪ ডিচেম্বৰঃ নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্যোগত ২৪ ডিচেম্বৰ  তাৰিখে গুগল মিটৰ যোগদি এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ  যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই। কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা, বাণিজ্য  শাখা, কলা শাখা তথা বৃত্তিমুখী (vocational) শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বাখ্যা  আগবঢ়ায়। ড° বুঢ়াগোহাঁয়ে  বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত   সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ  ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য কেনেকৈ শুদ্ধ ভাবে সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে। তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে। বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈ, শিক্ষক মাণিক চন্দ্ৰ নাথ আৰু আন শিক্ষকসকলো কৰ্মশালাখনত উপস্থিত থাকে। আগ্রহী সকলে কৰ্মশালাখনৰ  ৰেকৰ্ডিংটো ইউটিউব(https://www.youtube.com/watch?v=GEU2j7Te1-w) ত চাব পাৰিব বুলি ড° বুলজিৎ বুঢ়াগোহাঁয়ে  সংবাদ মাধ্যমক জানিব দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More