বিজেপি বিৰোধী জোঁটবন্ধনত নাথাকে আপ

তেজপুৰত আপৰ কাৰ্যনিৰ্বাহক সভা

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২জুলাইঃ দেশ তথা ৰাজ্যত আগন্তুক নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহে যি জোঁটবন্ধন কৰিছে,এই বিৰোধী গোটত আপ নথকাৰ উপৰি ৰাজ্যৰ বিৰোধী জোঁটৰ তিনি গগৈ সন্দৰ্ভতো বিষোদ্গাৰ প্ৰকাশ কৰিছে আপে৷ উল্লেখযোগ্য যে,আজি তেজপুৰত অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নেতৃত্বাধীন ৰাজ্যৰ ১১টা বিৰোধী ৰাজনৈতিক জোটত আপ নাথাকে বুলি স্পষ্ট কৰা আপ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ সাজু হোৱা বুলিও কোৱা হয়৷ ইপিনে,ব্যক্তিগত প্ৰতিষ্ঠানক দীঘলী পুখুৰীক হস্তান্তৰৰ বিষয়টো পোহৰলৈ অনা আম আদমি পাৰ্টি অসম ৰাজ্যিক নেতা জিতুল ডেকাই এই প্ৰসংগত পুনৰবাৰ সৰৱ হৈ পৰে তেজপুৰত৷ তেজপুৰৰ কেতেকীবাৰীত আজি অনুষ্ঠিত হোৱা আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অন্তত সংবাদমেল সম্বোধন কৰি আপৰ এগৰাকী নেতা জিতুল গগৈয়ে কয় যে, এপদ এপদকৈ চৰকাৰী সম্পদ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাজ্যৰ হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন চৰকাৰখন৷ তেজপুৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে আম আদমি পাৰ্টিয়ে৷ মূলতঃ আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই প্ৰস্তাৱ সমূহ সিদ্ধান্ত আকাৰে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি দলটোৰ ৰাজ্যিক সভাপতি ড° ভৱেন শৰ্মাই কয় যে, বিজেপি বিৰোধী যি ১১ ৰাজনৈতিক শক্তি একত্ৰিত হৈছে, তাত আপ নাথাকে৷ কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰি অসমৰ ৰাইজে বিজেপিক আদৰি লৈছিল আৰু এতিয়া ৰাইজে তৃতীয় বিকল্পক বিচাৰিছে৷ তেনেস্থলত বিজেপি-কংগ্ৰেছ বিৰোধী তৃতীয় বিকল্প হিচাপে আম আদমি পাৰ্টিয়ে নিজকে দাবী কৰি তেওঁলোককে ৰাইজে এইবাৰ সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰে৷ একেদৰে, দলটোৰ উত্তৰ-পূৱৰ প্ৰভাৰী ৰাজেশ চৌধুৰেয়েও বিজেপিৰ অপশাসনৰ কথা উল্লেখ কৰি তেওঁলোকে আগন্তুক দুয়োটা নিৰ্বাচনলৈ ককালত টঙালি বান্ধিছে বুলি কয়৷
আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পোৱা মুহুৰ্ততে আপৰ ১৬ জনীয়া এখন তদাৰক কমিটি আজি তেজপুৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকতে গঠন কৰা হয়৷ আনহাতে, দলটোৰ উপসভাপতি কমল কুমাৰ মেধিয়ে কয় অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ একেলগ হোৱা সন্দৰ্ভত এইবুলি কটাক্ষ কৰে যে তিনি গগৈ কি, তিনিশজন গগৈ একত্ৰিত হলেও এইসকলে এইবাৰ শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More