বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী ভাষাত শিক্ষা – চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অসম সাহিত্য সভা

0 66

শতাব্দ প্ৰতিনিধি তেজপুৰ তেজপুৰ ৩০ জুলাইঃ চৰকাৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আৰু বিশেষকৈ অসমৰ শিক্ষাৰ্থীয়ে ইংৰাজী শিক্ষাত অধিক গুৰুত্ব আৰোপ কৰি শেহতীয়াকৈ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটি ইংৰাজী ভাষাৰ দ্বাৰা পঢ়ুৱাব খোজা সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে অসম সাহিত্য সভা। এই সন্দৰ্ভত তেজপুৰত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, শিশুৰ মনোজগতত তাৎক্ষণিক ভাবে প্ৰভাৱ বিস্তাৰ কৰিব পৰা আৰু যিকোনো শিক্ষা আৰু জ্ঞান লাভৰ ক্ষেত্ৰত শীঘ্ৰেই আয়ত্ব কৰিব পৰাই নহয় সকলো দিশৰে অতি ফলপ্ৰসূ মাতৃভাষাক একপ্ৰকাৰ উপেক্ষা কৰি অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনত শিক্ষাৰ আমূল সংস্কাৰৰ নামত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু সাধাৰণ বিজ্ঞানৰ শিক্ষা ইংৰাজী ভাষাৰ দ্বাৰা প্ৰদান কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই। চৰকাৰখনৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰাৰ পিছতেই এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰিপন্থী এই সিদ্ধান্তৰ সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আজি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। এই সন্দৰ্ভত বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, চৰকাৰৰ এই সিদ্ধান্ত শিক্ষাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰো এক পৰিপন্থী সিদ্ধান্ত। শিক্ষা তথা বিদ্যায়তনিক ক্ষেত্ৰখনৰ ইতিহাসেই যুক্তিপূৰ্ণ ভাবে প্ৰমাণিত কৰি ৰাখিছে যে, একোগৰাকী শিশু বা কিশোৰে বিজ্ঞান আৰু গণিত শিক্ষা কেৱল মাতৃভাষাৰ দ্বাৰাহে শুদ্ধকৈ শিকিব পাৰে। এই কথা তাহানিতেই বহু বিজ্ঞানী বা শৈক্ষিক ক্ষেত্ৰখনৰ মণিষীয়ে স্পষ্টকৈ উল্লেখ কৰি গৈছে। আমাৰ শিক্ষাৰ্থীসকলক ইংৰাজী ভাষাত পাৰ্গত হ’বলৈ চৰকাৰে অসমৰ ঐতিহ্যমণ্ডিত একাংশ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ক নিৰ্বাচন কৰি সেই বিদ্যালয়সমূহক ‘‘আদৰ্শ বিদ্যালয়’’ হিচাপে গঢ়ি তুলি তাত ইংৰাজী ভাষাক অতি শুদ্ধ শৈলীৰে বিজ্ঞানসন্মত ভাবে আৰু প্ৰণালীৱদ্ধ ভাবে শিকোৱাৰ ব্যৱস্থা কৰক। ইয়াৰ সমান্তৰালকৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ আন্তঃগাঁথনি অধিক উন্নত কৰি তুলি সেই বিদ্যালয় সমূহতো ইংৰাজী ভাষাটো ভালকৈ শিকাব পৰাকৈ উপযুক্ত প্ৰশিক্ষণৰে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাই চৰকাৰক দাবী উত্থাপন কৰে। অসম সাহিত্য সভাই স্পষ্টকৈ উল্লেখ কৰে যে মাধ্যম সন্দৰ্ভত কোনোধৰণৰ সালসলনি হোৱাতো অসম সাহিত্য সভাই কেতিয়াও মানি ল’ব নোৱাৰে আৰু প্ৰতি মুহূৰ্ততে ইয়াৰ বিৰোধিতা কৰি যাব। বিজ্ঞপ্তিটোত সাহিত্য সভাই অসমৰ প্ৰত্যেক জাতি – জনগোষ্ঠীয় ভাষাৰ উত্তৰণ আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেক জনগোষ্ঠীয় ভাষাৰে বিদ্যালয় সমূহৰ আন্তঃগাঁথনি অধিক উন্নত কৰাৰ পোষকতা কৰে। আনহাতে চৰকাৰে গ্ৰহণ কৰা শেহতীয়া এই সিদ্ধান্তই অসমত অসমীয়াকে ধৰি আন জনগোষ্ঠীয় ভাষাৰ বিকাশলৈ ভয়াৱহ ভৱিষ্যৎ কঢ়িয়াই আনিব বুলি দৃঢ়তাৰে আশংকা ব্যক্ত কৰি চৰকাৰে যদি এই সিদ্ধান্তৰ ক্ষেত্ৰত পুনৰ বিবেচনা নকৰে তেতিয়া অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অস্তিত্বই এদিন বিলুপ্ত হৈ পৰিব বুলি উল্লেখ কৰিছে। বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি মাতৃভাষা মাধ্যমৰ এই স্পৰ্শকাতৰ বিষয়ত চৰকাৰৰ সিদ্ধান্তৰ কথা সদৰি হোৱাৰ পিছতেই কালি অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াৰ তৎপৰতাত একাংশ কৰ্ণধাৰ সদস্য আৰু মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপসমিতিৰ সৈতে ৰাজ্যখনৰ নিৰ্বাচিত বিদ্যায়তনিক ক্ষেত্ৰৰ লোকৰ সৈতে এক বিশেষ বৈঠকো সম্পন্ন হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More