বিধায়ক পদ্ম হাজৰিকাক ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান

0 29

জামুগুৰিহাট, ৫ ডিচেম্বৰ : “ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকল স্ব-নিৰাপত্তা আৰু আনকো জীয়াই ৰখাৰ ভাবনাত ব্ৰতী হ’ব লাগে। অপকৰ্মই এখন সমাজ ধ্বংস কৰিব পাৰে, সেয়ে তেনে চিন্তাৰ পৰা নিজকে নিলগত ৰাখি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ‘কন্যকা’ৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব। বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শ কেৱল চতিয়াতেই নহয় সমগ্ৰ অসমজুৰি প্ৰসাৰিত হ’লে বিশেষকৈ নিবনুৱা যুৱক-যুৱতীসকল লাভান্বিত হ’ব।”— এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। শোণিতপুৰ জিলাৰ নদুৱাৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে আজি অন্তিম দিনাৰ কাৰ্যসূচীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ আগবঢ়োৱা ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান অনুষ্ঠান উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠাত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এনেদৰে কয়। ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজিৰ যুৱ প্ৰজন্মক কৰ্মমুখী চিন্তা তথা কাম-কাজত নিয়োজিত কৰিব পাৰিলে এখন সমাজ শৃংখলাবদ্ধতাৰে আগবাঢ়ি যাব বুলিও মন্তব্য কৰে। ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট সাহিত্যিক য়েছে দৰজি ঠংচি, সু-চিকিৎসক ইলিয়াছ আলী, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, বিদুৎ কুমাৰ ভূঞা আদি উপস্থিত আছিল। নদুৱাৰ প্ৰেছ ক্লাবৰ উপদেষ্টা নিতুমণি বৰা আৰু অকুন্ঠিতা গাৰ্গে আঁত ধৰা অনুষ্ঠানটোত জনপ্ৰিয় গায়ক মহেন্দ্ৰ হাজৰিকা উপস্থিত থাকি দুটা গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে। আয়তীৰ উৰুলি, ডবা-কাঁহ-শংখ ধ্বনিৰ মাজত ‘ভৰলী কোঁৱৰ’ উপাধি গ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই দূৰদৰ্শী চিন্তাৰে কাম-কাজ আগবঢ়াই নিবলৈ আৰু অধিক প্ৰেৰণা পোৱা বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More