বিয়াৰ বাবে সঞ্চিত টকাৰে পথ নিৰ্মাণ যুৱকৰ

0 23
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰ : গাঁওখনত নাই পকী পথ। স্কুললৈ যোৱা কণকণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীলৈকে সকলো গাঁৱৰ বিধ্বস্ত পথটোৰে যাত্ৰা কৰিবলৈ চৰম অসুবিধাৰ সন্মুখীন হয়। বিষয়টো বহুবাৰ গাঁও পঞ্চায়তত আবেদন কৰা হৈছিল যদিও কোনো ধৰণৰ প্ৰতিকাৰ কৰা হোৱা নাই। সেয়ে গাঁৱৰ এজন যুৱক পি চন্দ্ৰশেখৰণে দায়িত্ব লৈ গাঁওবাসীৰ বাবে এটা পকী পথ নিৰ্মাণ কৰিলে। বিয়াৰ বাবে জমা কৰি থোৱা টকাৰে গাঁওবাসীক নতুন পকী ৰাস্তা উপহাৰ দিলে তেওঁ। তামিলনাডুৰ ভিলুপুৰম জিলাৰ বানুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত নল্লাভুৰ গাঁৱত চন্দ্ৰশেখৰন থাকে। এই গাঁৱত ৩৫০টা পৰিয়াল থাকে। গাঁওখনত মুঠ ৭টা পথ আছে।চন্দ্ৰশেখৰনৰ পৰিয়ালসহ আন ৫০টা পৰিয়াল ইশ্বৰন কইল ষ্ট্ৰীটত বাস কৰে। কিন্তু তেওঁলোকৰ ঘৰৰ সন্মুখৰ পথটো বহুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে। অলপ বৰষুণ দিলেই বোকাত খোজকঢ়াৰ ফলত গাঁওবাসীয়ে বহু কষ্ট ভুগিবলগীয়া হয়। কেতিয়াবা এই ভঙা পথটোত যাতায়ত কৰাৰ সময়ত গাড়ীবোৰ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। চেন্নাইৰ এটা ব্যক্তিগত চফটৱেৰ কোম্পানীত কৰ্মৰত চন্দ্ৰশেখৰনে গাঁৱৰ ঘৰলৈ যোৱা পথটো পকী কৰাৰ সপোন দেখিছিল। পথ পকীকৰণৰ উদ্দেশ্যে তেওঁ বহুবাৰ গাঁও পঞ্চায়তক আবেদন জনাইছিল। কিন্তু পঞ্চায়তে জনোৱা মতে, পথটো পকীকৰণ কৰিবলৈ তেওঁলোকৰ হাতত টকা নাই। তাৰ পিছত চন্দ্ৰশেখৰণে নিজেই গাঁৱৰ ৰাস্তা-ঘাট পকী কৰাৰ বাবে উদ্যোগ লোৱাৰ সিদ্ধান্ত ল’লে। হিচাপ অনুসৰি ২৮০ মিটাৰ দৈৰ্ঘ্যৰ এই পথটো পকীকৰণৰ বাবে প্ৰায় ১০ লাখ টকা খৰচ হয়। বিবাহৰ বাবে জমা কৰা মূলধন ব্যৱহাৰ কৰি তেওঁ পকী পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত চন্দ্ৰশেখৰণে কয়— “মই যেতিয়া প্ৰাথমিক বিদ্যালয়ত আছিলোঁ, তেতিয়া শেষবাৰৰ বাবে আমাৰ গাঁৱত পথটো পকী কৰা হৈছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত বৰ্তমান মই এটা চফটৱেৰ কোম্পানীত কাম কৰি আছোঁ। কিন্তু এই আটাইকেইটা বছৰতো সেই পথটোৰ কোনো উন্নতি হোৱা নাই।” পকী পথ নিৰ্মাণৰ সময়ত ভাবুকিৰ সন্মুখীন হৈছিল চন্দ্ৰশেখৰণ। এসময়ত চৰকাৰী বিষয়াসকলে তেওঁক পথ নিৰ্মাণৰ আনুমানিক খৰচৰ আধা দিবলৈ ক’লে। তেতিয়া চন্দ্ৰশেখৰণে দেখিলে যে চৰকাৰে পথ নিৰ্মাণৰ বাবে আবণ্টন দিয়া ধনৰ পৰিমাণ পৰ্যাপ্ত নহয়। সেয়ে তেওঁ নিজৰ মূলধনেৰে ৰাস্তাটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথমে তেওঁ পথ নিৰ্মাণৰ অনুমতি নাপালে। ৰাজনৈতিক দলসমূহে তেওঁক বাৰে বাৰে ভাবুকি প্ৰদান কৰিছিল। কিন্তু একো নুশুনাকৈ চন্দ্ৰশেখৰনে জুলাই মাহত ২৮০ মিটাৰ দীঘল, ১৪ ফুট বহল, ১৫ চেন্টিমিটাৰ ডাঠ পকী পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে। এতিয়া গাঁওখনৰ সকলো বাসিন্দাই নিজৰ নিজৰ চুবুৰীত চন্দ্ৰশেখৰনৰ দৰে ল’ৰা এটা থকাটো বিচাৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More