ডাঃ সুৰজিৎ গিৰি
“ছাৰ,ফাৰ্মাচীৰ বিলটো প্ৰায় সাত হেজাৰ টকা হৈছে।’
প্ৰগতি হস্পিটেলৰ ICU টেকনিচিয়ান নবৰ ফোনটো পাই আচৰিত হলো।ইমান বিল কেনেকৈ হব পালে?
৩০ জুলাই,দেওবাৰৰ ৰাতিপুৱা প্ৰায় ৫:৪৫ মিনিটমানত বৰ পুখুৰী পাৰৰ শেষ পাকটো শ্ৰীমতীৰ লগত খোজ কাঢ়ি শেষ কৰিছিলোঁহি,পকেটৰ ফোনটো বাজি উঠে,
“দাদা,ৰাতি ১০ মান বজাত সৰ্প দংশন হৈছিল।কলা ৰঙৰ সাপ আছিল। সোণাৰি চিভিল হস্পিটেলত ৰাতিপুৱা প্ৰায় ৩:৪৫ মিনিট মানত আহি পায়। নিউৰ’টক্সিচিটি আছিল। উশাহ টনা মাংসপেশীবোৰ অৱশ হব আৰম্ভ কৰিছিল।আমি ২০ টা এন্তিভেনম বেজী আৰু আনুষংগিক দৰৱ আদি প্ৰয়োগ কৰিলোঁ।কিন্তু এতিয়া প্ৰায় ডেৰ ঘণ্টা হৈ গল ৰোগীৰ স্বাস্থ্যৰ উন্নতি হোৱা নাই।বৰঞ্চ ৰোগীগৰাকী সম্পূৰ্ণৰূপে অজ্ঞান হৈ গৈছে।” ডাক্তৰ জয় প্ৰকাশ চাহাই কথাখিনি একে উশাহতে কৈ যায়।
“কলা ৰঙৰ সাপ।ৰাতিৰ দংশন।এণ্টিভেনম বেজী দিয়াৰ পাছতো স্বাস্থ্যৰ উন্নতি হোৱা নাই। নিশ্চয় বিষাক্ত কলা শংখচূড় সাপ হব।তেওঁক কিছু সময়ৰ বাবে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ(ভেণ্টীলেচন)ব্যৱস্থা কৰিব লাগিব।”
“দাদা,আমাৰ হস্পিটেলত ICU নাই।ডিব্ৰুগড় মেডিকেল নাপায়। ৰাস্তাতে মৰিব।”
২৮ বছৰীয়া শ্ৰী মতী সুনিতা গড়।ৰাতি ভাত-পানী খাই হাত ধুবলৈ বাহিৰলৈ যাওঁতে ১০ মান বজাত এডাল কলা ৰঙৰ সাপে তেওঁৰ সো ভৰিৰ মধ্যমা আঙুলিত দংশন কৰে। দংশনৰ পাছত সুনীতাই চিঞৰ-বাখৰ কৰাৰ কাৰণে তেওঁৰ দেউৰেকে তৎক্ষণাৎ আঙুলিটোত ব্লেড মাৰি তেজখিনি যাব দিয়ে।সমাজত প্ৰচলিত মান্ধাতা যুগৰ এটা অন্ধবিশ্বাস।সুনীতাৰ দংশন কৰা আঙুলিটোত কোনো বিষ নাছিল আৰু ফুলাও নাছিল।সেইবাবে তেওঁলোক সকলোৱেই বিহহীন সাপ বুলি ভাবি শুবলৈ গুচি যায়।
কিন্তু প্ৰায় ১ মান বজাত সুনীতাৰ পেটৰ বিষ আৰম্ভ হয়।পেটৰ বিষত তাই সাৰ পাই যায়।গাটো বেয়া বেয়া লাগে।গোটেই গাটো বিষাব আৰম্ভ কৰে।কথা ভীষণ দেখি সুনীতাই দেৱৰেকক ফোন কৰি মাতি পঠায়।তেতিয়াহে তেওঁলোক হস্পিটেল যোৱা কথা চিন্তা কৰে।দুভাগ নিশা গাড়ীৰ কাৰণে ইজন-সিজনক ফোন কৰে।এইবোৰ কৰি থাকোঁতে সময় অতিবাহিত হৈ গৈ থাকে আৰু সুনীতাৰ স্বাস্থ্যৰ ক্ৰমশঃ অৱনতি হব আৰম্ভ কৰিছিল।
গাড়ী ঠিক কৰি সোণাৰি হস্পিটেল আহি পাও মানে প্ৰায় ৰাতিপুৱা ৩:৪৫ মিনিট হৈ গৈছিল।ইতিমধ্যে সুনীতাৰ মাতটো লেবা-লেব হৈছিল।জিভা ঘুৰাব নোৱাৰিছিল। থু গিলিব নোৱাৰিছিল আৰু চকুৰ বাদু কেইটা নামি আহিছিল।
কথা ভীষণ দেখি কৰ্ত্যবত থকা চিকিৎসক জয়প্ৰকাশ চাহাই ২০ টা এন্টিভেনম বেজী আৰু আনুষংগিক দৰৱ-পাতি আদি প্ৰয়োগ কৰে যদিও সুনীতাৰ স্বাস্থ্যৰ অৱস্থাৰ উন্নতিৰ সলনি অৱনতিহে হব আৰম্ভ কৰে।ডাক্তৰ চাহাই জানিছিল সুনিতাক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে ৰাস্তাতে মৃত্যু হব।সুনীতাৰ জীৱনৰ স্বাৰ্থত ডাক্তৰ চাহাই মোক ৰাতিপুৱা ৫:৪৫ বজাত ফোন কৰি মোৰ পৰামৰ্শ লয়।
কি কৰা যায়? সুনীতাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়।১০০ কিলোমিটাৰ দূৰত থকা ডিব্ৰুগড় মেডিকেল কলেজ কোনোপধ্যেই নাপাব।৫০ কিলোমিটাৰ দূৰত্বত থকা শিৱসাগৰৰ ব্যক্তিগত প্ৰগতি হস্পিটেলৰ ICU লৈ স্থানান্তৰিত কৰিলে চিকিৎসাৰ ব্যয় তেওঁলোকে বহন কৰিব নোৱাৰে!
“চাহা ডিব্ৰুগড়লৈ পঠাই দিয়া ।ব্যক্তিগত চিকিৎসালয়ৰ খৰচ তেওঁলোকে বহন কৰিব নোৱাৰিব চাগে।কিন্তু এইটোও ঠিক এদিন বা দুদিন ভেণ্টিলেচন দিলে তেওঁৰ সম্পূৰ্ণ আৰোগ্য হব।”
“তথাপি তুমি সুধি চাবা।এদিন বা দুদিনৰ খৰচ বহন কৰিব পাৰিলে মোক কবা।”
“সিহঁতে নোৱাৰে বুলি কৈছে।”
ৰাতিপুৱাই মনটো সেমেকি গল।মোৰ দৃঢ় বিশ্বাস আছিল সুনীতা আৰোগ্য হবই।কিন্তু মই অপৰাগ।সম্পূৰ্ণ আৰোগ্য হব পৰা এগৰাকী ২৬ বছৰীয়া তিৰোতাৰ মৃত্যু হব একমাত্ৰ অৰ্থৰ অভাৱত।তাতকৈ লজ্জাজনক কথা কিবা আছেনে?হয় তেওঁলোকে ভুল কৰিছে।বহুত দেৰিকৈ হস্পিটেল আহি পাইছিল।কলা শংখচূড় সাপৰ বিহে মাংসপেশীবোৰ অৱশ কৰাৰ পাছতহে এন্টিভেনম বেজীবোৰ পৰিছে।এনে পৰ্য্যায়ত এণ্টিভেনম বেজীবোৰৰ লগতে কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থা কৰিব লাগিব।
অলপ দেৰিৰ পাছত ডাক্তৰ জয় প্ৰকাশ চাহাৰ ফোন আহিল-
“দাদা তেওঁলোক আপোনাৰ ওচৰলৈ গৈ আছে।”
“ঠিক আছে,তুমি এম্বো বেগেৰে পৰিয়ালৰ কাৰোবাক মাস্কটো মুখত লগাই অক্সিজেন হাওঁফাওঁলৈ ঠেলি দি দি হে স্থানান্তৰিত কৰিব।লগতে দৰৱ কিছুও দি পঠাবা।”
ডাক্তৰ চাহাৰ ফোন পাই মনটো ভাল লাগি গল।
শ্ৰীমতীক কলো
“কিবা এটা দিয়া।হস্পিটেল যাও।”
এম্বুলেঞ্চৰ চালক জাকিৰেও সুনীতাৰ স্বাস্থ্যৰ অৱনতিৰ কথা অনুধাৱন কৰি প্ৰায় ৪০ মিনিটতে শিৱসাগৰৰ প্ৰগতি হস্পিটেল আহি পায়।
সুনীতাৰ কাৰণে আমিও ৰৈ আছিল।এম্বুলেঞ্চতে আলেঙে আলেঙে সুনীতাৰ স্বাস্থ্যৰ অৱস্থাটো প্ৰত্যক্ষ কৰি মনটো চিৰিং কৰি যায়।এইয়া মই কি কৰিলোঁ?
সুনীতা সম্পূৰ্ণৰূপে অজ্ঞান হৈ আছিল।এক মিনিটত ৪-৫ বাৰ মানহে উশাহ লৈছিল।এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে এক মিনিটত ১০-১২ বাৰমান উশাহ লয়।মানে সুনীতাৰ উশাহ টনা ক্ষমতা লাহে লাহে কমি গৈছিল আৰু সম্ভৱ ৫-১০ মিনিটৰ পাছত তাইৰ উশাহ বন্ধ হল হেঁতেন।সৌভাগ্যক্ৰমে হৃদপিণ্ডৰ ঢপ- ঢপনি ঠিকেই আছিল।অৰ্থাৎ ৰোগীৰ আত্মীয়ই আম্বো বেগেৰে মাস্কৰ সহযোগত অক্সিজেন হাওঁফাওঁলৈ ঠেলি দিয়াৰ বাবেহে সুনীতা যেনে-তেনে আমাৰ ওচৰলৈ আহি পাইছিল।
যি কি নহওঁক এম্বুলেঞ্চৰপৰা তৎক্ষণাৎ ICU লৈ স্থানান্তৰিত কৰিব কৈ মই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ বাবে সাজু হৈছিলোঁ।
সুনিতাৰ এই অৱস্থাৰ পৰা আমি তাইক সুস্থ কৰিব পাৰিম নে?কম খৰছত যিমান পাৰে সোনকালে তাইৰ ভেণ্টিলেচন আঁতৰাব লাগিব।তেওঁলোক কেও কিছু নোহোৱা মানুহ।হাজাৰ টকা খৰচ কৰিবলৈ তেওঁলোকে দহ বাৰ ভাবিব লাগিব।আমি যেন এক অসম্ভৱ কাম এটাৰ কাৰণে আগবাঢ়ি গৈছিলো।আমি জয়ী হবই লাগিব।জয়ী হব লাগিব ন্যূনতম খৰছত? আমি পাৰিম নে? ভেণ্টিলেচনৰ কাৰণে যা-যোগাৰ কৰি থাকোঁতে এনেধৰণৰ চিন্তাবোৰ পাগুলি আছিলোঁ।
কিছুদিনৰ আগতে শিৱসাগৰৰ ভৰালী চশমাৰ দোকানৰ স্বতাধিকাৰী শ্ৰী মান সঞ্জীৱ ভৰালী ডাঙৰীয়াই দুখীয়া ৰোগীৰ সহায় হোৱাকৈ ২০ টা এন্টিভেনম বেজী আমাক কিনি উপহাৰ দিছিল।এটা বেজীৰ দাম টেক্স আদি ধৰি প্ৰায় ৬৫০ টকা হব। যিহেতু ডাক্তৰ চাহাই ইতিমধ্যে ২০ টা বেজী দিছিলেই,সেইবাবে মই ভৰালী ডাঙৰীয়াই আমাক দিয়া ২০টা বেজীৰ ভিতৰত আৰু ১০ টা এন্টিভেনম বেজী তেওঁক প্ৰয়োগ কৰোঁ।আত্মীয়সকলৰ প্ৰায় ৬৫০০ টকা ৰাহি হয়। তেওঁলোকক কিছু সকাহ দিয়াৰ কৃতিত্ব ভৰালী অপ্তিকেলৰ।প্ৰগতি হস্পিটেলৰ স্বাস্থ্যকৰ্মী সকলেও তেওঁলোকক পাৰ্য্যমনে সহায় কৰিব চেষ্টা কৰিছিল।
ন্যূনতম দৰৱ-পাতিৰে সুনীতাক চিকিৎসা কৰা হয়।বিগত কিছু বছৰত দৰৱ,কেনুলা আদিৰ চৰা দামে আমাক আচৰিত কৰিছিল।কেতিয়াও আমি এইবোৰ মন কৰা নাছিলোঁ।কিন্তু সুনীতাৰ পৰিয়ালবৰ্গক খৰচ কমাবলৈ দামবোৰ চাওঁতে আমাৰ চকু কপালত উঠে।কেইদিনমানৰ আগতে কেণুলা এটাৰ দাম মাত্ৰ ১০০ টকা আছিল,আজি ২২৫ টকা, কেইদিনমান আগলৈকে ড্ৰিপছেট (চেলাইনৰ পাইপ) ডালৰ দাম ৫০ টকা আছিল আৰু আজি ১৫০ টকা!কেইদিন মানৰ আগলৈকে কেথেটাৰ(পেচাবৰ পাইপ) আৰু বেগডালৰ দাম ২০০ টকা মানহে আছিল আজি ৫৫০ টকা!কেইদিনমানৰ আগতে এন্টিভেনম বেজী কেইটাৰ দাম ৪৫০ টকাহে আছিল,আজি ৬২০টকা।অৰ্থাৎ এদিনতে তেওঁলোকৰ বহুত টকা খৰচ হোৱাৰ অৱকাশ আছে।
নাই কিবা কৰি হলেও ভেণ্টিলেচন আঁতৰাবই লাগিব।কিন্তু কেনেকৈ?বিভিন্ন দৰৱ-পাতি প্ৰয়োগ কৰা হয়।দুপৰীয়া প্ৰায় ৩ মান বজাৰ পৰা সুনীতাৰ জ্ঞান ঘূৰি আহে আৰু লাহে লাহে নিজে চকু মেলিব পৰা হয়।আমি দিয়া আদেশবোৰৰ প্ৰত্যুত্তৰ দিব পৰা হয়।তথাপি অন্তত: আৰু কিছু ঘণ্টা ভেণ্টিলেচন দিব লাগিব।কিন্তু তেওঁলোকৰ যে টকা-পইচা নাই?
ব্যক্তিগত চিকিৎসালয় এখনত চিকিৎসা গ্ৰহণ কৰিলে সাধাৰণতে ৰোগীৰ আত্মীয়ই তিনিটা বিল পৰিশোধ কৰিব লাগে।এটা হস্পিটেলৰ,এটা লেৱটেৰীৰ,(তেজৰ পৰীক্ষা,এক্সৰে,আল্ট্ৰাচনগ্ৰাফী আদি) আৰু এটা ডাক্তৰৰ।ডাক্তৰৰ বিল একেবাৰে সৰ্বনিম্ন হয়।যেন পাহাৰ এখনৰ ওচৰত এটা উট(ডাক্তৰৰ বিল),কিন্তু আমাৰ ৰাইজ আৰু সমাজে বৰ্ধিত বিলৰ বাবে ডাক্তৰসকলকহে দোষাৰোপ কৰে।বিভিন্ন বিশেষণেৰে বিভূষিত কৰে।
হস্পিটেলৰ কৰ্তৃপক্ষক অনুৰোধ কৰিলে তেওঁ কিছু ৰেহাই দিব,ডাক্তৰৰ বিলো শূন্য কৰিব পৰা যাব।কিন্তু দৰৱৰ বিলে দেখোন তেওঁলোকক কোঙা কৰিব?
সুনীতা আৰোগ্য হব আৰম্ভ কৰিছিল।এনে অৱস্থাত তেওঁক চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰিত কৰি থাকিলে তেওঁৰ আকৌ স্বাস্থ্যৰ অৱনতি হোৱাৰ অৱকাশ থাকে।
কি কৰা যায়? ভেণ্টিলেটৰ মেচিন আৰু সুনীতালৈ ভেবা লাগি চাই থাকিলো।একমাত্ৰ অৰ্থৰ ওচৰত এনেদৰে হাৰ মনিব নোৱাৰি।কিবা এটা কৰিব লাগিব।কিন্তু কি কৰা যায়। প্ৰট’কল মতে অন্ততঃ আৰু এদিন মান ভেণ্টীলেচন দিব লাগিব।কিন্তু আত্মীয়ই আৰু এদিনৰ খৰচ বহন কৰিব নোৱাৰে।এইবোৰ ভাবি ভাবি ভেণ্টিলেচন মেচিনটোৰ নকৰিবলগীয়া কিছুমান চেটিং সলনি কৰি দিও।ৰোগীৰ স্বাৰ্থত আকৌ যেন প্ৰট’কলবোৰ জলাঞ্জলি দিয়া হয়।এতিয়া মাথোঁ অপেক্ষা।
সম্ভৱ আমাৰ চেটিংবাৰে কাম কৰিব আৰম্ভ কৰিছিল। সুনীতাৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি হয় আৰু কিছু সময়ত পাছত আবেলি প্ৰায় ৫ মান বজাত,৯ ঘণ্টাৰ পাছত ভেণ্টিলেচন খুলি দিয়া হয়।বিষাক্ত শংখচূড় সাপৰ দংশনত ৯ ঘণ্টাতে ভেণ্টিলেচন খুলিব পৰাতো একেবাৰে বিৰল ঘটনা।সাধাৰণতে ২-৩ দিন প্ৰায়ে লাগি যায়।কিন্তু সুনীতাৰ আত্মীয়ৰ আৰ্থিক দীনতা আমাৰ কাৰণে আশীৰ্বাদ হৈছিল। সুনীতাৰ ঘটনাই আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল।এই সুযোগতে আমিও বহু কথা শিকিলোঁ।
লাহে লাহে তাই পানী খাব পৰিছিল। ভেণ্টিলেচন খুলি দিয়াৰ পাছত কিছু সময়লৈ সুনীতাৰ অলপ উশাহ লবলৈ অসুবিধা হৈছিল কিন্তু আমাৰ স্বাস্থ্যকৰ্মীসকলৰ অশেষ চেষ্টাত সুনীতা আৰোগ্য হৈছিল।যিহেতু সুনীতাক কিছু শক্তিশালী দামী এণ্টিবাঅ’টিক বেজী দিব লাগিব সেইবাবে পিছদিনা ৰাতিপুৱাই ৭ বজাত সুনীতাক ডিমৌ হস্পিটেললৈ স্থানান্তৰিত কৰা হয়।ডিমৌ গ্ৰাম্য চিকিৎসালয়ত এই বেজীবোৰ অসম চৰকাৰে ৰাইজক বিনামূল্যে যোগান দিছে।পাঁচ দিনৰ পাছত সুনীতাক সম্পূৰ্ণ সুস্থ অৱস্থাত হস্পিটেলৰপৰা ছুটী দিয়া হয়।
সুনীতাক ভেন্টিলেচন প্ৰয়োজন নহল হেঁতেন,কিন্তু তেওঁলোক দেৰিকৈ হস্পিটেল অহা বাবে এন্টিভেনম বেজী আদি দেৰিকৈ পৰিল আৰু কালক্ৰমত তেওঁক এণ্টিভেনম বেজীবোৰেও কাম নকৰাৰ বাবে ভেণ্টীলেচনৰ প্ৰয়োজন হৈছিল,যিটো আমি বাধা দিব পাৰিলো হেঁতেন।অৰ্থাৎ তেওঁলোকৰ আৰু তেওঁলোকৰ সমাজৰ সজাগতাৰ অভাৱ আছিল;কিন্তু সেইবুলি আৰু আৰ্থিক সমস্যাৰ কাৰণে সৰ্প দংশনৰ পাছত আমাৰ ৰাইজ মৰিয়েই থাকিব নেকি?এনেকুৱা ৰোগীৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ ভৰালীৰ দৰে কোনোবা এজন আগবাঢ়ি আহিবনে?
অসম চৰকাৰ আৰু আমি মিলি-জুলি অসমত সৰ্প দংশনৰ সূচল চিকিৎসাৰ বাবে চেষ্টা কৰি আছোঁ।আমাক কিছুদিন লাগিব।যেতিয়ালৈকে আমি আমাৰ ইপ্সিত লক্ষ্যত উপনীত নহওঁ,তেতিয়ালৈকে আমাৰ প্ৰত্যেকখন জিলাৰ ধনাঢ্য
ব্যক্তি,ৰাইজ,বিভিন্ন বেচৰকাৰী সংগঠন বা বিভিন্ন ক্লাব আদিক শিৱসাগৰৰ ভৰালী অপটিকেলৰ শ্ৰীমান সঞ্জীৱ ভৰালী ডাঙৰীয়াৰ দৰে এখোজ আগ বাঢ়ি আহিবলৈ অনুৰোধ কৰিলোঁ।
মনত ৰাখিব অসমৰ বিষাক্ত সাপৰ দংশনত ICU,ভেণ্টিলেচন আদি নালাগে,যদিহে আমি দংশনৰ পাছত তৎক্ষণাৎ হস্পিটেলত ভৰ্তি হৈ ২৪ ঘণ্টা পৰ্যবেক্ষণত থাকো।বিষাক্ত সাপৰ দংশনৰ প্ৰাৰম্ভিক লক্ষণতে সঠিক দৰৱ-পাতি সঠিক সময়ত প্ৰয়োগ কৰিলে ICU ৰ প্ৰয়োজনীয়তা নাই।সুনীতা সোণাৰি হস্পিটেলতে আৰোগ্য হল হেঁতেন,যদিহে দৰৱবোৰ ৰাতি ১ মান বজাত দিব পাৰিলো হেঁতেন,যিটো সময়ত তেওঁৰ প্ৰথম লক্ষণ দেখা দিছিল।কিন্তু সেই সময়ত তেওঁ তেওঁৰ ঘৰতহে আছিল।
আপুনি আপোনাৰ আত্মীয়ক সৰ্প দংশনৰ পাছত বা কিবা এটাই কামোৰাৰ পাছত বেজ- বেজালি কৰি সোণালী সুযোগবোৰ অপচয় কৰি ICUত ভৰাব নে তৎক্ষণাৎ আহি গ্ৰাম্য বা জিলা চিকিৎসালয়ত ভৰ্তি হৈ পৰ্যবক্ষণত থাকি কোনো আৰ্থিক সমস্যা নোহোৱাকৈ হাঁহি মুখেৰে বিদায় লব,সেয়া আপোনালোকলৈলৈ থলো।
সুনীতাৰ হাঁহিৰ শ্ৰেয়-
১)ডাক্তৰ জয় প্ৰকাশ চাহা।
২)সোণাৰি জিলা চিকিৎসালয়ত কৰ্মৰত স্বাস্থ্য কৰ্মীসকল।
৩)এম্বুলেঞ্চৰ চালক জাকিৰ।
৪)প্ৰগতি হস্পিটেলৰ সকলো স্বাস্থ্যকৰ্মীসকলৰ লগতে স্বত্বাধিকাৰী।
৫)শ্ৰীমান সঞ্জীৱ ভৰালী।
৬)সদৌ শেষত ডিমৌ হস্পিটেলৰ স্বাস্থ্যকৰ্মীসকল।
এক সন্মিলিত প্ৰয়াসেৰে আমি অসম্ভৱক সম্ভৱ কৰিলো।
অদূৰ ভৱিষ্যতে অসমত সৰ্প দংশনত শূন্য মৃত্যু সম্ভৱ হব যেন মনে ধৰে।
আমি আশাবাদী।