“গছ থালিলেহে মানুহ থাকিব” মন্ত্ৰেৰে তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গছপুলি ৰোপণ অভিযান

বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শতাধিক গছপুলি ৰোপণ

0 48

শতাব্দ ষ্টাফ ৰিপ’টাৰ, ২৭ আগষ্ট :গছ থাকিলেহে মানুহ থাকিব – এই মন্ত্ৰেৰে আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই তেজপুৰৰ ঐতিহাসিক গড়, দৌলৰ সন্মুখৰ লগতে পৰ্বতীয়াৰ পৰা তৰাজান কুমাৰ গাঁও সংযোগী পথৰ দুয়োকাষে শতাধিক গছপুলি ৰোপণেৰে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলাৰ লগতে সৰ্বত্ৰ প্ৰাকৃতিক ভাৰসাম্য হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ পিছত এতিয়া চৌদিশ সেউজীয়া কৰি তোলাৰ বাহিৰে আন কোনো বিকল্প ব্যৱস্থা নোহোৱা হৈ পৰাৰ সময়ত সকলো লোকে যাতে খালী হৈ থকা মাটি ডোখৰত এটাকৈ হ’লেও গছপুলি ৰোপণ কৰি ইয়াক সঠিক ভাৱে প্ৰতিপালন কৰি একোজোপা বৃক্ষলৈ পৰিণত কৰি অক্সিজেন প্ৰদানত সহায়ক কৰি তোলে তাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই আজি এই কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত স্হানীয় ৰাইজৰ লগতে বিশিষ্ট ব্যক্তি সকলেও অংশ গ্ৰহণ কৰি এই মহৎ প্ৰচেষ্টাৰ অংশীদাৰ হৈ পৰা দেখা যায়। উল্লেখ্য যে, ধূপ – চাকি জ্বলাই এক মাংগলিক পৰিৱেশত এই গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰাৰ পিছত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ বিষয়ববীয়া সকলৰ সৈতে এই কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়াই ক্ৰমে ৰাজ্যখনৰ বিশিষ্ট বিহুৱা জয়ন্ত সোণোৱাল, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ, পৰ্বতীয়া জিলা পৰিষদৰ সদস্যা স্বপ্না বনীয়া, মাজগাঁও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা আদিয়ে। এই কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি দ্বীপেন কুমাৰ শইকীয়াই সাংবাদিকৰ মন্তব্য কৰে যে, আগন্তুক সময়তো খালি হৈ থকা সকলো অঞ্চলত ঐক্য মঞ্চই গছপুলি ৰোপণ কৰি সেই সমূহ প্ৰতিপালনৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More